নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঁচ বছৰত বন্ধন বেংকৰ শাখা ৪,৫৫৯টালৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ বন্ধন বেংকে আজি বিত্তীয় বর্ষ ২০২০–২১ৰ প্রথম ত্রৈমাসিকৰ ফলাফল ঘোষণা কৰিছে৷ সেই অনুসৰি ২৪.৯৯ শতাংশ বিকাশেৰে বেংকটোৰ বর্ষভিত্তিক অংক হৈছেগৈ ১,৩৪,৯৪১ কোটি টকা৷ ২০১৫–১৬ চনত বেংকটোৱে সেৱা আৰম্ভ কৰিছিল আৰু এই বর্ষৰ আগষ্টত প্রতিষ্ঠানটোৰ ৫ বছৰ সম্পূর্ণ হ’ব৷ মাত্র ৫ বছৰতে বেংকটোৰ শাখাৰ সংখ্যা হৈছেগৈ ৪,৫৫৯৷ ইয়াৰ জৰিয়তে প্রতিষ্ঠানটোৰ ২.০৩ কোটি গ্রাহকক সেৱা আগবঢ়োৱা হৈছে৷ বন্ধন বেংকত কর্মৰত মুঠ কর্মচাৰীৰ সংখ্যা হৈছে ৪১,৫৬৩৷

বিগত বর্ষৰ ত্রৈমাসিকৰ তুলনাত বেংকটোৰ সঞ্চয়ৰ বহীৰ পৰিমাণ ৩৫.৩০ শতাংশ বৃদ্ধি হৈছে৷ বর্তমান মুঠ সঞ্চয়ৰ পৰিমাণ হৈছে ৬০,৬১০ কোটি টকা৷ বর্ষৰ ভিত্তিত কাৰেণ্ট একাউণ্ট, সঞ্চয় একাউণ্ট (চি এ এছ এ) ৪৭.৩০ শতাংশ বৃদ্ধি হৈ ২২,৪৭৩ কোটি টকা হৈছেগৈ আৰু সামগ্রিক সঞ্চয় বহীৰ ভিত্তিত চি এ এছ এ হাৰ হৈছে ৩৭.০৮ শতাংশ৷ অগ্রিম বহীত বিগত বর্ষৰ এই ত্রৈমাসিকৰ তুলনাত বেংকটোৰ ১৭.৬৮ শতাংশ বিকাশ ঘটিছে৷ বর্তমান মুঠ আগধনৰ পৰিমাণ হৈছে ৭৪,৩৩১ টকা৷ বেংকটোৰ মুঠ এন পি এৰ পৰিমাণ হৈছে ৭৪,৩৩১ টকা, ই ঋণবহীৰ মান প্রতিপন্ন কৰিছে৷

এই সন্দর্ভত এম ডি তথা মুখ্য কার্যবাহী বিষয়া চন্দ্রশেখৰ ঘোষে কয়– ‘সমগ্র ত্রৈমাসিকত দেশ লকডাউনৰ অধীনত আছে৷ এই সময়ছোৱাত চৰকাৰ আৰু স্থানীয় প্রশাসনৰ সকলো নির্দেশনা মানি চলি আমাৰ শাখা কার্যকৰী হৈ আছে৷ প্রত্যাহ্বানজনক সময়তো আমি আমাৰ গ্রাহকক অবিৰত সেৱা প্রদান কৰিছোঁ৷ আমাৰ ওপৰত বিশ্বাস অটুট ৰখাৰ বাবে আমি গ্রাহক, শুভাকাংক্ষী আৰু অংশীদাৰসকলৰ প্রতি কৃতজ্ঞ৷’

You might also like