নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২.৫ কোটি কৃষকলৈ ২ লাখ কোটিৰ ঋণ

নিয়মীয়া বাৰ্তা, ১৫ মে’ : বিত্তমন্ত্রী সীতাৰমণে ঘোষণা কৰে যে কেন্দ্রই ২.৫ কোটি কৃষকক ঋণ প্রদানৰ বাবে ২ লাখ কোটি টকা আবণ্টন দিব ৷ কিষাণ ক্রেডিট কার্ডৰ জৰিয়তে এই ঋণ কম সুদত প্রদান কৰা হ’ব ৷ মৎস্যজীৱী আৰু পশুপালকসকলেও এই ঋণ গ্রহণ কৰিব পাৰিব ৷ আনহাতে, নাবার্ডৰ জৰিয়তে কৃষকসকলক ৩০ হাজাৰ কোটি টকাৰ অতিৰিক্ত মূলধন পুঁজি যোগানৰ কথাও বিত্তমন্ত্রীগৰাকীয়ে ঘোষণা কৰে ৷ ইপিনে দেশৰ ৫০ লাখ পদপথৰ ব্যৱসায়ীৰ সহায়ৰ বাবেও পদক্ষেপ লৈছে চৰকাৰে৷ সেই অনুসৰি এনে ব্যৱসায়ীয়ে মূলধন হিচাপে ১০ হাজাৰ টকাৰ সহজ ঋণ লাভ কৰিব ৷ এই আঁচনিত ৫,০০০ কোটি টকা ধার্য কৰা হৈছে৷ সেইদৰে মুদ্রা–শিশু ঋণৰ জৰিয়তে ক্ষুদ্র ব্যৱসায়ীসকলে লাভ কৰিব বিশেষ সুবিধা ৷ সীতাৰমণে কয় যে লকডাউনৰ সময়ত ক্ষুদ্র ব্যৱসায়ীসকলে ঋণৰ সুদ পৰিশোধ কৰিবলৈ সক্ষম হোৱা নাই৷ তেওঁলোকক ১২ মাহৰ বাবে ২ শতাংশ সুদ ৰেহাই দিব চৰকাৰে, যাৰ বাবে ৰাজকোষৰ ১,৫০০ কোটি টকা ব্যয় হ’ব ৷ সীতাৰমণে ঘোষণা কৰে যে নিয়োগ সৃষ্টিৰ বাবে চৰকাৰে কম্পেনচেটৰী এফ’ৰষ্টেচন মেনেজমেণ্ট এণ্ড প্লেনিং অথ’ৰিটী (কাম্পা) নিধিৰ জৰিয়তে ৬ হাজাৰ কোটি টকা বিনিয়োগ কৰিব ৷

You might also like