নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮ কোটি প্রব্রজনকাৰী শ্রমিকক দুমাহৰ বাবে চৰকাৰৰ বিনামূলীয়া খাদ্যশস্য

২০ লাখ কোটিৰ পেকেজ দ্বিতীয় অংশ ঘোষণা সীতাৰমণৰ

নিয়মীয়া বাৰ্তা, ১৫ মে’ : ক’ভিড–১৯ লকডাউনৰ ক্ষয়–ক্ষতিৰ পৰা পৰিত্রাণৰ বাবে কৃষক আৰু প্রব্রজনকাৰী শ্রমিকৰ লগতে ক্ষুদ্র ব্যৱসায়ী, পদপথৰ ব্যৱসায়ী আৰু স্বনিয়োজিত লোকক সহায় কৰিবলৈ কেন্দ্রীয় চৰকাৰে কেতবোৰ পদক্ষেপ গ্রহণ কৰিছে ৷ আত্মনির্ভৰ ভাৰতৰ ২০ লাখ কোটিৰ আর্থিক পেকেজৰ অধীনত কেন্দ্রই ল’ব লগা বিভিন্ন পদক্ষেপৰ  বৃহস্পতিবাৰে দ্বিতীয়টো অংশ বিস্তৃতভাৱে উপস্থাপন কৰে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে ৷ বিত্ত দপ্তৰৰ ৰাজ্যিক মন্ত্রী অনুৰাগ সিং ঠাকুৰৰ উপস্থিতিত এখন সংবাদ মেল সম্বোধন কৰি সীতাৰমণে কয় যে প্রব্রজনকাৰী শ্রমিকসকলৰ দুর্দশাৰ কথা চৰকাৰে আন্তৰিকতাৰে উপলব্ধি কৰিছে আৰু তেওঁলোকক সকাহ দিয়াৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে ৷ আবদ্ধ প্রব্রজনকাৰী শ্রমিকক খাদ্য–শস্য যোগান ধৰাৰ উপৰি শীঘ্রে এক দেশ এক ৰেচন আঁচনি আৰম্ভ কৰাৰ কথা ঘোষণা কৰে৷ ইয়াৰ জৰিয়তে যিকোনো ৰাজ্যতে একেখন ৰেচন কার্ডেৰে সুলভ মূল্যৰ খাদ্য–শস্য আহৰণ কৰিব পাৰিব প্রব্রজনকাৰী শ্রমিকসকলে৷ উল্লেখ্য যে লকডাউনৰ সময়ত প্রব্রজনকাৰী শ্রমিকৰ দুর্দশাই সমগ্র দেশৰে দৃষ্টি আকর্ষণ কৰাৰ লগতে আন্তঃৰাষ্ট্রীয় সংবাদ মাধ্যমতো এই বিষয়ে ব্যাপকভাৱে প্রচাৰ হৈছে ৷

উল্লেখ্য যে মঙলবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আত্মনির্ভৰ ভাৰতৰ বাবে ২০ লাখ কোটি টকাৰ আর্থিক পেকেজ ঘোষণা কৰাৰ পাছত ইয়াৰ অধীনত ল’বলগীয়া পদক্ষেপসমূহৰ প্রথমটো অংশ বুধবাৰৰ সংবাদ মেলত বিত্তমন্ত্রী সীতাৰমণে প্রকাশ কৰিছিল৷ প্রথমটো অংশত অতি ক্ষুদ্র, ক্ষুদ্র আৰু মজলীয়া উদ্যোগৰ ওপৰত প্রধান গুৰুত্ব আৰোপ কৰাৰ বিপৰীতে আজি কৃষক আৰু প্রব্রজনকাৰী শ্রমিকৰ ওপৰত গুৰুত্ব দিয়া হয়৷ আজি বিত্তমন্ত্রীয়ে মুঠতে ৯টা পদক্ষেপৰ কথা ঘোষণা কৰে৷ তেওঁ কয় যে প্রব্রজনকাৰী শ্রমিকৰ খাদ্য–শস্যৰ বাবে কেন্দ্রই ৩.১৬ লাখ কোটি টকাৰ এখন আঁচনি গ্রহণ কৰিছে৷ বর্তমান দেশত ৮ কোটি প্রব্রজনকাৰী শ্রমিক আছে৷ বিভিন্ন ৰাজ্যত থকা এই প্রব্রজনকাৰী শ্রমিকসকলক দুমাহৰ বাবে প্রতিমাহে ৫ কেজি চাউল বা আটা আৰু এক কিলো দাইল বিনামূলীয়াকৈ দিয়া হ’ব৷ এই সামগ্রীসমূহ সঠিকভাৱে বিতৰণৰ দায়িত্ব ল’ব লাগিব ৰাজ্য চৰকাৰসমূহে৷ সেইদৰে নিজৰ ৰাজ্যত থকা প্রব্রজনকাৰী শ্রমিকক চিনাক্ত কৰাৰ দায়িত্বও ল’ব লাগিব সংশ্লিষ্ট ৰাজ্য চৰকাৰখনে৷ আনহাতে, প্রব্রজিত শ্রমিকক সহায় কৰাৰ বাবে ৰাজ্য চৰকাৰসমূহে কেন্দ্রই ১১ হাজাৰ কোটি টকা প্রদান কৰা বুলিও তেওঁ জানিবলৈ দিয়ে৷ সীতাৰমণে কয় যে এম এনৰেগাৰ অধীনত মাত্র ৪৩ দিনৰ ভিতৰতে শ্রমিকক দিয়া হৈছে ১০ হাজাৰ কোটি টকা৷ ইতিমধ্যে এম এনৰেগাৰ মজুৰি বৃদ্ধি কৰা হৈছে ২০২ টকালৈ ৷ যিসকল প্রব্রজিত শ্রমিক স্বৰাজ্যলৈ ঘূৰি গৈছে, তেওঁলোকক যাতে এম এনৰেগাৰ কামত নিয়োগ কৰিব পাৰি, তাৰ বাবেও যথোচিত ব্যৱস্থা গ্রহণ কৰা বুলি জানিবলৈ দিয়ে ৷

সীতাৰমণে কয় যে আন্তঃৰাজ্যিক প্রব্রজিত শ্রমিকক চৰকাৰী সুবিধা সঠিকভাৱে প্রদান কৰাৰ বাবে ইয়াৰে এক উত্তম সংজ্ঞাৰ প্রয়োজন আহি পৰিছে৷ ইয়াৰ জৰিয়তে এক দেশ এক ৰেচনৰ লগতে ই এছ আই চিৰ সুবিধা প্রদান কৰাটো সহজ হ’ব৷ আন ৰাজ্যত কামৰ বাবে গৈ প্রব্রজিত পৰিয়ালসমূহ যাতে খাদ্যৰ অনাটনত নপৰে, তাৰ বাবে চলিত বছৰৰ আগষ্টৰ ভিতৰতে এক দেশ এক ৰেচন আঁচনি ২৩খন ৰাজ্যত আৰম্ভ কৰা হ’ব৷ ইয়াৰ জৰিয়তে ৬৭ কোটি লোক উপকৃত হ’ব৷ ২০২১ চনৰ মার্চৰ ভিতৰত বাকী ৰাজ্যসমূহতো এই আঁচনি কার্যকৰী কৰা হ’ব বুলি তেওঁ কয়৷ প্রব্রজনকাৰী শ্রমিকসকলৰ বাবে আশ্রয় শিবিৰৰ ব্যৱস্থা কৰিবলৈ ৰাজ্যসমূহক নির্দেশ দিয়া হৈছে আৰু এইক্ষেত্রত এছ ডি আৰ এফক নিয়োজিত কৰাৰো অনুমতি প্রদান কৰিছে কেন্দ্রই৷ তদুপৰি প্রব্রজনকাৰী আৰু নগৰীয় দৰিদ্রৰ বাবে কম ভাৰাত আৱাসিক অঞ্চল স্থাপনৰ বাবে পদক্ষেপ গ্রহণ কৰাৰ কথাও তেওঁ ঘোষণা কৰে৷ প্রসংগক্রমে তেওঁ উল্লেখ কৰে যে এইপর্যন্ত বিভিন্ন স্থানৰ পৰা ৮০৬খন বিশেষ শ্রমিক ৰে’ল চলাচল কৰিছে আৰু ১০ লাখ প্রব্রজনকাৰী শ্রমিক স্বৰাজ্যলৈ উভতি গৈছে৷

You might also like