নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ ৮৪% পৰিয়ালৰ মাহিলি উপার্জন হ্রাস

নিয়মীয়া বাৰ্তা, ১৬ মে’ : ক’ৰোনা ভাইৰাছ মহামাৰী বা ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধ কৰিবলৈ ২৪ মার্চত দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে লকডাউন ঘোষণা কৰাৰ পাছৰে পৰা ১০ কোটিতকৈ অধিক ভাৰতীয় লোকে হেৰুৱাবলগীয়া হৈছে জীৱিকা ৷ ইয়াৰ পৰৱর্তী মাহটোত ভাৰতৰ ৮৪ শতাংশ পৰিয়ালৰ উপার্জন অভাৱনীয়ভাৱে হ্রাস পাবলৈ ধৰে ৷ উল্লেখনীয় যে লকডাউনৰ ফলত শ্রমজীৱী লোকসকলে কাম হেৰুওৱাৰ লগে লগে তেওঁলোকৰ জীৱনলৈ নামি আহে সংকট ৷ ছিকাগো ছেলছ স্পেছেছ ৰাছষ্টেণ্ডি হার্ট ফৰ ছ’চিয়েল ছেক্টৰ ইন’ভেচনে হার্ট ফৰ ট্রেকিং ইণ্ডিয়ান ইক’নমিক ছিষ্টেমৰ তথ্যৰ বিশ্লেষণ কৰি প্রকাশ কৰা প্রতিবেদনত উল্লেখ কৰা হৈছে এই কথা ৷

উল্লেখনীয় যে এপ্রিল মাহত ভাৰতৰ ২৭খন প্রদেশৰ ওপৰত চলোৱা হৈছিল সমীক্ষা৷ এই দুয়োটা সংস্থাৰ গৱেষকসকলে উল্লেখ কৰা অনুসৰি ভাৰতৰ গ্রামাঞ্চলত ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধী লকডাউনৰ সময়ত পৰিয়ালবোৰ অধিক ক্ষতিৰ সন্মুখীন হৈছে৷ ইফালে, বাণিজ্যিক ক্ষেত্রত আহি পৰিছে চৰম হতাশা৷ লকডাউনৰ সময়ত জনমূৰি আয় অভাৱনীয়ভাৱে হ্রাস পোৱাৰ লগে লগে বহু পৰিয়াল দাৰিদ্র্যৰ কবলত পৰা বুলিও দুয়োটা সংস্থাৰ সমীক্ষাত সদৰী কৰা হৈছে৷ উল্লেখনীয় যে ইয়াৰ পূর্বে চি এম আই ইয়ে প্রকাশ কৰা প্রতিবেদনতো লকডাউনৰ সময়ত দেশৰ কেইবাকোটি লোক জীৱিকাৰ সংকটৰ সন্মুখীন হোৱা বুলি সদৰী কৰা হৈছে৷ বিশেষকৈ লকডাউনৰ সময়ছোৱাত উৎপাদন ক্ষেত্রসমূহ বন্ধ হৈ পৰাৰ লগে লগে ইয়াত নিয়োজিত কেইবাকোটি শ্রমিক তাৎক্ষণিকভাৱে হৈ পৰে কর্মহীন৷ ইয়াৰ প্রভাৱ পৰে দেশৰ ৮৪ শতাংশ পৰিয়ালত৷ লকডাউনৰ সময়ত আটাইতকৈ বেছি ক্ষতিগ্রস্ত ৰাজ্যকেইখন ত্রিপুৰা, ছত্তিশগড়, বিহাৰ, ঝাৰখণ্ড, হাৰিয়ানা বুলি প্রতিবেদনত উল্লেখ কৰা হৈছে৷ ছিকাগোৰ অর্থনীতিবিদ অধ্যাপক মেৰিয়ানে বার্ট্রাণ্ড আৰু চি এম আই ইৰ অর্থনীতিবিদ কৌশিক কৃষ্ণনে উল্লেখ কৰা অনুসৰি বহু পৰিয়ালৰ উপার্জন এই সময়ছোৱাত ৮০ শতাংশতকৈ অধিক হ্রাস পাইছে ৷

You might also like