নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আদিংগিৰিত ড্রাগছসহ এজনক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ ক’ৰোনাকালত মহানগৰীত বৃদ্ধি পাইছে ড্রাগছ সৰবৰাহ৷ কালি সন্ধিয়া মহানগৰীৰ মালিগাঁৱৰ আদিংগিৰি শংকৰদেৱ নগৰত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ ড্রাগছসহ এজন সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ ধৃত ড্রাগছ সৰবৰাহকাৰীজন আদাবাৰী তিনিআলিৰ বিনোদ মেনন বুলি জানিব পৰা গৈছে৷

প্রাপ্ত তথ্য মতে, ধৃত সৰবৰাহকাৰীজনে দীর্ঘদিন ধৰি আদিংগিৰি শংকৰদেৱ নগৰত ড্রাগছৰ বেহা চলাই আহিছে৷ কালি আৰক্ষীয়ে গোপন সূত্রৰ পম খেদি অভিযান চলাই ড্রাগছ সৰবৰাহকাৰীজনক ১.৩৫ মিলিগ্রাম ড্রাগছসহ গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে ঘটনা সন্দর্ভত জালুকবাৰী থানাত এটা গোচৰ ৰুজু কৰি যুৱকজনক সোধা–পোছা অব্যাহত ৰাখিছে৷

উল্লেখ্য যে পূর্বেও ধৃত যুৱকজনে ড্রাগছ সৰবৰাহকাৰী চক্রৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্রেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে৷ ড্রাগছ সৰবৰাহকাৰীজনক আৰক্ষীয়ে  আদালতত হাজিৰ কৰোৱাত কামৰূপ মহানগৰ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতে জে’ল–হাজোতলৈ প্রেৰণ কৰে৷

You might also like