নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভৰলুমুখত জ্বলিল হুণ্ডাইৰ বিলাসী বাহন

নিয়মীয়া বার্তা, ৯ জানুৱাৰীঃভৰলুমুখ আৰক্ষীয়ে জব্দ কৰি সোণাৰাম খেলপথাৰত ৰখাই থোৱা এখন বিলাসী বাহন বুধবাৰে পুৱা দাওদাওকৈ জ্বলি উঠা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

প্রাপ্ত তথ্য মতে, দুদিন পূর্বে দুর্ঘটনাত পতিত হোৱা ডব্লিউ বি–০৬ ই–৫২৬৫ নম্বৰৰ হুণ্ডাই গাড়ীখন আৰক্ষীয়ে সোণাৰাম খেলপথাৰত ৰাখি থৈছিল৷ পুৱা প্রায় ৮.৩০ বজাত হঠাতে গাড়ীখন দাওদাওকৈ জ্বলি উঠে৷ যান–বাহন আৰক্ষী আৰু স্থানীয় কিছু লোকে পানী ঢ়ালি জুই নুমুৱাবলৈ চেষ্টা চলায় যদিও আৰক্ষীৰ সন্মুখতে বাহনখন জ্বলি যায়৷

বাহনখনত কোনো দুর্বৃত্তই অগ্নি সংযোগ কৰিলে নে যান্ত্রিক বিজুতিৰ বাবে জুই লাগিল, সেয়া বর্তমানলৈ জানিব পৰা হোৱা নাই৷ মন কৰিবলগীয়া যে দুদিন পূর্বেও সোণাৰাম খেলপথাৰত ৰখাই থোৱা এখন বাহন জুই লাগি ভস্মীভূত হৈছিল৷

You might also like