নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত কুঁৱাত পৰি এজনৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ মহানগৰীৰ হেঙেৰাবাৰী সংযোগী পথত অঘটন। কুঁৱাত পৰি মৃত্যু মনমোহন হালৈ নামৰ এজন লোকৰ। হেমেন ৰয় নামৰ লোকজনৰ ঘৰত ভাৰাতীয়া হিচাপে আছিল মনমোহন হালৈ। আনহাতে কেনেকৈ কুঁৱাত পৰিলে সেই কথা পোহৰলৈ অহা নাই। আৰক্ষী-SDRF-এ অভিযান চলাই উদ্ধাৰ কৰে লোকজনৰ মৃতদেহ। মৃত লোকজনৰ ঘৰ নলবাৰীত বুলি জানিব পৰা গৈছে।