নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বছৰ বছৰ ধৰি বেদখলকাৰীৰ কবলত মহানগৰীৰ ৫০০ বিঘা চৰকাৰী ভূমি

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ৰাজ্যৰ বিভিন্ন জিলাত বেদখল হৈ থকা চৰকাৰৰ ভূমিৰ সবিশেষ জৰীপ কৰিবলৈ কালি জিলা উপায়ুক্তসকলক কঠোৰ নির্দেশ দিছে৷ তাৰ পাছতেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হৈছে খোদ ৰাজধানী মহানগৰীত শ শ বিঘা চৰকাৰী ভূমি বেদখল হৈ থকাৰ বিস্ফোৰক তথ্য৷ কামৰূপ (ম) জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে এক শপতনামাযোগে ন্যায়ালয়ক এই তথ্য অৱগত কৰিছে৷

উল্লেখ্য যে ২০১৮ চনত এখন আগশাৰীৰ ইংৰাজী দৈনিত কাকতত মহানগৰীৰ ভূমি বেদখল সম্পর্কীয় এক বাতৰি প্রকাশ পাইছিল৷ এই বাতৰিৰ ভিত্তিতে গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাববীয়াকৈ ১০/২০১৮নং ৰাজহুৱা স্বার্থজনিত গোচৰ ৰুজু কৰে৷ পৰৱর্তী সময়ত এই গোচৰৰ কেইবাটাও শুনানি সম্পন্ন হয় আৰু ন্যায়ালয়ে মহানগৰীৰ চৰকাৰী, ৰাজহুৱা খণ্ড, ধর্মীয় অনুষ্ঠান, দাতব্য ন্যাস আদিৰ কিমান ভূমি বেদখল হৈ আছে, তাৰ সবিশেষ তথ্য ন্যায়ালয়ক অৱগত কৰাবলৈ কামৰূপ (ম) জিলা উপায়ুক্তক নির্দেশ দিছে৷ এই নির্দেশৰ পাছতে মহানগৰ জিলা উপায়ুক্তই বেদখল সম্পর্কীয় জৰীপ চলাবলৈ জিলাখনৰ সকলো চক্র বিষয়াৰ সৈতে এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰে৷ ইয়াৰ পৰৱর্তী পর্যায়ত আন আন বিভাগসমূহৰ লগত আন এক বৈঠক অনুষ্ঠিত কৰিও জিলা উপায়ুক্তই বেদখল সন্দর্ভত তথ্য দাখিল কৰিবলৈ নির্দেশ দিয়ে৷

লগতে ধর্মীয় অনুষ্ঠান, দাতব্য ন্যাস আদিলৈও যাৱতীয় তথ্য প্রদানৰ বাবে পত্র প্রেৰণ কৰা হয়৷ সেই অনুসৰি বিভিন্ন চৰকাৰী বিভাগ, সংস্থা, ন্যাস আদিয়ে দাখিল কৰা বেদখলৰ তথ্য শেহতীয়াকৈ এক শপতনামাযোগে কামৰূপ (ম)ৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰে৷ এই শপতনামাত সন্নিৱিষ্ট হৈ আছে মহানগৰীত হৈ থকা বেদখলৰ বহু বিস্ফোৰক তথ্য৷ জিলা উপায়ুক্তগৰাকীয়ে ন্যায়ালয়ক অৱগত কৰোৱা মতে, মহানগৰীৰ খাৰঘুলি পাহাৰত থকা অসম ৰাজ্যিক গৃহ নির্মাণ পৰিষদৰ ২৫০ বিঘা মাটিৰ বিভিন্ন অংশ সম্প্রতি বেদখলকাৰীৰ কবলত আছে৷ কিন্তু বিষয়টো অসম বিধানসভাৰ এখন বিশেষ সমিতিৰ বিচাৰাধীন হৈ থকা বাবে এইক্ষেত্রত কোনো আইনগত ব্যৱস্থা এতিয়ালৈ গ্রহণ কৰা হোৱা নাই৷ একেদৰে চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয়ৰো বহু ভূমি এতিয়াও বেদখল হৈ আছে৷ কিন্তু মহাবিদ্যালয়খনৰ সীমা সঠিকভাৱে নির্ধাৰিত নোহোৱাত বেদখলকাৰীৰ কবলত থকা ভূমিৰ সবিশেষ জৰীপ হোৱা নাই৷ সংশ্লিষ্ট চক্র বিষয়াক যাৱতীয় ব্যৱস্থা গ্রহণ কৰিবলৈ ইতিমধ্যে নির্দেশ দিয়া হৈছে৷ শপতনামাত জিলা উপায়ুক্তগৰাকীয়ে উল্লেখ কৰা অনুসৰি কাহিলিপাৰাত দিব্যাংগ ছাত্র–ছাত্রীৰ বাবে থকা বিদ্যালয়ৰ ২ বিঘা মাটিও সম্প্রতি অবৈধ দখলকাৰীৰ কবলত আছে৷ গড়কাপ্ঢানী বিভাগৰ দিছপুৰ সংমণ্ডলৰ সোণাপুৰ, বৰবাৰী আৰু নাৰেংগীত থকা চৌহদতো বেদখল হৈ থকাৰ কথা সদৰী কৰিছে বিভাগটোৰ কার্যবাহী অভিযন্তাগৰাকীয়ে৷

আনহাতে, মহানগৰীৰ দক্ষিণগাঁৱত থকা ভূ–তত্ত্ব আৰু খনন বিভাগৰ কেইবাবিঘা ভূমিও বহুসংখ্যক লোকে এতিয়ালৈকে বেদখল কৰি থকাৰ তথ্য শপতনামাত উল্লেখ আছে৷ কেৱল সেয়াই নহয়, উলুবাৰীত থকা লোকপ্রিয় গোপীনাথ বৰদলৈ যক্ষ্মা চিকিৎসালয়ৰ ভূমি, লালমাটিত থকা ভৱিষ্যনিধি সংগঠনৰ ১০ বিঘা ভূমিতো বেদখল অব্যাহত আছে৷ লক্ষণীয়ভাৱে গোটানগৰত থকা ভূমি সংৰক্ষণ বিভাগৰ ভূমিত বেদখলকাৰীয়ে পকী দেৱাল গাঁঠি নিজৰ দখললৈ নিছে৷ বশিষ্ঠত থকা জলসম্পদ বিভাগৰ ২৭ বিঘা ভূমিত দীর্ঘদিন ধৰি অবৈধ দখল চলি আছে৷ সাংস্কৃতিক অনুষ্ঠান জ্যোতি চিত্রবন, ধর্মীয় অনুষ্ঠান বশিষ্ঠ দেৱালয়ৰ ভূমিত শতাধিক পৰিয়ালে অবৈধভাৱে বসবাস কৰি আছে৷ মহানগৰীৰ উলুবাৰী, মৈদামগাঁও আদিত থকা কৃষি বিভাগৰ ১৪০ বিঘাৰো অধিক ভূমিত দীর্ঘদিনৰ পৰা বেদখল চলি আছে৷ তদুপৰি পাণবাৰীৰ নেচনেল টেক্সটাইল কর্প’ৰেচনৰ ১৪০ বিঘা মাটিত ৩০৫টা পৰিয়ালৰ বেদখল আছে৷ এয়া মাত্র কেইটামান উদাহৰণহে৷ ইয়াতে প্রায় ৫০০ বিঘা মাটি বেদখলকাৰীৰ কব্জাত থকাৰ তথ্য সন্নিৱিষ্ট হৈ আছে৷ ইয়াৰ বাহিৰেও ন্যায়ালয়ত দাখিল কৰা শপতনামাত জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে উল্লেখ কৰা অনুসৰি, মহানগৰীৰ বহুসংখ্যক পৰিয়ালে চৰকাৰী ভূমিত দিনৰ পাছত দিন ধৰি বসবাস কৰি আছে৷ এনেদৰে চৰকাৰী ভূমিত বাস কৰা পৰিয়ালৰ সংখ্যা কেইবাহাজাৰো হ’ব৷

ইয়াৰে কিছুসংখ্যক পৰিয়ালক চৰকাৰী বিধিৰ মাজেৰে ভূমিস্বত্ব প্রদান কৰা হ’ব৷ একে সময়তে জিলা প্রশাসনে অবৈধ দখলকাৰীৰ বিৰুদ্ধে সময়ে সময়ে উচ্ছেদ অভিযান চলাই আহিছে বুলিও উপায়ুক্তগৰাকীয়ে উল্লেখ কৰে৷

You might also like