নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰঝাৰ বিমানবন্দৰত ছেনিটাইজ নকৰাকৈ ট্র’লী মুকলি

ক’ভিড–১৯ৰ ভয়াৱহ সামাজিক সংক্রমণৰ আশংকা

নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ  উত্তৰ–পূর্বাঞ্চলৰ ব্যৱসায়–বাণিজ্যৰ অন্যতম প্রাণকেন্দ্র হিচাপে পৰিগণিত মহানগৰীলৈ প্রতিদিনে বহিঃৰাজ্যৰ পৰা অহা যথেষ্ট লোকৰ সমাগম ঘটে৷ আন্তঃৰাজ্য কিম্বা আন্তঃজিলা যাতায়াত ব্যৱস্থা মুকলি কৰি দিয়াৰ লগে লগে বাছকে ধৰি ৰে’লপথ তথা আকাশী পথেৰে মানুহৰ আগমন ঘটিছে গুৱাহাটী মহানগৰীলৈ৷ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ ভয়াৱহ গণ সংক্রমণ প্রতিৰোধৰ বাবে বৰঝাৰ বিমানবন্দৰ কর্তৃপক্ষই সা–সামগ্রী কঢ়িওৱাৰ বাবে বিমানবন্দৰটোত ব্যৱহাৰ হৈ থকা ড্র’লীসমূহ লকডাউনৰ সময়ৰে পৰা অইন স্থানত মজুত কৰি ৰাখিছিল৷ শেহতীয়াভাৱে বিগত ২৫ মে’ৰ পৰা আন্তঃৰাজ্যিক বিমান সেৱা মুকলি হোৱাৰ পিছতো বিমান যাত্রীৰ ব্যৱহাৰৰ বাবে ড্র’লীসমূহ উলিয়াই দিয়া নাছিল৷ কিয়নো এই ড্র’লীসমূহ বিভিন্ন মানুহ তথা বিভিন্ন বিমান যাত্রীয়ে ব্যৱহাৰ কৰে৷ ইয়াৰ জৰিয়তে মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সামাজিক সংক্রমণ হ’ব পাৰে বুলিয়েইবৰঝাৰ বিমানবন্দৰ কর্তৃপক্ষই ড্র’লীসমূহ যাত্রীৰ বাবে মুকলি কৰি দিয়া নাছিল যদিও আজি বিমানবন্দৰ কর্তৃপক্ষই ড্র’লীসমূহ পুনৰ ব্যৱহাৰৰ বাবে মুকলি কৰি দিয়াৰ লগে লগে বৰঝাৰ বিমানবন্দৰ চৌহদত এক ভয়াৱহ পৰিস্থিতিয়ে বিৰাজ কৰে৷ বৰঝাৰ বিমানবন্দৰত নিয়োজিত হৈ থকা অধিকাংশ কর্মচাৰীয়ে এই সন্দর্ভত সদৰী কৰা মতে এই ড্র’লীসমূহৰ জৰিয়তে ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ আশংকা বৃদ্ধি পাইছে৷ কিয়নো এই ড্র’লীবোৰ বিভিন্ন স্থানৰ পৰা বিমান যোগে অহা বিমান যাত্রীসকলে ব্যৱহাৰ কৰে৷ ব্যৱহাৰ কৰাৰ পিছত ছেনিটাইজ কৰাৰ কোনো ব্যৱস্থা নাথাকে৷ হাজাৰ হাজাৰ ড্র’লী বিমানবন্দৰ চৌহদত য’তে–ত’তে পৰি থাকে৷ এইবোৰ চকু দিবলৈ বৰঝাৰ বিমানবন্দৰ কর্তৃপক্ষৰ কোনো আহৰি নাই৷ তেনেস্থলত বহিঃৰাজ্যৰ পৰা বিমানযোগে বিমান যাত্রীৰ জৰিয়তে যে অচিৰেই মহানগৰীত ভয়াৱহভাৱে ক’ৰোনা ভাইৰাছৰ সামাজিক সংক্রমণ হোৱাৰ আশংকা বৃদ্ধি পাইছে৷

You might also like