নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড্রাগছৰ ঘাটিত ক্রাইম ব্রাঞ্চৰ অভিযান, পিষ্টলসহ ৮ জনক গ্রেপ্তাৰ খানাপাৰাত

নিয়মীয়া বার্তা, ৬ আগষ্টঃ অসম তথা উত্তৰ–পূবৰ গুৱাহাটী মহানগৰী এতিয়া অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে৷ গুৱাহাটীত বাহৰ পাতি আন্তঃৰাষ্ট্রীয় ড্রাগছ মাফিয়া চক্রই ড্রাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ সমান্তৰালকৈ অস্ত্র সৰবৰাহকাৰী চক্রই বিক্রী কৰি আহিছে অবৈধ মাৰণাস্ত্র৷

ক্রাইম ব্রাঞ্চে লাভ কৰা গোপন তথ্যৰ ভিত্তিত কালি খানাপাৰাৰ ভেটেনাৰী গেটৰ সমীপত অভিযান চলাই এটা পিষ্টলসহ ৮ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ অভিযানকাৰী দলটোৱে ধৃত সৰবৰাহকাৰীকেইটাৰ্ পৰা ৭.৬৫ এম এম এটা পিষ্টল, আঠ জাঁই সক্রিয় গুলী আৰু এ এছ–০১ডি জেড–৮২১৪, এ এছ–০১ ডি এইচ–৯৪০৪ নম্বৰৰ দুখন বিলাসী বাহন জব্দ কৰে৷

ক্রাইম ব্রাঞ্চৰ ডিচিপি বৰুণ পুৰকায়স্থই জানিবলৈ দিয়া মতে, ধৃত সৰবৰাহকাৰীকেইটা ক্রমে গোৱালপাৰাৰ প্রাঞ্জল ৰায় (৩২), ৰিয়াজ আলী (৩১), এলবার্ট খান (৩৪), গুৱাহাটীৰ খ্রীষ্টানবস্তিৰ বিকাশ গগৈ (৩৫), কাছাৰীবস্তিৰ টংকেশ্বৰ দাস (২৪), প্রদীপ ডেকা (৩৮), ভদ্রেশ্বৰ দাস (৫৫) আৰু উত্তৰ লখিমপুৰৰ জিণ্টু আহমেদ (১৯)৷

অস্ত্র সৰবৰাহকাৰীকেইটাই গোৱালপাৰাৰ পৰা গুৱাহাটীত পিষ্টলটো বিক্রী কৰিবলৈ আহিছিল৷ সম্প্রতি ক্রাইম ব্রাঞ্চে ধৃত সৰবৰাহকাৰীকেইটাক মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ আৰক্ষীৰ জেৰাত অবৈধ মাৰণাস্ত্র সৰবৰাহৰ বহু বিস্ফোৰক তথ্য প্রদান কৰিছে৷

You might also like