নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৱর্জনাৰে ভৰি পৰা বাহিনী নৈৰ সোঁত বন্ধ

ধোঁৱাচাঙত পৌৰ নিগমৰ নলা–নর্দমা নিষ্কাশন আঁচনি

নিয়মীয়া বাৰ্তা ২১ ছেপ্টেম্বৰঃ গুৱাহাটী মহানগৰীৰ অন্যতম সমস্যাৰূপে পৰিগণিত হোৱা কৃত্রিম বান নিয়ন্ত্রণৰ বাবে গুৱাহাটী উন্নয়ন কর্তৃপক্ষ তথা গুৱাহাটী পৌৰ নিগমে গ্রহণ কৰা অধিকাংশ আঁচনিৰে সফল ৰূপায়ণ হোৱা নাই৷ ৰাজকোষৰ কোটি কোটি টকা ব্যয় কৰি কৃত্রিম বান নিয়ন্ত্রণৰ বাবে বছৰ বছৰ ধৰি এখনৰ পিছত আনখন আঁচনি গ্রহণ কৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰাৰ লগতে চমক সৃষ্টি কৰি আহিছে যদিও বাস্তৱ ক্ষেত্রত এই আঁচনিসমূহ কার্যকৰী হোৱা নাই৷ ফলত কৃত্রিম বানকে ধৰি বাট–পথেৰে যাতায়াতৰ ক্ষেত্রত মহানগৰবাসী ব্যাপক সমস্যাৰ সন্মুখীন হৈছে৷ বিশেষকৈ সঘনাই সৃষ্টি হোৱা কৃত্রিম বান নিয়ন্ত্রণৰ বাবে জিএমডি আৰু জিএমচিয়ে হাতত লোৱা নলা–নর্দমা নিষ্কাশন আঁচনিৰ সফল ৰূপায়ণ হোৱা নাই বুলি ডাউন টাউনৰ একাংশ বাসিন্দাই অভিযোগ তুলিছে৷ দীর্ঘদিন ধৰি অঞ্চলটোৰে বৈ অহা বাহিনী নৈ নিষ্কাশন নকৰাৰ ফলত আৱর্জনাৰে ভৰি পৰিছে৷ প্লাষ্টিকৰ বটলকে ধৰি কৃত্রিম বানত উটি অহা অন্যান্য আৱর্জনাই বাহিনী নৈখন পুতি পেলোৱাৰ উপক্রম হৈছে৷ বাৰিষাৰ সময়ছোৱাত সৃষ্টি হোৱা ইটোৰ পিছত সিটো কৃত্রিম বানে উটুৱাই অনা আৱর্জনাৰে বাহিনী নৈ ভৰি পৰাত নৈখনৰ পানীৰ সোঁত প্রায় বন্ধ হৈ পৰিছে৷ দীর্ঘদিন ধৰি পানী জমা হৈ থকাত অঞ্চলটোত মহৰ উপদ্রৱ বৃদ্ধি পাইছে৷ তদুপৰি নৈখনেৰে উটি অহা গেলা–পচা আৱর্জনাৰ পৰা নির্গত দুর্গন্ধই অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰিছে৷ উল্লেখ্য যে দীর্ঘদিন ধৰি নলা নিষ্কাশন নকৰাৰ লগতে বাহিনী নৈ পৰিষ্কাৰ নকৰাত এজাক বৰষুণতে ডাউন টাউন, মথুৰা নগৰ, চচল, সৰুমটৰীয়া, ৰুক্মিণী গাঁও আদি অঞ্চলত কৃত্রিম বানে ভয়ংকৰ ৰূপ ধাৰণ কৰা বুলি একাংশ ভুক্তভোগী লোকে জানিবলৈ দিছে৷ কৃত্রিম বানত উটি অহা বোকা–পলসৰ লগতে আৱর্জনাৰে ভৰি পৰা বাহিনী নৈ পৰিষ্কাৰ কৰাৰ বাবে বিভাগীয় কর্তৃপক্ষক ৰাইজে আহ্বান জনাইছে৷

You might also like