নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰাগাঁও ডাম্পিং গ্রাউণ্ডত ৩৫ পশুধন জব্দ

নিয়মীয়া বাৰ্তা ১০ আগষ্টঃ গড়চুকৰ পশ্চিম বৰাগাঁওস্থিত ডাম্পিং গ্রাউণ্ডে সমগ্র অঞ্চলৰ জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই আনিছে৷ ক’ৰোনাৰ সময়ছোৱাত ডাম্পিং গ্রাউণ্ডৰ পেলনীয়া আৱর্জনাৰ দুর্গন্ধই সমগ্র অঞ্চল ছানি ধৰাৰ লগতে কুকুৰ–কাউৰী আৰু গৰুৱে আৱর্জনাবোৰ সিঁচৰতি কৰি অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰিছে৷ পেলনীয়া আৱর্জনা ভক্ষণ কৰি গৰুকেইটাই গৃহস্থৰ ঘৰলৈ বিভিন্ন বেমাৰৰ বীজাণু কঢ়িয়াই অনাৰ সম্ভাৱনাই দেখা দিছে৷ সেয়েহে এইক্ষেত্রত গুৱাহাটী পৌৰ নিগমে বিহিত ব্যৱস্থা গ্রহণ কৰি গো–পালকসকলক নিজৰ নিজৰ গৰুকেইটা ডাম্পিং গ্রাউণ্ডৰ পৰা আঁতৰাই ৰাখিবলৈ আহ্বান জনাই আহিছে৷ ইয়াৰ পাছতো গো–পালকে জিএমচিৰ আহ্বান উলংঘা কৰাত দেওবাৰে গুৱাহাটী পৌৰ নিগমে ৩৫টা গৰু জব্দ কৰে৷ ডাম্পিং গ্রাউণ্ডৰ আৱর্জনাসমূহ ভক্ষণ কৰাৰ লগতে সমগ্র অঞ্চলত সিঁচৰতি কৰি পৰিৱেশ বিনষ্ট কৰাৰ লগতে জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই অনাৰ বাবে গুৱাহাটী পৌৰ নিগমে পশুধনকেইটা আবদ্ধ কৰে৷ সম্প্রতি পশুধনকেইটা গুৱাহাটী পৌৰ নিগমে জালুকবাৰী ‘খোৱাৰ’ত ৰাখিছে৷ খোৱাৰত ৰখা প্রতিটো গৰুৰ বাবদ গৃহস্থই ৫০০ টকা জৰিমনা দিয়াৰ পাছতহে গৰুকেইটা মুকলি কৰি দিয়া হ’ব বুলি পৌৰ নিগমৰ এক সূত্রই জানিবলৈ দিছে৷ যদিহে অহা ৭ দিনৰ ভিতৰত গৃহস্থই নিজৰ গৰু ৫০০ টকা জৰিমনা আদায় দি ঘূৰাই নিনিয়ে তেতিয়াহ’লে জিএমচিয়ে নিলামত বিক্রী কৰিব বুলি জানিবলৈ দিয়ে৷ উল্লেখ্য যে পূর্বেও পৌৰ নিগমে উক্ত ডাম্পিং গ্রাউণ্ডৰ পৰা কেইবাটাও পশুধন জব্দ কৰিছিল৷ ক’ৰোনা কালত পোহনীয়া গৰু ডাম্পিং গ্রাউণ্ডত মুকলি বিচৰণ কৰাক লৈ স্থানীয় লোকে শংকিত হৈ পৰিছে৷ ডাম্পিং গ্রাউণ্ডৰ পৰা পোহনীয়া গৰুৱে পেলনীয়া সামগ্রী ভক্ষণ কৰাৰ লগতে আৱর্জনাসমূহ সিচৰতি কৰি অঞ্চলজুৰি ক’ৰোনাকে ধৰি অন্যান্য ৰোগৰ বীজাণু বিয়পোৱাৰ আশংকা ব্যক্ত কৰিছে৷ সেয়েহে গুৱাহাটী পৌৰ নিগমে ডাম্পিং গ্রাউণ্ডত মুকলিৰ বাবে আৱর্জনা ভক্ষণ কৰা গৰুকেইটা স্থানান্তৰ কৰি আজি জালুকবাৰীস্থিত খোৱাৰলৈ আনি আটক কৰি ৰাখে৷

You might also like