নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰঝাৰ বিমানবন্দৰত দুজাঁই সক্রিয় গুলীসহ অৰুণাচলৰ লোকক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ১৯ ছেপ্টেম্বৰঃ   গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰত ১৭–ছেপ্টেম্বৰৰ পুৱা ইণ্ডিগ’ বিমানেৰে নতুন দিল্লীলৈ যাত্রা কৰাৰ প্রাক্মুহূর্তত বিমানবন্দৰৰ নিৰাপত্তাৰ দায়িত্বত থকা কেন্দ্রীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ (চি আই এছ এফ) লোকে দুজাঁই সক্রিয় গুলীসহ এজন লোকক আটক কৰে৷ আটক কৰা লোকজনক অৰুণাচলৰ পশ্চিম কামেং জিলাৰ চেপাৰ লম্বোডিয়া দেয়ন (৪০) বুলি চিনাক্ত কৰা হৈছে৷ ইফালে, গুলী দুটাৰ এটা .২২ বন্দুক আৰু আন এটা ১২ বৰৰ জন্তু চিকাৰত ব্যৱহূত খাজীমৰা গুলী৷ প্রাপ্ত খবৰ মতে, লম্বোডিয়া দেয়নে দিনৰ ১১বজাত নতুন দিল্লীলৈ যাত্রা কৰাৰ বাবে পুৱা ৮.২৫ বজাত বিমানবন্দৰত উপস্থিত হৈছিল৷ তাৰপাছত বিমানবন্দৰৰ ভিতৰত চি আই এছ এফৰ নিয়মীয়া তালাচীত তেওঁৰ বেগত দুটা সক্রিয় গুলী উদ্ধাৰ হয়৷ এই সন্দর্ভত চি আই এছ এফে বৰঝাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰাত তেওঁৰ বিৰুদ্ধে অস্ত্র আইন ২৫ (১/এ) ধাৰাৰ অধীনত ৫১৯/২০ নম্বৰৰ এটা গোচৰ ৰজু কৰা হয়৷ আনহাতে ধৃত লম্বোডিয়া দেয়নক আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে তেওঁক জে’ল–হাজোতলৈ প্রেৰণৰ কৰে৷

You might also like