নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰেচন কার্ড প্রদানৰ নামত লাখ লাখ টকা সংগ্রহ

প্রতিখন সুলভ মূল্যৰ দোকানৰ পৰা ২০ৰ পৰা ৭০ হাজাৰলৈকে সংগ্রহৰ অভিযোগ

নিয়মীয়া বার্তা, ২৩ ছেপ্টেম্বৰঃ চৰকাৰে ৰাজহুৱা বিতৰণ ব্যৱস্থা (পিডিএছ)ক স্বচ্ছ আৰু নিকা কৰাৰ বাবে আঁচনি গ্রহণ কৰিছে৷ পিডিএছৰ অধীনৰ অত্যাৱশ্যকীয় খাদ্য–সামগ্রী যোগান হিতাধিকাৰীসকলৰ মাজত বিতৰণ ব্যৱস্থা সুনিশ্চিত কৰিবলৈ চৰকাৰে আধুনিকীকৰণৰ যাৱতীয় কাম–কাজ অব্যাহত ৰাখিছে৷ কিন্তু বিভাগটোৰ একাংশ দুর্নীতিগ্রস্ত বিষয়াই ৰাষ্ট্রীয় খাদ্য সুৰক্ষা কার্ড প্রদানৰ নামত লাখ লাখ টকা সংগ্রহ কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷

অভিযোগ অনুসৰি কামৰূপ (ম) জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ একাংশ দুর্নীতিগ্রস্ত বিষয়াই ৰেচন কার্ড প্রদানৰ নামত প্রতিখন সুলভ মূল্যৰ দোকানৰ পৰা ২০ হাজাৰৰ পৰা ৭০ হাজাৰ টকালৈকে সংগ্রহ কৰি আহিছে৷ তথ্য অনুসৰি কামৰূপ (ম) জিলাত মুঠ ৮৩০খন সুলভ মূল্যৰ দোকান আছে৷

এই সুলভ মূল্যৰ দোকানসমূহৰ জৰিয়তে ৰাষ্ট্রীয় খাদ্য সুৰক্ষাৰ কার্ড নতুনকৈ প্রদানৰ নামত প্রতিখন কার্ডৰ বিপৰীতে ৩০০ৰ পৰা ৫০০ টকালৈকে যোগান বিভাগৰ বিষয়াই সুলভ মূল্যৰ দোকানীৰ পৰা সংগ্রহ কৰা অভিযোগ উত্থাপিত হোৱাৰ পাছতে বিভাগটোৰ ভিতৰ চ’ৰাত তীব্র জোকাৰণিৰ সৃষ্টি হৈছে৷ অভিযোগ অনুসৰি গুৱাহাটীৰ পাণ্ডু, মালিগাঁও, জালুকবাৰী, লংকেশ্বৰ, বৰাগাঁও আদি স্থানত থকা সুলভ মূল্যৰ দোকানীৰ পৰা উপ–পৰিদর্শক প্রবীৰ বৰুৱাই নতুন কার্ড প্রদানৰ নামত ধন সংগ্রহ কৰি আহিছে৷

উপ–পৰিদর্শকগৰাক্ নতুনকৈ ৰেচন কার্ড প্রদানৰ নামত ব্যৱসায়ী সুৰেশ সিংহৰ পৰা ৭০ হাজাৰ, অর্জুন কুমাৰৰ পৰা ৩৫ হাজাৰ, জয়ন্ত কুমাৰৰ পৰা ২০ হাজাৰ, দিলীপ দাসৰ পৰা ২০ হাজাৰ, অসীম বণিকৰ পৰা ৪০ হাজাৰ, গীতাৰাণি গুহৰ পৰা ৬০ হাজাৰ টকাকৈ সংগ্রহ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ এয়া মাত্র কেইটামান উদাহৰণহে৷ এনেদৰে বহু সুলভ মূল্যৰ দোকানীৰ পৰা নতুন ৰেচন কার্ড প্রদানৰ নামত লাখ লাখ টকা সংগ্রহ কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে৷

ইফালে, উপ পৰিদর্শক প্রবীৰ বৰুৱাই কামাখ্যা মন্দিৰৰ ওচৰত থকা ধর্মেন্দ্র দাসৰ সুলভ মুল্যৰ দোকানখন পাণ্ডুৰ বৰবজাৰত থকা সুব্রত দে’ দোকানৰ লগত সংলগ্ণ কৰিছিল৷ এই সন্দর্ভত মুখ্যমন্ত্রী আৰু খাদ্য অসামৰিক যোগান বিভাগৰ সঞ্চালকক অভিযোগ দিয়াত যুুটীয়া সঞ্চালক জ্যোতিষ চন্দ্র দাস আৰু উপ–পৰিদর্শক ধীৰাজ দাসক তদন্তৰ দায়িত্ব দিয়ে৷ কিন্তু আজিলৈকে এই তদন্ত প্রক্রিয়া সম্পূর্ণ নোহোৱাৰো অভিযোগ উঠিছে৷

লক্ষণীয় যে ৰাজহুৱা বিতৰণ ব্যৱস্থাক স্বচ্ছ আৰু নিকা কৰাৰ লক্ষ্য লৈ চৰকাৰে পৰিয়াল পৰিচয় পত্র আৰু হিতাধিকাৰী তথ্য ভাণ্ডাৰ ১০০ শতাংশ ডিজিটাইজেচন কৰা প্রক্রিয়া আৰম্ভ কৰিছে৷ ইয়াৰোপৰি প্রতিখন সুলভ মূল্য দোকানৰ স্বয়ংক্রিয়কৰণ আৰু ই–পইণ্ট অব চেল মেচিন সংস্থাপন কৰাৰ বাবে বিভাগটোৰ বিষয়াসকলে যাৱতীয় কাম–কাজ আৰম্ভ কৰিছে৷

খুব কম সময়ৰ ভিতৰতে প্রতিখন সুলভ মূল্যৰ দোকানত ই–পইণ্ট অব চেল মেচিন সংস্থাপন কৰা হ’ব৷ ৰাজহুৱা বিতৰণ ব্যৱস্থাক স্বচ্ছ–নিকা কৰাৰ লক্ষ্যৰে চৰকাৰে আঁচনি গ্রহণ কৰি কাম–কাজ অব্যাহত ৰখাৰ সময়তে ৰাষ্ট্রীয় খাদ্য সুৰক্ষা কার্ড নতুনকৈ প্রদানৰ নামত ধন সংগ্রহ কৰি অহা দুর্নীতিগ্রস্ত বিষয়াৰ বিৰুদ্ধে চৰকাৰ আৰু প্রশাসনে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like