নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীঘলীপুখুৰীৰ পাৰত উভালি পৰিল শতবর্ষ গৰকা বৃক্ষ

দীর্ঘসময় ধৰি মহম্মদ তৈয়বুল্লা পথৰ যাতায়াত বন্ধঃ তীব্র যান–জঁট

নিয়মীয়া বাৰ্তা ১৫ ছেপ্টেম্বৰঃ  গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত সোমবাৰে বিয়লি শতবর্ষ গৰকা এজোপা প্রকাণ্ড গছ উভালি পৰে৷ ৰাজপথৰ ওপৰত প্রকাণ্ড গছজোপা উভালি পৰাত দীর্ঘসময় ধৰি পথছোৱাৰে যাতায়াত বন্ধ হৈ পৰে৷ ফলত ৰাজপথত ঘণ্টাৰ পিছত ঘণ্টা ধৰি শ শ যান–বাহন আবদ্ধ হৈ পৰাত অঞ্চলটোত তীব্র যান–জঁটৰ সৃষ্টি হয়৷ প্রত্যক্ষদর্শীৰ ভাষ্য অনুসৰি বিয়লি প্রায় ৩.৫০ বজাত হঠাৎ শতবর্ষ গৰকা গছজোপা ৰাজপথত উভালি পৰে৷ অৱশ্যে গছজোপা বাগৰি পৰাৰ সময়তো তৈয়বুল্লা পথেৰে যান–বাহন চলাচল কৰি আছিল যদিও ভয়ংকৰ দুর্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে৷ পিছত আৰক্ষী আৰু এছ ডি আৰ এফৰ জোৱানসকল ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত দুঘণ্টাৰো অধিক সময় ধৰি চেষ্টা চলাই পথটো মুকলি কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পিছত ক্রমাৎ যান–জঁট নিয়ন্ত্রণলৈ আহে৷ অৱশ্যে গছজোপা উভালি পৰাৰ সময়ত ধুমুহা–বতাহ নাছিল যদিও দুপৰীয়া মুষলধাৰ বৰষুণৰ ফলতে গছজোপা উভালি পৰে বুলি স্থানীয় ৰাইজে সন্দেহ ব্যক্ত কৰিছে৷

You might also like