নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত অভাৱনীয় যান–জঁট: অতিষ্ঠ ৰাইজ

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ প্রতি লক্ষ্য ৰাখি চৰকাৰ–প্রশাসনে ঘোষণা কৰা আনলক প্রক্রিয়াৰ মাজতেই আজি গুৱাহাটী মহানগৰীত অভাৱনীয় যান–জঁটৰ সৃষ্টি হয়৷ সাপ্তাহিক লকডাউনৰ অন্তত আজি গুৱাহাটী মহানগৰীত যান–বাহন চলাচলৰ সুবিধা দিয়াৰ বাবে শ শ যান–বাহন ৰাজপথলৈ ওলাই আহে৷ ফলত আৰ জি বৰুৱা ৰোড, জি এছ ৰোড আৰু জি এন বি ৰোডকে ধৰি মহানগৰীৰ উলুবাৰী, ভঙাগড়, গণেশগুৰি, চানমাৰি, হাতীগাঁও, জালুকবাৰী, আদাবাৰী, মালিগাঁও আদি অঞ্চলত অভাৱনীয় যান–জঁটৰ সৃষ্টি হয়৷ তদুপৰি আজিৰে পৰা দুদিনৰ বাবে আন্তঃজিলা যাতায়াতৰ সুবিধা দিয়াক লৈ বিভিন্ন জিলাৰ পৰা গুৱাহাটী মহানগৰীলৈ শ শ যান–বাহন চলাচল কৰা পৰিলক্ষিত হয়৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ প্রতি চৰকাৰ–প্রশাসনে জাৰি কৰা নির্দেশনা উলংঘা তথা সামাজিক দূৰত্বক ভেঙুচালি কৰি ৰাজপথত আজি যান–বাহন চলাচল কৰা পৰিলক্ষিত হয়৷ তাৰ বাবে গুৱাহাটী মহানগৰীত  পুৱাৰে পৰা বিয়লিৰ ভাগলৈ অভাৱনীয় যান–জঁটৰ সৃষ্টি হয়৷ ফলত সুদীর্ঘ সময় ধৰি ৰাজপথত যান–বাহন আবদ্ধ হৈ থকা পৰিলক্ষিত হয়৷

আৰক্ষী প্রশাসনে যান–জঁট নিয়ন্ত্রণত চূড়ান্ত ব্যর্থ হোৱা বুলি অভিযোগ উত্থাপন হৈছে৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি প্রশাসনে ঘোষণা কৰা সাপ্তাহিক লকডাউনৰ বাবে শনিবাৰ আৰু দেওবাৰে গুৱাহাটী মহানগৰীত সম্পূর্ণ লকডাউন ঘোষণা কৰা হৈছে৷ সেয়েহে দুদিনৰ বাবে গুৱাহাটী মহানগৰীৰ সকলো দোকান–পোহাৰ উক্ত দুদিন সম্পূর্ণ বন্ধ থাকে৷ সাপ্তাহিক লকডাউনৰ পাছতেই আজি নির্দিষ্ট নীতি–নিয়মৰ মাজতে দোকান–পোহাৰ আৰু চৰকাৰী–বেচৰকাৰী প্রতিষ্ঠানসমূহ খোলাৰ বাবে ৰাজপথলৈ ওলাই আহে মহানাগৰিক৷ যাৰ বাবে আজি মহানগৰীত তীব্র যান–জঁটৰ সৃষ্টি হয়৷ এই যান–জঁট নিয়ন্ত্রণত মহানগৰ আৰক্ষী সম্পূর্ণ ব্যর্থ হয়৷

You might also like