নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৱর্জনাৰে ভৰিছে মহানগৰীৰ নলা–নর্দমা

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ পৰিৱর্তনৰ শ্লোগান আওৰাই দিছপুৰৰ গাদী দখল কৰা মিত্রজোঁটৰ চৰকাৰখনে প্রায় চাৰে চাৰিটা বছৰ কার্যকাল সম্পন্ন কৰিলে৷ নির্বাচনৰ পূর্বে প্রতিশ্রুতিৰ বন্যা বোৱাই দিয়া চৰকাৰখনে নিজৰ কার্যকালৰ সময়ছোৱাত গুৱাহাটী মহানগৰীৰ বিভিন্ন সমস্যা সমাধানৰ বাবে বহু আঁচনি গ্রহণ কৰিলে যদিও কৃত্রিম বান নিয়ন্ত্রণ সন্দর্ভত ফলপ্রসূ ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত নহ’ল৷ ফলত এজাক বৰষুণ দিলেই মহানগৰীৰ বিভিন্ন এলেকা জলমগ্ণ হয়৷ মহানগৰীৰ নিম্নমানৰ নলা–নর্দমা উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে বহু আঁচনি গ্রহণ কৰিলে যদিও গুৱাহাটী উন্নয়ন কর্তৃপক্ষ আৰু পৌৰ নিগমৰ হেমাহিৰ বাবে এইসমূহ কার্যকৰী হোৱা দেখা নহ’ল৷

পেলনীয়া আৱর্জনা আৰু বোকাৰে ভৰি পৰা নলা–নর্দমা দীর্ঘদিন ধৰি নিষ্কাশন নকৰাৰ ফলত এজাক বৰষুণতে মহানগৰীৰ বিভিন্ন প্রান্তত কৃত্রিম বানে ভয়ংকৰ ৰূপ ধাৰণ কৰে৷ বিশেষকৈ মহানগৰীৰ হাতীগাঁও হাইস্কুলৰ সন্মুখৰ পৰা বিষ্ণুজ্যোতি পথলৈকে ৰাজধানী মছজিদ ভেটাপাৰা সংযোগী পথত একাঁঠু পানী জমা হোৱাত যাতায়াত বিঘ্ণিত হয়৷ স্থানীয় ব্যৱসায়ী উৎপল ডেকাই জনোৱা মতে, হাতীগাঁও চাৰিআলিৰ পৰা হাইস্কুললৈকে পথৰ কাষেৰে থকা নলা আৱর্জনাৰে ভৰি পৰিছে৷ ফলত নলাৰ পানী বহন ক্ষমতা হ্রাস পোৱাত এজাক বৰষুণতে অঞ্চলটোত কৃত্রিম বানৰ সৃষ্টি হয়৷ তদুপৰি দীর্ঘদিন ধৰি নিষ্কাশন নকৰাত বোকা–মাটিৰে নলা পুতি পেলাইছে৷

\উল্লেখ্য যে এই অঞ্চলটোত হাতীগাঁও হাইস্কুলকে ধৰি সিজুবাৰী প্রাথমিক বিদ্যালয়, এআইটি কলেজ অৱ ফিজি’ থেৰাপী, ড০ লাল পেথলেবকে ধৰি কেইবাটাও অনুষ্ঠান–প্রতিষ্ঠান আছে৷ কৃত্রিম বানত এইসমূহ প্রতিষ্ঠানৰ ছাত্র–ছাত্রী তথা অন্যান্য পথচাৰীসকলে যাতায়াতৰ ক্ষেত্রত চৰম দুর্ভোগ ভুগি অহাৰ পাছতো বিভাগীয় কর্তৃপক্ষই বিহিত ব্যৱস্থা গ্রহণ কৰা নাই৷ ইপিনে, কৃত্রিম বানে নতুন পথৰ বাসিন্দাসকলক জলাকলা খুৱাই অহাৰ বাবে স্থানীয় কাউঞ্চিলৰে নলাৰ কাষত এটা শ্লুইচ গেট নির্মাণ কৰিছে যদিও অঞ্চলবাসীয়ে কৃত্রিম বানৰ পৰা পৰিত্রাণ পোৱা নাই বুলি প্রশান্ত বৰাই জানিবলৈ দিছে৷ সেয়ে এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ চৰকাৰক স্থানীয় বাসিন্দাসকলে আহ্বান জনাইছে৷

You might also like