নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছাত্রীবাৰীত জৈৱ গেছ প্রকল্প মুকলি জিএমচিৰ

নিয়মীয়া বাৰ্তা ১৪ আগষ্টঃ  গুৱাহাটী মহানগৰীত দৈনিক সংগ্রহ কৰা আৱর্জনা সম্পদলৈ ৰূপান্তৰ কৰাৰ বাবে গুৱাহাটী পৌৰ নিগমে বিশেষ পদক্ষেপ গ্রহণ কৰিছ৷ পেলনীয়া আৱর্জনাৰ পৰা বিদ্যুৎ উৎপাদন কৰি গুৱাহাটী মহানগৰীখন পোহৰাই তোলাৰ বাবে গুৱাহাটী পৌৰ নিগমে আজি ছাত্রীবাৰীত এক জৈৱ গেছ বিদ্যুৎ উৎপাদন প্রকল্প স্থাপন কৰে৷ গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্য, পৌৰপতি দেৱজ্যোতি হাজৰিকাৰ লগতে অসম চৰকাৰৰ কেইবাগৰাকী বিষয়া–কর্মচাৰীৰ উপস্থিতিত এই প্রকল্পটো আনুষ্ঠানিকভাৱে মুকলি কৰি প্রকল্পটোৰ পৰা মহানগৰবাসী বিশেষভাৱে উপকৃত হ’ব বুলি মতামত ব্যক্ত কৰে৷ মন্ত্রীগৰাকীয়ে কয় যে ছাত্রীবাৰীৰ বিলপাৰত স্থাপন কৰা এই প্রকল্পটোৰ জৰিয়তে উৎপাদন কৰা বিদ্যুতৰ জৰিয়তে মহানগৰীত ষ্ট্রীট লাইট জ্বলোৱাৰ ব্যৱস্থা কৰা হ’ব৷

মহানগৰীৰ বিভিন্ন প্রান্তত এই প্রকল্পটোৰ পৰা উৎপাদিত বিদ্যুতৰ জৰিয়তে প্রায় ১০০০ ষ্ট্রীট লাইট জ্বলোৱাৰ পৰিকল্পনা কৰা হৈছে৷ উল্লেখ্য যে প্রায় ১.৫০ কোটি টকা ব্যয়সাপেক্ষে গুৱাহাটী পৌৰ নিগমে ছাত্রীবাৰীৰ বিলপাৰত স্থাপন কৰা ‘৫ টিপিডি বায়’ মেথনিছন–ইলেক্ট্রিক এনার্জী প্লাণ্ট ফ’ৰ ছেগ্রিগেটেড অর্গেনিক ৱাষ্ট’ নামৰ এই প্রকল্পটো স্থাপন কৰা হৈছে৷ এই প্রকল্পটোৰ পৰা দৈনিক ৫ হাজাৰ কিলো আৱর্জনা নিষ্কাশন কৰাৰ উপৰি প্রায় ৮০০ ইউনিট বিদ্যুৎ উৎপাদন কৰা হ’ব৷ প্রায় ৩ হাজাৰ বর্গমিটাৰ এলেকাত স্থাপন কৰা এই প্রকল্পটোৰ পৰাই দৈনিক উৎপাদিত বিদ্যুতৰ জৰিয়তে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্রান্তত পথত ষ্ট্রীট লাইট জ্বলোৱাৰ বাবে ব্যৱস্থা কৰা হৈছে৷ গুৱাহাটী পৌৰ নিগমৰ দীর্ঘদিনীয়া পৰিকল্পনাৰ পিছত এই প্রকল্পটোৰ আজি আনুষ্ঠানিকভাৱে মুকলি কৰি মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই সন্তোষ প্রকাশ কৰাৰ উপৰি পৰৱর্তী সময়ত মহানগৰবাসীৰ সুবিধাৰ প্রতি লক্ষ্য ৰাখি এনেধৰণৰ অন্যান্য প্রকল্পৰ কাম হাতত লোৱা হ’ব বুলি জানিবলৈ দিয়ে৷

You might also like