নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিএমচিত চতুর্থ ষান্মাসিকৰ ছাত্রৰ ৰহস্যজনক মৃত্যু

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছাত্রাৱাসত চাঞ্চল্যকৰ ঘটনা

নিয়মীয়া বাৰ্তা ১৫ ছেপ্টেম্বৰঃ   ক’ৰোনা মহামাৰীৰ আতংকৰ মাজতেই সোমবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছাত্রাৱাসৰ পাছফালে এজন চিকিৎসা বিজ্ঞানৰ ছাত্রৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্র অঞ্চলজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি কৰে৷ মৃত ছাত্রজন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (জিএমচি)ত অধ্যয়নৰত চিকিৎসা বিজ্ঞানৰ চতুর্থ ষান্মাসিকৰ ছাত্র নিমচিং পান্মে (৩০) আৰু তেওঁৰ ঘৰ ডিমা হাছাওৰ মাহুৰ থানাৰ অন্তর্গত এখন গাঁৱত বুলি জানিব পৰা গৈছে৷ আৰক্ষী সূত্রই জানিবলৈ দিয়া মতে ভঙাগড়স্থিত জিএমচিৰ ৪নং (পুৰণা) ছাত্রাৱাসৰ পাকঘৰৰ পাছফালে সোমবাৰে দুপৰীয়া প্রায় ১ বজাত ছাত্রাৱাসত কর্মৰত এজন ৰংমিস্ত্রীয়ে অট্টালিকাৰ পাছফালে যুৱকজনৰ মৃতদেহ প্রত্যক্ষ কৰি ছাত্রাৱাস কর্তৃপক্ষক অৱগত কৰায়৷ পিছত ছাত্রাৱাস কর্তৃপক্ষই আৰক্ষীৰ সৈতে যোগাযোগ কৰাত ভঙাগড় থানাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ছাত্রজনৰ মৃতদেহ উদ্ধাৰ কৰে৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰে৷ মৃতদেহটো আৰক্ষীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি পৰিয়ালৰ লোকক গতাই দিয়ে৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে ভঙাগড় থানাত এটা আকস্মিক মৃত্যুজনিত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও ছাত্রজনৰ মৃত্যুৰ ৰহস্য পোহৰলৈ অহা নাই৷ অৱশ্যে আৰক্ষীয়ে ছাত্রজনৰ ১১৩নং আৱাসৰ পৰা দুটা সুৰাৰ বটল জব্দ কৰে৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে ইতিমধ্যে ছাত্রাৱাসৰ কেইবাজনো ছাত্রক সোধা–পোছা কৰা বুলি জানিব পৰা গৈছে৷ ছাত্রজনৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই যদিও অত্যধিক সুৰাপান কৰি ছাত্রজন ছাত্রাৱাসৰ চতুর্থ মহলাৰ পৰা পৰি মৃত্যু হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্রকাশ কৰিছে৷ অৱশ্যে তদন্তৰ পিছতহে ছাত্রজনৰ মৃত্যুৰ প্রকৃত সত্য পোহৰলৈ আহিব বুলি ভঙাগড় আৰক্ষীয়ে জানিবলৈ দিছে৷ ইপিনে, ছাত্রজনৰ মৃত্যুত গভীৰ উদ্বেগ প্রকাশ কৰি অল ইণ্ডিয়া ট্রাইবেল ষ্টুডেণ্ট এছ’চিয়েচনৰ তৰফৰ পৰা ইয়াৰ চিবিআই তদন্তৰ দাবী জনাইছে৷ তদুপৰি জনজাতি ছাত্র সন্থাৰ উপদেষ্টা অৰিন্দম প্রিন্স পাংগিং, সাধাৰণ সম্পাদক দ্বিপেন দেউৰীয়ে ঘটনা সন্দর্ভত গভীৰ উদ্বেগ প্রকাশ কৰি মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷

You might also like