নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰহস্যৰ আৱর্তত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষার্থীৰ মৃত্যু

নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ  গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছাত্রাৱাসৰ মেধাৱী শিক্ষার্থীৰ মৃতৰ ঘটনা ক্রমাৎ ৰহস্যৰ আৱর্ত্তত সোমাই পৰিছে৷ চিকিৎসা মহাবিদ্যালয়ৰ চতুর্থ ষান্মাসিকৰ ছাত্র নিমচিং পান্মে (৩০)ৰ ৰহস্যজনক মৃত্যুক লৈ বিভিন্ন মহলত চর্চিত হৈছে৷ গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ৰ ক’ৰোনা ছাত্রাৱাসৰ পাছফালে কালি মেধাৱী ছাত্রজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতেই ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে এই সন্দর্ভত ভঙাগড় থানাত এটা আকস্মিক মৃত্যুজনিত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷ আৰক্ষীয়ে প্রাথমিক তদন্তৰ পাছত ছাত্রাৱাসৰ কেইবাজনো শিক্ষার্থীক সোধা–পোছা কৰা বুলি জানিব পৰা গৈছে৷ প্রকৃততে এয়া হত্যা নে আত্মহত্যা সেই সন্দর্ভত আৰক্ষীয়ে সঠিক তথ্য পোৱা নাই যদিও প্রাথমিক তদন্তত এয়া আত্মহত্যা হ’ব পাৰে বুলি তদন্তকাৰী আৰক্ষী বিষয়াই সন্দেহ ব্যক্ত কৰিছে৷ অৱশ্যে মৰণোত্তৰ পৰীক্ষা তথা ফৰেনছিকৰ প্রতিবেদনৰ পাছতহে ছাত্রজনৰ মৃত্যুৰ প্রকৃত সত্য পোহৰলৈ আহিব বুলি তদন্তকাৰী আৰক্ষী বিষয়াই জানিবলৈ দিছে৷ ইতিমধ্যে ঘটনা সন্দর্ভত আৰক্ষীয়ে তদন্ত প্রক্রিয়া তীব্রতৰ কৰি তুলিছে আৰু ছাত্রজনৰ মৃত্যুৰ কাৰণ শীঘ্রে পোহৰলৈ আহিব বুলি আৰক্ষী সূত্রত প্রকাশ৷ অৱশ্যে এই সন্দর্ভত ছাত্রজনৰ পৰিয়ালৰ তৰফৰ পৰা গোচৰ তৰা নাই যদিও পৰিয়ালৰ লোকৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কর্তৃপক্ষই ইয়াৰ সঠিক তদন্ত বিচাৰিছে৷ উল্লেখ্য যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পুৰণা ছাত্রাৱাসৰ পাছফালে কালি দুপৰীয়া ডিমা হাছাও মহুৰ মেধাৱী ছাত্রজনৰ মৃতদেহ উদ্ধাৰ হৈছে৷

You might also like