নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা আৱর্জনাৰে ভৰিব গুৱাহাটী

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ ক’ৰোনাকালত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে চৰকাৰী তথা বেচৰকাৰী প্রতিষ্ঠানত কর্মৰত কর্মচাৰীসকলৰ দৰমহা কর্তন নকৰিবলৈ বিভাগীয় কর্তৃপক্ষক আহ্বান জনোৱাৰ পাছতো গুৱাহাটী পৌৰ নিগমে ইয়াৰ ৩১টা ৱার্ডত কর্মৰত স্বেচ্ছাসেৱী সংগঠনৰ ৫০ শতাংশ মাচুল কর্তন কৰাৰ অভিযোগ উত্থাপন হৈছে৷ গুৱাহাটী পৌৰ নিগমে লকডাউন তথা আনলক প্রক্রিয়াৰ মাজতে মহানগৰীৰ জাবৰ সংগ্রহ নকৰাৰ অভিযোগ তুলি নিবিদা লাভ কৰা স্বেচ্ছাসেৱী সংগঠনৰ ৫০ শতাংশ মাচুল কর্তন কৰাক লৈ চাফাই কর্মীসকলৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷

ইয়াৰ প্রতিবাদত অহা ১২ আগষ্টৰ পৰা অনির্দিষ্টকাললৈ গুৱাহাটী মহানগৰীৰ ৩১টা ৱার্ডত সংশ্লিষ্ট স্বেচ্ছাসেৱী সংগঠনৰ অধীনত কর্মৰত চাফাই কর্মীসকলে জাবৰ সংগ্রহ কৰাৰ পৰা বিৰত থাকিব৷ এইক্ষেত্রত গুৱাহাটী পৌৰ নিগমে বিহিত ব্যৱস্থা গ্রহণ নকৰা পর্যন্ত স্বেচ্ছাসেৱী সংগঠনৰ প্রায় ১২শ কর্মচাৰীয়ে জাবৰ সংগ্রহ নকৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ প্রাপ্ত তথ্য মতে, গুৱাহাটী পৌৰ নিগমে অলপতে আৱর্জনা সংগ্রহৰ দায়িত্বত থকা ৩১টা ৱার্ডত স্বেচ্ছাসেৱী সংগঠনসমূহৰ যোৱা ৭ মাহৰ মাচুল আদায় দিয়ে যদিও ৫০ শতাংশ মাচুল কর্তন কৰিছে৷ ফলত প্রতিটো স্বেচ্ছাসেৱী সংগঠনৰ কর্মচাৰীয়ে মজুৰি আদায় দিয়াত এনজি’সমূহ বিশেষ অসুবিধাৰ সন্মুখীন হৈছে৷ এইক্ষেত্রত প্রতিক্রিয়া প্রকাশ কৰি এনজি’ৰ এক বিশেষ সূত্রই জনোৱা মতে ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলাত চৰকাৰ প্রশাসনে পর্যায়ক্রমে যোৱা মার্চ মাহৰ পৰা লকডাউন তথা আনলক ঘোষণা কৰিছে৷ ফলত গুৱাহাটী মহানগৰীৰ ৩১টা ৱার্ডৰ দায়িত্বত থকা কর্মচাৰীসকলে জাবৰ সংগ্রহ কৰাৰ পৰা বিৰত থাকিবলগীয়া হয়৷ সেয়েহে এনজি’ৰ কর্মচাৰীসকলে পর্যাপ্ত জাবৰ সংগ্রহ নকৰাৰ অভিযোগত পৌৰ নিগমে স্বেচ্ছাৱেসী সংগঠনৰ ৫০ শতাংশ মাচুল আদায় দিয়া বুলি এনজি’ৰ এক সূত্রই জানিবলৈ দিছে৷

উল্লেখ্য যে গুৱাহাটী পৌৰ নিগমৰ ৩১টা ৱার্ডৰ জাবৰ সংগ্রহ কৰাৰ নিবিদা লাভ কৰা ৯০টা স্বেচ্ছাসেৱী সংগঠনৰ অধীনত প্রতিটো ৱার্ডত অতি কমেও তিনিগৰাকীকৈ কর্মচাৰীয়ে জাবৰ সংগ্রহ কৰি আহিছে৷ গুৱাহাটী পৌৰ নিগমৰ এনে হঠকাৰী সিদ্ধান্তৰ ফলত স্বেচ্ছাসেৱী সংগঠনৰ অধীনত কর্মৰত সহস্রাধিক কর্মচাৰীৰ পৰিয়াল পোহপাল দিয়াত বিশেষ সমস্যাৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে৷

You might also like