নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তঃজিলাৰ প্রৱেশ পথত ব্যাপক তালাচী আৰক্ষীৰ

নিয়মীয়া বাৰ্তা ১৩ আগষ্টঃ স্বাধীনতা দিৱসলৈ মাজতে মাত্র দুটা দিনবাকী থকা অৱস্থাত অসম আৰক্ষীয়ে ক’ভিডকেন্দ্রিক পৰিস্থিতিৰ মাজতো ৰাজ্যজুৰি নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে৷ বিশেষকৈ ৰাজ্যৰ স্পর্শকাতৰ জিলা হিচাপে পৰিগণিত হৈ অহা কামৰূপ আৰু কামৰূপ মহানগৰ জিলাত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে৷ এই সন্দর্ভত আৰক্ষী আয়ুক্ত মুন্নাপ্রসাদ গুপ্তাই জানিবলৈ দিয়া মতে, বহু বছৰ বিৰতিৰ পিছত স্বাধীনতা দিৱস কেন্দ্রীয় কার্যসূচী অনুষ্ঠিত হ’বলগীয়া জজ খেলপথাৰকে ধৰি সমূহ মহানগৰীত কেইবা তৰপীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে৷ ইতিমধ্যে জজ খেলপথাৰখনৰ নিৰাপত্তাৰ দায়িত্ব ৮ আগষ্টত মহানগৰ আৰক্ষীয়ে চমজি লৈ অকর্তৃত্বশীল লোকৰ প্রৱেশ নিষিদ্ধ কৰা হৈছে৷ তেনেদৰে জজ খেলপথাৰৰ নিৰাপত্তাৰ দিশটো নিশ্চিত কৰাৰ লগতে চৌপাশে সন্দেহজনক লোকৰ গতিবিধি নিৰীক্ষণ কৰাৰ বাবে ২৫টা উচ্চ ক্ষমতাসম্পন্ন চি চি কেমেৰা স্থাপন কৰা হৈছে৷ ইয়াৰ উপৰি দিছপুৰ ৰাজধানী চৌহদ, গুৱাহাটী তেল শোধনাগাৰ, ৰাজভৱন চৌহদ, গুৱাহাটী উচ্চ ন্যায়ালয়, শৰাঘাট দলং, আই এছ বি টি চৌহদ, বিমানবন্দৰ, সকলো উৰণীয়া সেতুকে ধৰি গুৱাহাটী মহানগৰীৰ সকলো গুৰুত্বপূর্ণ স্থানত আৰক্ষীৰ লোক নিয়োগ কৰা হৈছে৷ সমান্তৰালভাৱে মহানগৰ জিলা সংযোগী আটাইকেইটা পথ অর্থাৎ আন্তঃজিলাৰ প্রৱেশ পথত আৰক্ষীয়ে বেৰিকেড বহুৱাই যান–বাহন তালাচী অভিযান আৰম্ভ কৰিছে৷ ইয়াৰ উপৰি ব্রহ্মপুত্রত আৰক্ষীয়ে টহলৰ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে কেতবোৰ স্থানত ড্রোন ব্যৱহাৰ কৰা হৈছে৷ ইফালে মহানগৰ আৰক্ষীয়ে কমাণ্ডো আৰু স্নিফাৰ ডগ লৈ কেতবোৰ পাহাৰীয়া আৰু সন্দেহজনক অঞ্চলত তালাচী অভিযান আৰম্ভ কৰা হৈছে বুলি আৰক্ষী আয়ুক্ত মুন্নাপ্রসাদ গুপ্তাই জানিবলৈ দিয়ে৷ আনহাতে গুৱাহাটীৰ গাতে লাগি থকা কামৰূপ জিলাতো স্বাধীনতা দিৱস উপলক্ষে কটকটীয়া নিৰাপত্তাব্যৱস্থা কৰিছে৷ কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক পার্থসাৰথি মহন্তই জানিবলৈ দিয়া মতে জিলা উপায়ুক্ত কার্যালয়ৰ সন্মুখৰ স্বাধীনতা দিৱসৰ কার্যসূচী অনুষ্ঠিত হ’বলগীয়া পেৰেড গ্রাউণ্ডকে ধৰি সকলো গুৰুত্বপূর্ণ স্থানত অতিৰিক্ত নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে৷ তেনেদৰে জিলাখনৰ মেঘালয় সংযোগী পথকে ধৰি গোৱালপাৰা, নলবাৰী, কামৰূপ মহানগৰ, দৰং, বাগ্সা জিলাৰ সংযোগী আন্তঃজিলাৰ সংযোগী পথসমূহত আৰক্ষীয়ে সন্দেহজনক যান–বাহনত তালাচী অভিযান আৰম্ভ কৰিছে৷ তেনেদৰে জিলাখনৰ মাজেৰে বৈ যোৱা ব্রহ্মপুত্রতো টহলৰ ব্যৱস্থা কৰাৰ লগতে কামৰূপ জিলাৰ আটাইকেখন থানা–চকীত তালাচী চলাই থকাৰ ব্যৱস্থা কৰা হৈছে বুলি কামৰূপ জিলাৰ আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে৷

You might also like