নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘জনজাগৰণ’ শীর্ষক সজাগতা শোভাযাত্রা প্রশাসনৰ

ক’ভিড–১৯ঃ সজাগতা সৃষ্টিৰ লক্ষ্য

নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ  ক’ভিড–১৯ৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে বুধবাৰৰ পৰা স্বাস্থ্য বিভাগে ‘জনজাগৰণ’ শীর্ষক এক সজাগতা অভিযান আৰম্ভ কৰিছে৷ সমগ্র ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো জিলা প্রশাসন আৰু স্বাস্থ্য বিভাগৰ জিলা স্বাস্থ্য সমিতি তথা ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ উদ্যোগত জনজাগৰণ শীর্ষক সজাগতা কার্যসূচী ৰূপায়ণ কৰা হয়৷ এই উপলক্ষে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কার্যালয় চৌহদৰ পৰা উলিওৱা এই সজাগতা শোভাযাত্রা আনুষ্ঠানিকভাৱে মুকলি কৰে জিলা উন্নয়ন আয়ুক্ত অতুল কুমাৰ শর্মাই৷ এই সজাগতা শোভাযাত্রাত অতিৰিক্ত উপায়ুক্ত শর্মিষ্ঠা বৰা, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ গণেশ শইকীয়াৰ লগতে আশা কর্মী আৰু প্রশাসনৰ কেইবাগৰাকীও বিষয়া–কর্মচাৰীয়ে অংশগ্রহণ কৰে৷ আনহাতে উপায়ুক্তৰ কার্যালয় চৌহদত মেডিচিটী গুৱাহাটীৰ উদ্যোগত আজি বিনামূলীয়া এণ্টিবডী পৰীক্ষা কৰা শিবিৰ অনুষ্ঠিত হয়৷ এই শিবিৰত উপায়ুক্ত বিশ্বজিৎ পেগু ধৰি উপায়ুক্ত কার্যালয়ৰ বিষয়া–কর্মচাৰীসক এণ্টিবডী পৰীক্ষাৰ বাবে তেজৰ নমুনা প্রদান কৰে৷

You might also like