নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নুনমাটিৰ ব্যৱসায়িক প্রতিষ্ঠানত পত্নীক ছুৰিকাঘাত

নিয়মীয়া বাৰ্তা ১০ছেপ্টেম্বৰঃ  মহানগৰীৰ নুনমাটিত বুধবাৰে এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়৷ লম্পট স্বামীৰ ছুৰিকাঘাতত এগৰাকী মহিলা গুৰুতৰভাৱে আহত হোৱা এই ঘটনাত সমগ্র অঞ্চলজুৰি তীব্র চাঞ্চল্যৰ সৃষ্টি হয়৷ আৰক্ষী সূত্রে জানিব পৰা মতে, মঙলবাৰে বিয়লি প্রায় তিনি বজাত নুনমাটিৰ ‘হোটেল ব্রাদার্ছ’ নামৰ এখন ব্যৱসায় প্রতিষ্ঠানত শালবাৰীৰ বিউটি বেগম নামৰ এগৰাকী মহিলাই বজাৰ কৰিবলৈ আহে৷ মহিলাগৰাকীয়ে দোকানখনৰ পৰা সামগ্রী ক্রয় কৰি থাকোঁতে তেওঁৰ স্বামী পৱিত্র ৰয়ে আহি দোকানৰ ভিতৰতে পত্নীক উপর্যুপৰি ছুৰীৰে আঘাত কৰে৷ ফলত বিউটি বেগম নামৰ মহিলাগৰাকী গুৰুতৰভাৱে আহত হয়৷ এই ঘটনা সংঘটিত কৰি লম্পট ৰায়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰোঁতে স্থানীয় ৰাইজে খেদি খেদি কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে৷ ইপিনে, স্বামীৰ ছুৰিকাঘাতত আহত হোৱা মহিলাগৰাকীক আৰক্ষীয়ে ততাতৈয়াকৈ গেট হাস্পতালত ভর্তি কৰে যদিও প্রাথমিক চিকিৎসাৰ অন্তত চিকিৎসকে মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে জিএমচিএইচলৈ প্রেৰণ কৰে৷ সম্প্রতি মহিলাগৰাকী জিএমচিএইচত চিকিৎসাধীন হৈ আছে৷ আৰক্ষীয়ে ঘটনা সন্দর্ভত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ এই ঘটনাৰ কাৰণ জানিব পৰা হোৱা নাই যদিও পাৰিবাৰিক সংঘাতৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ উল্লেখ্য যে যোৱা কেইমাহমান পূর্বে নুনমাটিত ঋতুপর্ণ পেগু নামৰ এজন যুৱকক দুর্বৃত্তই হানি–খুঁচি হত্যা কৰিছিল৷

You might also like