নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পামহিৰ পাচলি বজাৰত ছিণ্ডিকেটৰাজ

ৰাজ্যিক কৃষি বিপণন পৰিষদৰ বিষয়া–কর্মচাৰীৰ দায়িত্বজ্ঞানহীনতা

নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ   গড়চুকৰ পামহি পাচলি বজাৰক কেন্দ্র কৰি গঢ়ি উঠিছে ছিণ্ডিকেট চক্র৷ ৰাজনৈতিক আশিসপুষ্ট এই ছিণ্ডিকেট চক্রটোৰ দৌৰাত্ম্যৰ বাবেই প্রাপ্যৰ পৰা বঞ্চিত হৈছে থলুৱা কৃষকসকল৷ পামহিৰ শাক–পাচলিৰ বজাৰত ছিণ্ডিকেট চক্রই চলোৱা দালালৰাজৰ পৰিণতিতেই গ্রাহকে তিনি–চাৰিগুণ বেছি দামত শাক–পাচলি ক্রয় কৰিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে৷ কিন্তু এই ছিণ্ডিকেট চক্রটোক উৎখাত কৰিবলৈ ৰাজ্যিক কৃষি বিপণন পৰিষদ আৰু জিলা প্রশাসনে কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷ গড়চুকৰ পামহিৰ শাক–পাচলিৰ বজাৰক লৈ গঢ়ি উঠা ছিণ্ডিকেট চক্রটোৱে প্রতিখন গাড়ীৰ পৰা ১০০০ টকাকৈ সংগ্রহ কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে৷ ব্যৱসায়ীসকলৰ পৰা ডাবি–ধমকিৰে ছিণ্ডিকেট চক্রটোৱে গুণ্ডাকৰ সংগ্রহ কৰি অহাৰ লগতে ক্ষুদ্র ব্যৱসায়ীসকলে শাক–পাচলিৰ উচিত মূল্য পোৱাৰ পৰাও বঞ্চিত হৈ আহিছে৷ পামহিৰ শাক–পাচলি বজাৰত গুণ্ডাকৰ সংগ্রহ কৰি অহাৰ প্রতিবাদত দৰঙৰ বালুগাঁও, বেছিমাৰীৰ শাক–পাচলিৰ পাইকাৰী বজাৰত প্রতিবাদ সাব্যস্ত কৰিছিল কৃষক আৰু ব্যৱসায়ীসকলে৷ কেৱল প্রতিবাদেই নহয় কৃষক–ব্যৱসায়ীসক পামহিৰ বজাৰলৈ যোৱা ১১ ছেপ্ঢেম্বৰৰ পৰা ধৰি শাক–পাচলিৰ যোগান বন্ধ ৰাখিছে৷ পামহি বজাৰলৈ শাক–পাচলি যোগান ধৰা সন্দর্ভত কৃষক অধিকাৰ সুৰক্ষা সমিতিয়ে কাইলৈ সিদ্ধান্ত গ্রহণ কৰাৰ সম্ভাৱনা আছে৷ পাচলি যোগান বন্ধ ৰখাৰ সুযোগ লৈ একাংশ ব্যৱসায়ীয়ে গুৱাহাটীৰ বজাৰত শাক–পাচলিৰ মূল্য ৩–৪ গুণ বৃদ্ধি কৰি বিক্রী কৰি আহিছে৷ কৃষকক প্রাপ্য মূল্যৰ পৰা বঞ্চিত কৰি মধ্যভোগী আৰু ছিণ্ডিকেট চক্রই গুণ্ডাকৰ সংগ্রহ কৰাৰ ফলতেই মহানগৰবাসীয়ে প্রতিকিঃগ্রাঃ শাক–পাচলি ৬০ৰ পৰা ৮০ টকা মূল্যত ক্রয় কৰিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে৷ এই ছিণ্ডিকেট চক্রটোৰে ৰাজ্যিক কৃষি বিপণন পৰিষদৰ বিষয়া–কর্মচাৰীয়ো জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে৷ কৃষি বিপণন পৰিষদৰ অসাধু বিষয়া–কর্মচাৰীৰ ছত্রছায়াত চলি থকা ছিণ্ডিকেট চক্রটোক উৎখাত কৰিবলৈ চৰকাৰ প্রশাসনে কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like