নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পানীখাইতী বজাৰত ক’ভিড প্রট’কল উলংঘা একাংশৰ

নিয়মীয়া বাৰ্তা ১৫ ছেপ্টেম্বৰঃ  সমগ্র ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীত ভয়ানকভাৱে ক’ৰোনাৰ সংক্রমণৰ হাৰ বৃদ্ধি পাই থকাৰ পিছতো গাত চেতনা অহা নাই একাংশ লোকৰ৷ লকডাউন একপ্রকাৰ প্রত্যাহাৰ কৰি ক’ভিড প্রট’কলৰ কিছু বিশেষ নীতি–নিয়ম বান্ধি দিয়াৰ পিছতো প্রশাসনৰ নির্দেশক ভৰিৰে মোহাৰি মহামাৰী ক’ৰোনাৰ সংক্রমণত সহযোগ কৰিছে সেইচাম লোকে৷ তাৰেই জ্বলন্ত দৃষ্টান্ত দেখিবলৈ পোৱা গ’ল মহানগৰীৰ পার্শ্বৱর্তী পানীখাইতী সাপ্তাহিক বজাৰত৷ আজি অনুষ্ঠিত সাপ্তাহিক বজাৰখনত পূর্বৰ স্বাভাৱিক পৰিৱেশৰ লেখীয়াকৈ দেখা গ’ল ক্রেতা–বিক্রেতাৰ সমাগম৷ পুৱাৰে পৰা ব্যাপক সমাগম ঘটা বজাৰখনত ক’ভিড প্রট’কলৰ নিয়ম উলংঘা কৰি ইজনে–সিজনৰ গাত গা লগাই সামাজিক দূৰত্বৰ নিয়ম ভংগ কৰাই নহয়, প্রায় ৯০ শতাংশ লোকেই মাস্ক পৰিধান কৰাৰ পৰা বিৰত থকা দেখা যায়৷ বজাৰখনৰ পাচলি বজাৰৰ পৰা আৰম্ভ কৰি হাঁহ, কুকুৰা আৰু বিশেষকৈ ছাগলী ব্যৱসায়ীসকলৰ মাজত এই নিয়ম অধিক উলংঘা হোৱা পৰিলক্ষিত হয়৷ বজাৰখনৰ এনে পৰিস্থিতিক লৈ স্থানীয় ৰাইজ শংকিত হৈ পৰিছে৷

You might also like