নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রপুৰৰ পাণবাৰীত হাতীৰ পোৱালি উদ্ধাৰ

নিয়মীয়া বার্তা, ২৩ ছেপ্টেম্বৰঃ মহানগৰীৰ চন্দ্রপুৰৰ পাণবাৰীত এটি প্রায় এমহীয়া বনৰীয়া হাতী পোৱালি উদ্ধাৰক লৈ সৃষ্টি হৈছে চাঞ্চল্য৷ ঘটনাৰ বিৱৰণী মতে, পৰহি বিয়লি পাণবাৰীৰ গাৰোগাঁৱত খাদ্যৰ সন্ধানত আমচাং অভয়াৰণ্যৰ পৰা এটি বনৰীয়া হাতীৰ জাক ওলাই আহিছিল৷ হাতীৰ জাকটোৱে সন্ধিয়াৰ ভাগত আমচাং অভয়াৰণ্যলৈ গুচি যায়৷

ইয়াৰ পিছত স্থানীয় লোকে জনোৱা মতে, সন্ধিয়া প্রায় ৫.৩০ বজাত লাইটৰ পোহৰ পাই সম্ভৱতঃ জাকৰুৱা হাতীৰ পৰা বিচ্ছিন্ন হোৱা এটি হাতী পোৱালিয়ে গাৰোগাঁৱৰ এজন লোকৰ ঘৰৰ চাৰিওপিনে ঘূৰি ফুৰে৷ হাতী পোৱালিটো এনেকৈ ঘূৰি ফুৰা দেখি স্থানীয় লোকে পাণবাৰীত থকা বন বিভাগৰ লোকক অৱগত কৰে আৰু বন বিভাগৰ লোক আহি তাত উপস্থিত হয়৷

বন বিভাগৰ লোক তাত উপস্থিত হৈ হাতী পোৱালিটো ওচৰতে থকা হাবিলৈ খেদি পঠিয়ায়।নিশা তাত বন বিভাগৰ লোকে পহৰা দিয়ে৷ কিন্তু নিশাও বনৰীয়া হাতীৰ জাকটো নহাত পোৱালিটো সেইখিনি ঠাইতে থাকে৷

পিছত কালি পুৱা বন বিভাগৰ লোকে হাতী পোৱালিটোক অসম ৰাজ্যিক চিৰিয়াখানালৈ লৈ যায়৷

You might also like