নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৃহকর্মীক সাহায্য নিদিলে আন্দোলনৰ হুংকাৰ

ক’ৰোনাকালত গুৱাহাটীত কর্মৰত অসংগঠিত শ্রমিকৰ দুর্দশাত উদ্বেগ চিটুৰ

নিয়মীয়া বাৰ্তা, ৬ আগষ্টঃ ক’ৰোনা মহামাৰী ৰোধৰ বাবে চলিত বর্ষৰ মার্চ মাহৰ পৰা চলি থকা লকডাউন তথা আনলক প্রক্রিয়াই গুৱাহাটী মহানগৰীত কর্মৰত অসংগঠিত শ্রমিকৰ জীৱনলৈ নমাই আনিছে ঘোৰ অমানিশা৷ মহানগৰীত ঠেলা–ৰিক্সা চলোৱাৰ লগতে দিন হাজিৰা কৰি জীৱিকা চলোৱা শ্রমিকসকল লকডাউন তথা আনলক প্রক্রিয়াত বিশেষভাৱে প্রভাৱিত হৈছে৷

দীর্ঘদিনীয়া লকডাউনৰ সময়ছোৱাত গুৱাহাটী মহানগৰীৰ সকলো দোকান–পোহাৰ বন্ধ থকাৰ লগতে যান–বাহন চলাচল বন্ধ হৈ পৰাত গুৱাহাটী মহানগৰী একপ্রকাৰ স্তব্ধ হৈ পৰিছে৷ তদুপৰি চৌপাশে ক’ৰোনাৰ আতংক বিৰাজ কৰি থকাৰ বাবে ৰাজপথ শূন্য হৈ পৰাত অসংগঠিত শ্রমিকসকলৰ জীৱন–জীৱিকা অচল হৈ পৰা পৰিলক্ষিত হৈছে৷ ইপিনে, দীর্ঘদিনীয়া লকডাউনৰ বাবে গৃহকর্মী মহিলাসকলে দুর্বিষহ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে৷

ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা পেটৰ তাড়নাত গুৱাহাটীলৈ আহি ঘৰে ঘৰে কাম কৰি জীৱিকা চলাই অহা মহিলা শ্রমিক তথা গৃহকর্মীসকলে ক’ৰোনাকালত দুর্বিষহ জীৱন পাৰ কৰিছে যদিও এইক্ষেত্রত চৰকাৰ প্রশাসনে বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷

এইসকল শ্রমিকক সাহায্য প্রদানৰ বাবে চেণ্টাৰ অৱ ইণ্ডিয়ান ট্রেড ইউনিয়নৰ (চিআইটিইউ)ৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে দাবী জনাই ইতিমধ্যে কেইবালানি আন্দোলনৰ কার্যসূচী গ্রহণ কৰাত উলুবাৰীস্থিত সহকাৰী শ্রম আয়ুক্তৰ কার্যালয়ে শ্রমিকসকলক যোৱা এপ্রিলতে বিশেষ প্র–পত্র পূৰণ কৰি জমা দিবলৈ আহ্বান জনায়৷

সহকাৰী শ্রম আয়ুক্তৰ কার্যালয়ৰ আহ্বানমর্মে সহস্রাধিক গৃহকর্মী আৰু অন্যান্য শ্রমিকসকলে প্র–পত্র জমা কৰিলে যদিও আজিকোপতি সুফল পোৱা নাই বুলি চিআইটিইউৰ এক সূত্রই জানিবলৈ দিছে৷

উল্লেখ্য যে লকডাউনৰ ক্ষতিগ্রস্ত শ্রমিকসকলক মাহিলি ৭,৫০০ টকাকৈ আর্থিক সাহায্য দিয়াৰ বাবে চৰকাৰ প্রশাসনক দাবী জনাই শ্রম আয়ুক্তৰ কার্যালয়লৈ স্মাৰক–পত্র প্রেৰণ কৰিছিল৷ সেয়েহে গৃহকর্মীসকলক শীঘ্রে সাহায্য প্রদান নকৰিলে তীব্র আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে একাংশ অসংগঠিত শ্রমিকে৷

You might also like