নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেতেলিয়াত কুঁৱাত পৰি নাহৰফুটুকীৰ মৃত্যু

নিয়মীয়া বাৰ্তা ১৫ ছেপ্টেম্বৰঃ   গুৱাহাটীৰ তেতেলিয়াত থকা এক্সেল হাস্পতালৰ পাছফালে পাহাৰত দেওবাৰে নিশা এটা কুকুৰক ধৰিবলৈ গৈ কুঁৱাত পৰি মৃত্যুক আঁকোৱালি ল’বলগীয়া হয় এটা নাহৰফুটুকীয়ে৷ প্রাপ্ত খবৰ মতে এক্সেল হাস্পতালৰ পাছফালে থকা তেতেলিয়া পাহাৰৰ দেৱনগৰৰ অজিত ৰাজবংশী নামৰ লোকজনৰ গৃহ চৌহদত নিশা প্রায় ১১ বজাত কুকুৰৰ বিকট চিঞৰত গৃহস্থই সাৰ পাই উঠে৷ তাৰ কিছুসময় পিছত ঘৰৰ পাছফালে থকা মাটিৰ কেঁচা কুঁৱাত কিবা পৰাৰ শব্দ শুনাৰ লগতে বাঘৰ প্রচণ্ড গোজৰণিৰ শব্দ শুনিবলৈ পায় অজিত ৰাজবংশীয়ে৷ তাৰ পিছত ৰাজবংশীয়ে টর্চ লৈ কুঁৱাত কুকুৰ আৰু নাহৰফুটুকী বাঘক পৰি থকা প্রত্যক্ষ কৰাত তেওঁ ওচৰ চুবুৰীয়াক অৱগত কৰায়৷ ইফালে, নিশাই স্থানীয় মালিগাঁও আৰক্ষী চকীক অৱগত কৰোৱাত আৰক্ষীয়ে বন বিভাগৰ খানামুখ খণ্ড বন কার্যালয়ৰ খণ্ড বন বিষয়া ৰূপন হালৈক অৱগত কৰায়৷ মাজনিশা প্রায় ১২.৩০ বজাত খণ্ড বিষয়া ৰূপন হালৈয়ে এটা বনকর্মীৰ দল লৈ ঘটনাস্থলীত উপস্থিত হয় যদিও বাঘটোক জীৱন্তে উদ্ধাৰ কৰিব নোৱাৰিলে৷ ইফালে, ৰাজ্যিক চিৰিয়াখানা কর্তৃপক্ষক খবৰ দিয়াৰ পিছতো কোনো নহাত সোমবাৰে পুৱা ৮ বজাৰ পৰা প্রচণ্ড বৰষুণক নেওচিও খানামুখৰ লগতে ফটাশিল খণ্ড বন বিষয়া জ্যোতিষ কলিতা আৰু দীপৰ বিল বন্যপ্রাণী অভয়াৰণ্যৰ আঞ্চলিক বন বিষয়া যতীন বৰাৰ নেতৃত্বত বনকর্মীৰ দলে ৰাইজৰ সহযোগত বাঘটোক উদ্ধাৰৰ অভিযান আৰম্ভ কৰে৷ অৱশেষত তিনি ঘণ্টাৰ অন্তত বনকর্মীৰ দলটোৱে ১১ বজাত বাঘটো মৃত অৱস্থাত উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ বাবে খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়লৈ লৈ যায়৷

You might also like