নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱর্ধনত সুৰাৰ বিপণী খোলাৰ বিৰোধিতা

নিয়মীয়া বাৰ্তা, ২৫  ছেপ্টেম্বৰঃ পশ্চিম মায়ং পঞ্চায়তৰ অন্তর্গত গোৱর্ধনত শেহতীয়াকৈ এটা অসাধু চক্রই বিলাতী সুৰাৰ বিক্রী কেন্দ্র স্থাপন কৰাৰ তীব্র বিৰোধিতা কৰিছে স্থানীয় ৰাইজে৷ ইয়াৰ বিৰোধিতা কৰি আনকি বৃহত্তৰ এলেকাটোৰ সাতখন গাঁৱৰ ৰাইজে অলপতে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি ইয়াক বন্ধ কৰাৰ বাবে এক প্রস্তাৱ গ্রহণ কৰে৷ সেই সভাৰ সিদ্ধান্ত অনুসৰিয়ে সুৰা বিপণীৰ বিৰোধিতা কৰি স্থানীয় ৰাইজে কামৰূপ মহানগৰ জিলা উপায়ুক্ত, আবকাৰী অধীক্ষক আৰু চন্দ্রপুৰ ৰাজহ চক্র বিষয়াক পৃথকে পৃথকে স্মাৰক–পত্র প্রদান কৰে৷ স্মাৰক–পত্রখনত ৰাইজে উল্লেখ কৰা অনুসৰি গোৱর্ধন বজাৰৰ মাজমজিয়াত অৱস্থিত ডিম্বেশ্বৰ শর্মা অট্টালিকাটোত এটা অসাধু চক্রই বিলাতী সুৰাৰ বিপণী খোলাৰ বাবে গোপনে প্রস্তুতি চলাইছে৷

স্মাৰক–পত্রখনত উল্লেখ কৰা অনুসৰি যিডোখৰ স্থানত সুৰা বিপণীখন খোলাৰ প্রস্তুতি চলোৱা হৈছে, সেই স্থানৰ শূন্য দূৰত্বৰ পৰা চৌপাশে বসতিস্থল হোৱাৰ উপৰি নাতিদূৰত অৱস্থিত সার্বজনীন কালী মন্দিৰ৷ তদুপৰি এই বিপণীখনৰ জৰিয়তে স্থানীয় যুৱক–যুৱতী তথা নৱপ্রজন্ম ধ্বংসৰ দিশে অগ্রসৰ হোৱাৰ উপৰি অঞ্চলটোৰ সামাজিক পৰিৱেশ সমূলি বিনষ্ট হোৱাৰ আশংকা কৰি এই বিপণীখন খোলাৰ অনুমতি প্রদান নকৰিবলৈ দাবী উত্থাপন কৰি উপায়ুক্তক স্মাৰক–পত্রখন প্রদান কৰে৷ নিজ গোৱর্ধন গাঁও উন্নয়ন সমিতিৰ সভাপতি–সম্পাদক ক্রমে প্রদীপ নাথ আৰু অনুপ ধৰে স্বাক্ষৰ কৰা স্মাৰক–পত্রৰ প্রতিলিপি আবকাৰী অধীক্ষক আৰু স্থানীয় ৰাজহ চক্র বিষয়াকো প্রদান কৰিছে৷

You might also like