নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মালিগাঁৱত অঘটন পাহাৰৰ পৰা পৰি মহিলাৰ মৃত্যু

নিয়মীয়া বার্তা, ২৩ ছেপ্টেম্বৰঃ মহানগৰীৰ মালিগাঁৱত কালি পাহাৰৰ পৰা পৰি এগৰাকী মহিলাৰ মৃত্যু হয়৷ মৃত মহিলাগৰাকী মালিগাঁৱৰ ১নং গেটৰ দীপালী বৰা বুলি জানিব পৰা গৈছে৷

প্রাপ্ত খবৰ মতে, মহিলাগৰাকীয়ে কালি পুৱা পাহাৰত ফুল ছিঙিবলৈ গৈছিল৷ গছৰ পৰা ফুল ছিঙি থকাৰ সময়তে মহিলাগৰাকী পিছলি পৰি আঘাত পায়৷

আঘাতপ্রাপ্ত মহিলাগৰাকীক এজন অচিনাক্ত যুৱকে অটোত তুলি হাস্পতাললৈ লৈ যোৱাৰ সময়ত মহিলাগৰাকীৰ মৃত্যু হয়৷ পাছত আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্রেৰণ কৰে৷

You might also like