নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জু–ৰোডত আৱর্জনাৰ দ’মে বিনষ্ট কৰিছে পৰিৱেশ

নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ  বছৰ বছৰজোৰা স্বচ্ছতা অভিযানৰ পিছতো গা লৰা নাই একাংশ মহানগৰবাসীৰ৷ কোনোধৰণৰ সামাজিক দায়বদ্ধতা নথকা একাংশ লোকৰ কু–কার্যৰ বাবে এতিয়া কদর্য হৈ পৰিছে মহানগৰীৰ বিভিন্ন স্থান৷ চৰকাৰ তথা গুৱাহাটী পৌৰ নিগমে ঘৰৰ পৰা জাৱৰ উঠোৱাৰ ব্যৱস্থা কৰাৰ লগতে বিভিন্ন স্থানত ডাষ্টবিন স্থাপন কৰিছে যদিও কাণসাৰ নাই একাংশ লোকৰ৷ যাৰ বাবে জধে–মধে মহানগৰীৰ ৰাজপথত জাৱৰ পেলাই আহিছে কোনো দায়বদ্ধতা নথকা এইসকল লোকে৷ বিশেষকৈ জু–ৰোডৰ বিভিন্ন স্থানত এতিয়া সহজলভ্য হৈ পৰিছে এনেবোৰ দৃশ্য৷ ৰাজপথ, উপ–পথ সকলোতে য’তে–ত’তে জাৱৰ পেলাই এইসকল লোকে কদর্য কৰি তুলিছে মহানগৰীখন৷ ৰাজপথক পৈতৃক সম্পত্তিৰ দৰে ভবা এই লোকসকলৰ কু–কার্যৰ বাবে এতিয়া লজ্জিত হ’বলগীয়া হৈছে আন সচেতন লোকসকল৷ এইক্ষেত্রত কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনাইছে সমাজ সচেতন মহানগৰবাসীয়ে৷ লগতে ৰাইজকো চকু দিবলৈ আহ্বান জনাইছে৷

You might also like