নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঐতিহাসিক বড়ো চুক্তি

বিদ্রোহী সংগঠন এনডিএফবিয়ে অস্ত্র সম্বৰণ কৰি শান্তিৰ পথলৈ ঘূৰি অহাটো সমগ্র বিটিএডি তথা অসমৰ বাবে এক সুখৰ খবৰ৷ শান্তি আলোচনাৰ মাজেৰে বিদ্রোহী সংগঠনসমূহৰ সৈতে সমস্যা সমাধানৰ পথ উলিয়াব লাগিব কেন্দ্রীয় চৰকাৰে৷ গতিকে এনডিএফবি আলোচনাৰ মাজলৈ অহাটো চলিত বর্ষৰ আৰম্ভণিতে ৰাজ্যখনৰ লগতে বিটিএডিৰ বাবে সুখৰ খবৰ হিচাপে চিহ্ণিত হৈছে৷ কেন্দ্রীয় চৰকাৰৰ সৈতে আজি শান্তিৰ পথ আঁকোৱালি লোৱাৰ সংকল্পৰে বিদ্রোহী বড়ো নেতৃত্বই কেন্দ্রীয় চৰকাৰৰ সৈতে ঐতিহাসিক চুক্তিত স্বাক্ষৰ কৰিছে৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে এই চুক্তিক ঐতিহাসিক আখ্যা দিয়াৰ লগতে বিটিএডিৰ পুনৰ নামকৰণ কৰা হৈছে ‘বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন’ অর্থাৎ বিটিআৰ হিচাপে এনডিএফবি আৰু কেন্দ্রীয় চৰকাৰৰ মাজত হোৱা এই চুক্তিয়ে অসমৰ ভৌগোলিক অখণ্ডতাত কোনোধৰণৰ প্রভাৱ নেপেলায় বুলি অসম চৰকাৰৰ মন্ত্রী তথা বিজেপিৰ উত্তৰ–পূবৰ অন্যতম নীতি নির্ধাৰক ড০ হিমন্ত বিশ্ব শর্মাই স্পষ্ট কৰি দিছে৷ উল্লেখনীয় যে বড়ো জনসাধাৰণৰ সামগ্রিক উন্নয়নৰ বাবে ১৫শ কোটি টকীয়া বিত্তীয় পেকেজৰ কথাও ঘোষণা কৰা আজি এই চুক্তি স্বাক্ষৰৰ সময়ত৷ কেন্দ্র, ৰাজ্য চৰকাৰ আৰু এন ডি এফ বিৰ কেইবাটাও গোট তথা এবছুৰ নেতৃত্বই স্বাক্ষৰ কৰা এই চুক্তিয়ে বড়োভূমিলৈ শান্তিৰ বাতাৱৰণ কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে৷ চুক্তি অনুসৰি ৰাজ্য চৰকাৰে বিটিআৰৰ উন্নয়নৰ বাবে তিনিবছৰত ২৫০ কোটি টকা প্রদান কৰিব৷ এই চুক্তিয়ে বড়োভূমিত দীর্ঘদিনীয়া অশান্ত পৰিস্থিতিৰ অৱসান ঘটাব বুলি চুক্তিত স্বাক্ষৰ কৰা সকলো পক্ষই আশা কৰিছে৷ কিন্তু বিটিএডিৰ অভ্যন্তৰত দীর্ঘদিনৰ পৰা ভয়, শংকা চলি আহিছে অবড়ো লোকসকলৰ মাজত৷ আনকি এই বড়ো শান্তি চুক্তিয়ে বিটিচিক পৰৱর্তী সময়ত কেন্দ্রীয়শাসিত অঞ্চল (ইউটিচি) লৈ উন্নীতকৰণৰ পথ গ্রহণ কৰিব বুলি বিভিন্ন মহলৰ মাজত সৃষ্টি হৈছে আশংকা৷ গতিকে বড়ো শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পূর্বেই বিটিএডিৰ অবড়ো সংগঠনসমূহে তীব্র প্রতিক্রিয়া প্রকাশ কৰাই নহয়, অনির্দিষ্টকালৰ বাবে বিটিএডি বন্ধৰ ঘোষণাও কৰিছে৷ কেবাটাও অবড়ো সংগঠনে বড়ো শান্তি চুক্তি চলি থকা সময়তে অসম বন্ধৰো আহ্বান দিছে৷ লক্ষণীয়ভাৱে ছটাকৈ অবড়ো সংগঠনে গণৰাজ্য দিৱসৰ মাজতেই বিটিএডিৰ বিভিন্ন স্থানত গ্রহণ কৰে প্রতিবাদী কার্যসূচী৷ নিঃসন্দেহে বিটিএডিক ইউটিচিলৈ উন্নীত কৰিলে অবড়ো লোকসকল সমস্যাৰ সন্মুখীন হ’ব৷
ইফালে এই শান্তি চুক্তিত অংশগ্রহণ কৰিছে কাৰাগাৰৰ পৰা মুক্তিলাভ কৰা এনডিএফবিৰ এটা গোটৰ নেতা ৰঞ্জন দৈমাৰীয়েও৷ এনডিএফবিৰ নেতাগৰাকীয়ে বিটিএডিৰ মুখ্য কার্যবাহী সদস্য হাগ্রামা মহিলাৰীৰ সৈতে এক গুৰুত্বপূর্ণ আলোচনাত মিলিত হৈছিল৷ অৱশ্যে এই আলোচনাৰ সবিশেষ তথ্য সদৰী হোৱা নাই৷ এনডিএফবিৰ চাৰিওটা গোটৰ সদস্যৰ সৈতে কেন্দ্রীয় চৰকাৰে নতুন দিল্লীত শান্তি আলোচনাত মিলিত হোৱাৰ সময়ত এটা কথা কেন্দ্রই মনত ৰখা উচিত যে অসম তথা বিটিএডিত জনসাধাৰণে পুনৰ ৰক্তক্ষয়ী বা অশান্ত পৰিস্থিতিৰ কামনা নকৰে৷ এই নতুন বড়ো শান্তি চুক্তিয়ে যাতে বিটিএডিত যুগ যুগ ধৰি বসবাস কৰি থকা অবড়ো খিলঞ্জীয়া লোকসকলৰ নিৰাপত্তালৈ কোনোধৰণৰ সন্দেহ বা ভাবুকি কঢ়িয়াই নানে সেই বিষয়টোক নজৰ দিব লাগিব৷ বিটিএডি গঠনৰ জৰিয়তে চৰকাৰে বড়োভূমিত শান্তিৰ বাতাৱৰণ সৃষ্টি কৰা বুলি দাবী কৰি আহিছে যদিও অঞ্চলটোত বসবাস কৰা অবড়ো লোকসকলৰ মাজত কিন্তু দীর্ঘদিন ধৰি আশংকা সজীৱ হৈ আছে৷ এনে পৰিস্থিতিত বড়ো শান্তি চুক্তি স্বাক্ষৰৰ জৰিয়তে অকল বিদ্রোহী সমস্যাৰ অন্ত পেলোৱা বুলি চৰকাৰে দাবী কৰিলেই নহ’ব৷ সমগ্র অঞ্চলটোত যুগ যুগ ধৰি বাস কৰি থকা লোকসকলৰ মাজত শান্তি আৰু সুস্থিৰতা অক্ষুণ্ণ থকাটো নিশ্চিত কৰিব লাগিব৷ তেতিয়াহ’লে বড়োভূমিত বাস কৰা সকলো লোকে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাব৷ সকলো আশংকা আৰু সন্দেহ দূৰ কৰাৰ সমস্ত চাবিকাঠী এতিয়া কেন্দ্রীয় চৰকাৰৰ হাততেই আছে৷ গতিকে চৰকাৰে ইয়াৰ সঠিক প্রয়োগ কৰা উচিত৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে এই বিটিআৰ চুক্তিক ঐতিহাসিক আখ্যা দিলেই নহ’ব, বিটিএডি গঠন হোৱাৰ পাছতো বড়োভূমিত যি অশান্তি পৰিস্থিতি বিৰাজমান হৈ আছে তাক বিটিআৰৰ জৰিয়তে নাইকিয়া কৰিবলৈ বদ্ধপৰিকৰ হ’ব লাগিব৷ এটা কথা সকলোৱে মনত ৰখা দৰকাৰ যে বড়োভূমিত যুগ যুগ ধৰি বাস কৰি অহা খিলঞ্জীয়া অসমীয়া আৰু জনজাতীয় অসমীয়াসকলৰ মাজত যাতে এই চুক্তিয়ে সংঘাত সৃষ্টি কৰিব নোৱাৰে তাক চৰকাৰে গুৰুত্ব প্রদান কৰিব লাগিব৷ বড়ো লোকসকলৰ সামগ্রিক উন্নয়নৰ সমান্তৰালকৈ বিটিআৰৰ অবড়ো লোকসকলেও বিভিন্ন কল্যাণকামী আঁচনিৰ সুবিধা লাভ কৰিব লাগিব৷ বিটিআৰত বড়ো–বড়োৰ মাজত যাতে চৰকাৰী আঁচনিৰ কোনো বৈষম্য নাথাকে তাক নিশ্চিত কৰিব লাগিব কেন্দ্রীয় তথা ৰাজ্য চৰকাৰে৷ এই কামৰ জৰিয়তেহে বড়োভূমিত সকলো বাসিন্দাৰ মাজত অটুত থাকিব শান্তি আৰু ঐক্য৷ অন্যথা দীর্ঘদিনীয়া অশান্তিৰ অৱসান ঘটিব বুলি ধাৰণা কৰাটো হ’ব এক অলীক কল্পনা৷ এই চুক্তি স্বাক্ষৰ এক ঐতিহাসিক ঘটনা হিচাপে বিবেচিত হ’বলৈ হ’লে চৰকাৰে বড়োভূমিত বৈষম্য আঁতৰ কৰাৰ ক্ষেত্রত গ্রহণ কৰিব লাগিব ব্যৱস্থা৷

You might also like