নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাক তৃতীয় স্তৰৰ পূর্বেই ৰুধিব লাগিব

তৃতীয়টো স্তৰত ক’ৰোনা ভাইৰাছৰ ধ্বংসলীলা কিমান ভয়াৱহ আৰু হূদয়বিদাৰক হ’ব পাৰে, তাৰ অন্যতম উদাহৰণ হ’ল ইটালী৷ দেশখনত বুধবাৰে ৪৭৫গৰাকী লোকৰ মৃত্যু হয়৷ দেশখনত এতিয়ালৈকে প্রায় তিনি হাজাৰ লোকৰ মৃত্যু হৈছে৷ আজিৰ তাৰিখত ক’ৰোনা ভাইৰাছে তাণ্ডৱলীলা চলোৱা দেশৰ তালিকাত চীনৰ পিছতে ইটালীৰ নামটো আহে৷ ক’ৱিড–১৯ৰ ওচৰত একপ্রকাৰ অসহায় হৈ পৰিছে বিশ্বৰ অন্যতম উন্নত ৰাষ্ট্রখন৷ ইয়াৰ কাৰণ হ’ল, দ্বিতীয় স্তৰতে ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধত দেশখনৰ ব্যর্থতা৷ দেশখনে সর্বতোপ্রকাৰে চেষ্টা চলায়ো দ্বিতীয় স্তৰত ভাইৰাছবিধৰ সংক্রমণ ৰোধত বাধা দিব নোৱাৰিলে৷ ইয়ে ভাৰতৰ দৰে ৰাষ্ট্র এখনৰ ভৱিষ্যতলৈ ভয়ানক অশনি সংকেত কঢ়িয়াই আনিলে৷ ভাৰতবর্ষ এতিয়া ক’ৰোনাৰ দ্বিতীয় স্তৰত আছে৷ আই এম চি আৰৰ সঞ্চালকৰ মতে, ভাৰতবর্ষই তৃতীয় স্তৰক ৰুধিবলৈ দেশখনৰ হাতত এমাহো সময় নাই৷ এই সময়ছোৱাত দেশখনে প্রয়োজনীয় ব্যৱস্থা গ্রহণ নকৰিলে ক’ৰোনা ভাইৰাছে ভাৰতবর্ষত কি ধৰণৰ তাণ্ডৱলীলা চলায়, সেয়া কল্পনা কৰাটোও কঠিন৷ সেয়ে এতিয়া সমগ্র দেশবাসীৰ সন্মুখত এটাই পথ খোলা আছে, সতর্কতামূলক ব্যৱস্থাৰ ক্ষেত্রত চৰকাৰে গ্রহণ কৰা ব্যৱস্থাৱলী আৰু সময়ে সময়ে স্বাস্থ্য বিভাগে দি থকা পৰামর্শাৱলী আখৰে আখৰে পালন কৰা৷ দেশখনৰ সন্মুখত ইয়াৰ বিকল্প নাই৷ চৰকাৰে দ্বিতীয়টো স্তৰতে ক’ৰোনা ভাইৰাছক ৰুধিবলৈ ইতিমধ্যে যথেষ্ট সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিছে৷ মূলতঃ জনসাধাৰণৰ সামাজিক দূৰত্ব সৃষ্টিৰ প্রয়াসেৰে লোৱা হৈছে পদক্ষেপসমূহ, যাতে এজনৰ পৰা আনজনলৈ ভাইৰাছবিধ সংক্রমিত হ’ব নোৱাৰে৷ তাৰ বাবে জনসমাগম ঘটা যিকোনো ধৰণৰ অনুষ্ঠান আয়োজনত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ শিক্ষানুষ্ঠান, পৰীক্ষা আদি বাতিল কৰা হৈছে৷ শ্বপিং মল, আনকি ছেলুনো বন্ধ কৰিবলৈ নির্দেশ দিয়া হৈছে৷ ৰে’লৰ চলাচলৰ দৰে যাতায়াতৰ প্রাণস্বৰূপ ব্যৱস্থাতো বাধা আৰোপৰ প্রক্রিয়া আৰম্ভ হৈছে৷
এই মুহূর্তত দেশখনৰ বাবে জৰুৰী– নিজকে জনসমাগমৰ পৰা নিলগাই ৰখা৷ আনকি ১৫ দিনলৈ সকলোৱে নিজ নিজ ঘৰতে কটাব পাৰিলে ক’ৰোনা ভাইৰাছক দ্বিতীয়টো স্তৰতে বাধা দিয়াটো সম্ভৱ হ’ব পাৰে৷ কিন্তু ভাৰতবর্ষত এই কামটো ইমান সহজ নহয়৷ দেশখনত কোটি কোটি এনে লোক আছে, যাৰ প্রতিদিনৰ আয়ৰ ওপৰত নির্ভৰ কৰে দিনটোত চৌকা জ্বলিবনে নাই৷ এনে অৱস্থাত ১৫ দিনৰ বাবে নিজ গৃহত আবদ্ধ হৈ থকাটো দেশখনৰ গৰিষ্ঠসংখ্যক লোকৰ বাবেই কঠিন আৰু তীব্র প্রত্যাহ্বানজনক হৈ পৰিব৷ তদুপৰি, দেশখনৰ ৰাজনীতিও বহু পৰিমাণে স্বার্থসিদ্ধিৰ নীতিত চলে৷ চৰকাৰে তেনে ধৰণৰ নির্দেশ অথবা পৰামর্শ দিলে ৰাজনৈতিক মুনাফা আদায়ৰ সুযোগ আৰু অপেক্ষাত থকা বিৰোধী পক্ষই দেশৰ পৰিস্থিতিয়েই আনফালে লৈ যাব পাৰে৷ কিন্তু ৰোগবিধৰ সৈতে যুঁজাৰ ক্ষেত্রত শিথিলতাৰ স্থান তেনেই সীমিত৷ নাই বুলিয়েই ক’ব পাৰি৷ ক’ৰোনাৰ সৈতে এই মুহূর্তত দেশখনে সফলতাৰে যুঁজিবলৈ হ’লে জনসাধাৰণে সম্পূর্ণৰূপে সামাজিক যোগাযোগ বন্ধ কৰি দিব লাগিব৷ অৱশ্যেই ই অনন্ত কাললৈ নহয়৷ নহ’লে দেশখন কঠিন সংকটত পৰিব পাৰে৷ ক’ৰোনা ভাইৰাছ নামৰ মহামাৰীবিধ তৃতীয়টো স্তৰত উপনীত হ’লে কি হ’ব পাৰে? আমাৰ দেশখনৰ গ্রামাঞ্চলত স্বাস্থ্য সেৱাৰ বুনিয়াদী সুবিধা তেনেই সীমিত৷ বহু অঞ্চলত শূন্যপ্রায় বুলিব পাৰি৷ চহৰাঞ্চলতো সুবিধা সীমিত৷ পর্যাপ্ত ভেণ্টিলেটৰৰ অভাৱ৷ এনে অৱস্থাত ভাইৰাছবিধৰ ত্রাস আৰম্ভ হোৱাটো ভয়ংকৰ কথা হৈ পৰিব৷ দেশখনৰ গ্রামাঞ্চলত স্বাস্থ্যৰ যতন ল’ব পৰা সেৱাৰ প্রসাৰ ইমানেই সীমিত যে ক’ৰোনাই অতি সহজে মহামাৰীৰ ৰূপ ধাৰণ কৰিবলৈ সক্ষম হ’ব পাৰে৷ ইতিমধ্যে ভাৰতবর্ষৰ ভৱিষ্যতক লৈ বিশেষজ্ঞৰ মাজত শংকাৰ সৃষ্টি হৈছেই৷ দেশখনৰ জনঘনত্ব এইক্ষেত্রত প্রধান বাধা হিচাপে থিয় দিয়াৰ সম্ভাৱনা আছে৷ দেশখনত প্রতি বর্গ কিলোমিটাৰত ৪২০গৰাকী লোক বসবাস কৰে৷ ইয়াৰ অর্থ এইটোৱেই হ’ল যে দেশখনত কার্যতঃ সামাজিক বিচ্ছিন্নতা অসম্ভৱ৷ মধ্যবিত্ত আৰু উচ্চবিত্তৰ মাজত এই কার্যকৰী ব্যৱস্থাটো ফলপ্রসূ হ’লেও নিম্নবিত্ত তথা দৰিদ্র লোকৰ ক্ষেত্রত তেনেই অসম্ভৱ কথা৷ এই প্রত্যাহ্বান দেশখনৰ জনসাধাৰণে নিজেই গ্রহণ নকৰিলে, সমাগত দিনকেইটা ভাৰতবর্ষৰ বাবে সুখকৰ নহ’বও পাৰে৷ সেয়ে এই মুহূর্তত সজাগতাৰ অতি আৱশ্যক৷ দেশখনে তৃতীয় স্তৰৰ পূর্বেই ক’ৰোনা ভাইৰাছক পৰাভূত কৰিব লাগিব৷ ইয়াৰ বাবে দৰবৰ লগতে সচেতনতা–সতর্কতা অতি জৰুৰী৷

You might also like