নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ ৰক্তক্ষয়ী সংঘর্ষ

নাগৰিকত্ব সংশোধনী আইন(কা)বিৰোধী বিক্ষোভ–প্রতিবাদে এতিয়া ৰক্তক্ষয়ী সংঘর্ষৰ ৰূপ লৈছে দেশৰ ৰাজধানী নতুন দিল্লীত৷ ‘কা’বিৰোধী বিক্ষোভ বিগত দুমাহতকৈ অধিককাল ধৰি অব্যাহত আছে দিল্লীৰ শ্বাহিনবাগ অঞ্চলত৷ শ্বাহিনবাগৰ এই বিক্ষোভে দেশৰ বিভিন্ন স্থানলৈ ৰপ্তানি কৰিছে ‘কা’বিৰোধী আন্দোলন৷ শ্বাহিনবাগৰ অনুপ্রেৰণাতেই কেইবাখনো ৰাজ্যত ধাৰাবাহিক বিক্ষোভ কার্যসূচী গ্রহণ কৰি আহিছে বিভিন্ন দল–সংগঠনে৷ তথাপি শ্বাহিনবাগৰ ‘কা’বিৰোধী আন্দোলন তুলনামূলকভাৱে শান্তিপূর্ণ বুলি বিভিন্ন মহলে উল্লেখ কৰিছে৷ কিন্তু শেহতীয়াকৈ পূর্বোত্তৰ দিল্লীৰ জাফ্রাবাদত গ্রহণ কৰা বিক্ষোভ কার্যসূচীয়ে দিল্লীজুৰি বিস্তাৰ ঘটাইছে সংঘর্ষ৷ ‘কা’বিৰোধী আৰু ‘কা’ সমর্থক লোকৰ মাজত আৰম্ভ হৈছে সংঘাত৷ ইতিমধ্যে এই সংঘাতৰ বলি হৈছে ২২গৰাকী লোক৷ আনকি পূর্বোত্তৰ দিল্লীৰ বিভিন্ন স্থানত এই বিক্ষোভে হিন্দু–মুছলমানৰ মাজৰ সাম্প্রদায়িক সংঘর্ষৰ ৰূপ ধাৰণ কৰা বুলিও আশংকা কৰিছে প্রশাসনে৷ লক্ষণীয়ভাৱে দেশৰ হূদপিণ্ডস্বৰূপ দিল্লীত সংঘটিত এই নজিৰবিহীন সংঘর্ষৰ ঘটনাই আন্তর্জাতিক সংবাদ মাধ্যমতো বিশেষ চর্চা লাভ কৰিছে৷ কিন্তু প্রশাসনে তৃতীয় দিনাও এই সংঘর্ষৰ জুই নির্বাপণ কৰিবলৈ সক্ষম হোৱা নাই৷ গতিকে সমগ্র বিষয়টোক লৈ সৃষ্টি হৈছে সন্দেহ৷ দিল্লীৰ বিক্ষোভৰ জুইত কোনে অৰিহণা যোগাইছে তাক লৈও বিভিন্ন মহলত প্রশ্ণৰ অৱতাৰণা হৈছে৷ ইফালে কংগ্রেছ–বিজেপি আদি ৰাজনৈতিক দলবোৰে পৰস্পৰৰ বিৰুদ্ধে বোকা ছটিওৱা খেল খেলি আছে দিল্লীৰ এই ঘটনাৰ গইনা লৈ৷ কংগ্রেছ দলে বিক্ষোভৰ জুই নির্বাপিত কৰিব নোৱাৰা বাবেই গৃহমন্ত্রী অমিত শ্বাহক জগৰীয়া কৰি তাৎক্ষণিকভাৱে মন্ত্রীগৰাকীয়ে পদত্যাগ কৰিব লাগে বুলি দাবী জনাইছে৷ একে সময়তে দিল্লীৰ কেইবাগৰাকীও বিজেপি নেতাই শ্বাহিনবাগৰ দৰে আন্দোলন জাফ্রাবাদত হ’বলৈ দিয়া নহ’ব বুলি হুংকাৰ দিছে৷ এই সকলোবোৰ ঘটনাই কিন্তু পৰিস্থিতি অধিক জটিলহে কৰি তুলিছে৷ লক্ষণীয়ভাৱে দিল্লী উচ্চ ন্যায়ালয়ে ১৯৮৪ৰ শিখ নিধন কাণ্ডৰ পুনৰাবৃত্তি দিল্লীত কেতিয়াও হ’বলৈ দিয়া নহ’ব বুলি ঘোষণা কৰিছে৷
এই সম্পাদকীয় স্তম্ভ যুগুতোৱাৰ পৰলৈ দিল্লীৰ পৰিস্থিতি নিয়ন্ত্রণৰ বাবে কেন্দ্রীয় তথা ৰাজ্য চৰকাৰে বিভিন্ন চিন্তা–চর্চা চলাইছে যদিও কার্যতঃ এইক্ষেত্রত কোনোধৰণৰ সুফল দেখিবলৈ পোৱা নাই৷ আনকি ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালৰ ওপৰত ন্যস্ত কৰা হৈছে দিল্লীৰ পৰিস্থিতি নিয়ন্ত্রণৰ দায়িত্ব৷ দোভালে কালি পুৱতিনিশাৰ পৰা সংঘর্ষ জর্জৰিত অঞ্চলসমূহ পৰিদর্শন কৰি তাৎক্ষণিক ব্যৱস্থা গ্রহণৰ প্রচেষ্টা চলাইছে যদিও আজি পুৱাৰ ভাগতে ন ন অঞ্চলত সূত্রপাত ঘটিছে সংঘর্ষৰ৷ এই সংঘর্ষৰ লগতে উন্মত্ত লোকে সাম্প্রদায়িক শ্লোগান দি পৰিস্থিতি অধিক জটিল কৰি তুলিছে৷ অৱশ্যে ন্যায়পালিকাই সমগ্র ঘটনাক লৈ উদ্বেগ প্রকাশ কৰিছে৷ দেশৰ ৰাজধানী চহৰখনত যাতে এই ৰক্তক্ষয়ী সংঘর্ষত অধিক লোকে প্রাণ দিবলগীয়া নহয় সেইক্ষেত্রত ব্যৱস্থা গ্রহণ কৰিবলৈ দিল্লী উচ্চ ন্যায়ালয়ে কেন্দ্রীয় চৰকাৰক আহ্বান জনাইছে৷ ইফালে জাফ্রাবাদৰ পৰিস্থিতি জটিল নহওক বুলিয়েই উচ্চতম ন্যায়ালয়ে শ্বাহিনবাগৰ আন্দোলন সন্দর্ভত মধ্যস্থতাকাৰীয়ে দাখিল কৰা প্রতিবেদন সন্দর্ভত কোনোধৰণৰ পৰীক্ষা নচলোৱাৰ সিদ্ধান্ত লৈছে৷ আনকি শ্বাহিনবাগ গোচৰৰ শুনানি পর্যন্ত পিছুৱাই দিছে শীর্ষ আদালতখনে৷ কিন্তু ন্যায়পালিকাই দেশৰ ৰাজধানী চহৰখনৰ ভয়াৱহ সংঘর্ষৰ ঘটনা সন্দর্ভত উদ্বেগ প্রকাশ কৰি এনে পদক্ষেপবোৰ গ্রহণ কৰিছে যদিও কেন্দ্রীয় তথা দিল্লী চৰকাৰে পৰিস্থিতি নিয়ন্ত্রণৰ ক্ষেত্রত সফল নোহোৱাটোৱে দেশৰ অন্যান্য প্রান্তত সৃষ্টি কৰিছে আশংকা৷ ‘কা’বিৰোধী আন্দোলনৰ স্পর্শকাতৰ অঞ্চল হিচাপে চিহ্ণিত বহু চহৰলৈ দিল্লীৰ জুই ব্যাপিত হোৱাৰ আশংকা আছে৷ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে কেন্দ্রীয় গৃহ বিভাগক দিল্লীৰ পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ সেনাক দায়িত্ব প্রদান কৰাৰ দাবী জনাইছে৷ দিল্লী আৰক্ষীয়ে সংঘর্ষত লিপ্ত উন্মত্ত লোকক দেখিলেই গুলীওৱাৰ নির্দেশো দিছে৷ তথাপি পৰিস্থিতি সলনি হোৱা নাই জাফ্রাবাদকে ধৰি পূর্বোত্তৰ দিল্লীৰ৷ গতিকে প্রতিটো মুহূর্ত এতিয়া হৈ পৰিছে অধিক আশংকাৰ৷ এই পৰিস্থিতিৰ অৱসান ঘটিব কেনেকৈ? দিল্লীৰ সংঘর্ষৰ জুইকুৰা যিমান সোনকালে নির্বাপিত হয় সিমানেই দেশবাসীৰ বাবে মংগল বুলি চিহ্ণিত হ’ব৷ তাৰ বাবে চৰকাৰে গ্রহণ কৰিব লাগিব সম্ভাব্য সকলো ব্যৱস্থা৷

You might also like