নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন ৰাজনৈতিক দল

নাগৰিকত্ব আইনৰ শেহতীয়া সংশোধনীৰ প্রতিবাদত প্রায় ডেৰ মাহ ধৰি আন্দোলনমুখৰ হৈ আছে ব্রহ্মপুত্র উপত্যকাৰ একাংশ অঞ্চল৷ উজনিৰ তিনিচুকীয়াৰ পৰা নামনিৰ পাঠশালালৈকে নাগৰিকত্ব সংশোধনী আইন (কা)ৰ বিৰুদ্ধে চলি থকা আন্দোলনৰ সময়তে এটা নতুন ৰাজনৈতিক দল গঠনৰ কুচকাৱাজ আৰম্ভ হৈছে৷ ‘কা’বিৰোধী আন্দোলনৰ নেতৃত্ব বহন কৰা আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদে নতুন ৰাজনৈতিক দল গঠনৰ পোষকতা কৰিছে৷ ৰাজ্যখনৰ পৰা বিদেশী বহিষ্কৰণৰ দাবীত ৬ বছৰীয়া অসম আন্দোলনৰ পৰিসমাপ্তি ১৯৮৫ত গোলাঘাটত এক ৰাজনৈতিক অভিৱর্তনযোগে আছু, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদকে ধৰি আন্দোলনকাৰী নেতৃত্বই জন্ম দিছিল অসম গণ পৰিষদ (অগপ)৷ প্রায় তিনি দশকৰ পাছত আছু আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে দ্বিতীয়বাৰৰ বাবে আঞ্চলিক তথা জাতীয়তাবাদী ৰাজনৈতিক দল এটা গঠনৰ বাবে তৎপৰ হৈছে৷ জাতীয় সংগঠন দুটাৰ নতুন ৰাজনৈতিক দল গঠনৰ লক্ষ্য যে ২০২১ত অনুষ্ঠিত হ’ব লগা বিধানসভাৰ নির্বাচন সেয়া স্পষ্ট হৈছে৷ কিন্তু ১৯৮৫ত অসম চুক্তি স্বাক্ষৰৰ পাছতে অগপ দলে ব্রহ্মপুত্র উপত্যকতাত লাভ কৰা ৰাজনৈতিক সফলতা ২০২১ৰ বিধানসভা নির্বাচনত প্রস্তাৱিত নতুন ৰাজনৈতিক দলটোৱে লাভ কৰিবলৈ সক্ষম হ’বনে? খিলঞ্জীয়া লোকসকলৰ আৱেগ–নুভূতিক মূলধনৰূপে লৈ গঠিত অগপ দলে দুটাকৈ কার্যকাল ক্ষমতাত অধিষ্ঠিত হৈছিল যদিও ৰাজ্যখনৰ সমস্যাৰাজি সমাধানৰ ক্ষেত্রত কোনো পদক্ষেপ গ্রহণ কৰিব নোৱাৰিলে৷ অসম চুক্তি অনুসৰি ৰাজ্যখনৰ পৰা অবৈধ বিদেশী লোকসকলক খেদি পঠোৱাৰ ক্ষেত্রতো আঞ্চলিক দলটোৱে সফল নহ’ল৷ অসম চুক্তি অনুসৰি অসমীয়া লোকসকলক সাংবিধানিক ৰক্ষাকৱচ প্রদান কৰাটো দূৰৰ কথা, অসমীয়াৰ সংজ্ঞাই নিৰূপণ কৰিব নোৱাৰিলে৷ ছবছৰীয়া অসম আন্দোলনৰ নেতৃত্বৰ এনে ব্যর্থতাৰ পাছত প্রস্তাৱিত ৰাজনৈতিক দলটোৱে ৰাজ্যখনৰ ক্ষমতাৰ গুৰিব’ঠা ধৰাৰ জোখাৰে কিমান শক্তি আহৰণ কৰিব পাৰিব তাক লৈ এতিয়াও সন্দেহ নথকা নহয়৷ কিয়নো ১৯৮৫ত জন্ম হোৱা অগপ দলে ক্ষমতা লাভ কৰাৰ অন্তৰালত আছিল ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ লগতে ভূমিপুত্র জনজাতীয় লোকসকলৰ ব্যাপক সমর্থন৷ সেই সময়ত বড়ো, মিচিং, কার্বি, ৰাভা, তিৱা আদি জনজাতীয় লোকসকলে অগপ দলক সমর্থন কৰিছিল৷ কিন্তু ১৯৮৫ত ৰাজনৈতিক পৰিস্থিতি এতিয়া বহুত সলনি হৈছে৷ ৰাজ্যখনৰ বড়ো ৰাজনীতিত সুকীয়া আঞ্চলিক শক্তিৰ আধিপত্য চলিছে৷ বিটিএডিৰ চাৰিখন জিলাত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে বিগত ১৫ বছৰ ধৰি আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷মিচিং, ৰাভা, তিৱা জনগোষ্ঠীৰ সিংহভাগ ভোটদাতাও নিজস্ব ৰাজনৈতিক শক্তিৰ ছত্রছায়াত আছে৷ এনে পৰিস্থিতিত অগপৰ বিকল্পৰূপে গঠন হ’ব লগা নতুন ৰাজনৈতিক দলটোৰ শক্তিক লৈ স্বাভাৱিকতে বিভিন্ন প্রশ্ণৰ উদয় হোৱাটো স্বাভাৱিক৷
ধর্মৰ ভিত্তিত বিদেশীক সংস্থাপন দিয়াটো অসমৰ সর্বসাধাৰণ ৰাইজৰ সিংহভাগে বিচৰা নাই৷ নাগৰিকত্ব আইনৰ সংশোধনীৰ পূর্বে অসমবাসীৰ আৱেগ–নুভূতিক বিজেপি দল আৰু চৰকাৰে গুৰুত্ব নিদিয়াৰ বাবেই ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ মাজত বিভিন্ন আশংকা ঘনীভূত হৈছে৷ এই আশংকাৰ কাৰকো হ’ল ৰাজ্যখনৰ ভয়াৱহ বিদেশী সমস্যা৷ ঘাইকৈ চুবুৰীয়া বাংলাদেশৰ পৰা চলি থকা অবৈধ বিদেশীয়ে ৰাজ্যখনৰ খিলঞ্জীয়া লোকসকলৰ জীৱন–জীৱিকাৰ প্রতি ভাবুকিৰ সৃষ্টি কৰাই নহয়, ৰাজনৈতিক অধিকাৰো কাঢ়ি নিছে৷ অবৈধ বিদেশীসকলক খেদি পঠোৱাৰ বাবে খিলঞ্জীয়া লোকসকলে বিগত চাৰি দশক ধৰি চলাই থকা আন্দোলন এতিয়া অৰণ্যৰোদনত পৰিণত হৈছে৷ ভৱিষ্যৎ প্রজন্মৰ সুৰক্ষাৰ স্বার্থত খিলঞ্জীয়া লোকসকলে ৰাজ্যখনৰ পৰা অবৈধ বিদেশীসকলক খেদি পঠোৱাটো বিচাৰিছে৷ কিন্তু খিলঞ্জীয়া লোকসকলৰ এনে প্রত্যাশা যে পূৰণ হ’ব সেয়া আশা কৰিব নোৱাৰি৷ সংসদৰ উভয় সদনত নাগৰিকত্ব সংশোধনী বিধেয়ক (কেব) গৃহীত হোৱাৰ আগে–পিছে ৰাজ্যখনৰ প্রতিবাদৰ জোৱাৰ উঠাৰ মূলতেই আছিল বিৰোধী পক্ষত থকা দল–সংগঠনসমূহ ঐক্যবদ্ধ যুঁজ৷ অসম আন্দোলনৰ পাছত প্রথমবাৰৰ বাবে খিলঞ্জীয়া লোকসকল ৰাজপথলৈ ওলাই অহাৰ অন্তৰালত আছিল শাসকবিৰোধী দল–সংগঠনৰ যুগ্ম প্রচেষ্টা৷ কিন্তু আছু আৰু যুৱ–ছাত্র পৰিষদৰ শীর্ষ নেতৃত্বই নতুন ৰাজনৈতিক দল গঠনৰ তৎপৰতা আৰম্ভ কৰাৰ লগে লগে বহুধাবিভক্ত হৈ পৰিছে ‘কা’বিৰোধী সংগ্রাম৷ ‘কা’বিৰোধী সংগ্রামৰ নামত দিছপুৰৰ ক্ষমতা দখলৰ বাবে কংগ্রেছ আৰু এআইইউডিএফ দলে এমাহ পূর্বে দেখা সপোন ছাৰখাৰ হৈছে৷ কিয়নো কংগ্রেছ আৰু এআইইউডিএফক লৈ নতুন ৰাজনৈতিক দল গঠন কৰিব নোৱাৰে আছু আৰু যুৱ–ছাত্র পৰিষদৰ নেতৃত্বই৷ নতুন ৰাজনৈতিক দলটোৰ ক্ষমতাৰ অংকৰ বাহিৰত যদিহে কংগ্রেছ আৰু এআইইউডিএফ থাকে তেন্তে ২০২১ৰ বিধানসভা নির্বাচনত ভোটদাতাসকলো বহুধাবিভক্ত হৈ পৰাৰ আশংকা আছে৷ বিৰোধী পক্ষৰ ভোটৰ বিভাজন যিমানেই বাঢ়ে সিমানেই লাভৱান হয় শাসকপক্ষ৷ এনে পৰিস্থিতিত নতুন ৰাজনৈতিক দলটোৰ বাবে ভোটৰ পৰিমাণ হ্রাস পালেও শাসকীয় বিজেপি দল লাভৱান হোৱাৰ সম্ভাৱনা প্রকট হৈছে৷ ১৯৮৫ৰ অসম চুক্তি সম্পাদনৰ লগে লগে ৰাজ্যখনৰ বাংলাদেশ মূলৰ মুছলমান আৰু বাংলাভাষীসকলৰ মাজত নিৰাপত্তাহীনতাৰ বীজ ৰোপণ কৰি জন্ম দিয়া ইউএমএফ দলে ১৭খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছিল৷ একেদৰে আইএমডিটি আইন বাতিলৰ পাছত জন্ম হোৱা মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ দলে বিগত ১৫ বছৰে ৰাজ্যখনৰ ধর্মীয় সংখ্যালঘু ৰাজনীতিত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ নতুন ৰাজনৈতিক দল গঠনৰ তৎপৰতাক সমর্থন কৰিলেও মৌলানা আজমলে কোনো কাৰণতে দলটোৰ সৈতে নির্বাচনৰ পূর্বে ৰাজনৈতিক মিত্রতা কৰিব নোৱাৰে৷ বহুধাবিভক্ত হৈ পৰা বিৰোধী ৰাজনৈতিক দল–সংগঠনসমূহ ঐক্যবদ্ধ কৰিবলৈ সক্ষম নহ’লে নতুন ৰাজনৈতিক দলে আশাপ্রদ নির্বাচনী ফলাফল লাভ কৰিব বুলি আশা কৰিব নোৱাৰি৷

You might also like