নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাণঘাতী ভাইৰাছ

১৮ বছৰৰ ব্যৱধানত চীনত পুনৰ প্রাণঘাতী মাৰাত্মক ভাইৰাছৰ প্রাদুর্ভাৱ৷ ২০০২ চনত অতি কম দিনৰ ভিতৰতে মহামাৰীৰ ৰূপ ধাৰণ কৰা ‘ছিভিয়াৰ একিউট ৰেছপিৰেটৰী ছিণ্ড্রম’ (ছার্ছ) নামৰ ভাইৰাছবিধে দেশখনত ৮ শতাধিকৰ প্রাণ কাঢ়িছিল৷ এইবাৰো অনুৰূপ পৰিস্থিতিৰেই সূচনা হৈছে৷ নতুন প্রাণঘাতী ভাইৰাছবিধৰ নামকৰণ কৰা হৈছে ‘নোভেল ক’ৰোনা ভাইৰাছ’ nCoV) ৰূপে৷ বিগত ডিচেম্বৰ মাহত হুবেই প্রদেশৰ ৰাজধানী য়ুহান চহৰত চিকিৎসকে এই ভয়ংকৰ ভাইৰাছবিধ প্রথমবাৰৰ বাবে ধৰা পেলায়৷ তাৰ পাছতেই ইয়াৰ ত্বৰিৎ গতিত সংক্রমণ ঘটিবলৈ ধৰে৷ সম্প্রতি সমগ্র বিশ্বতেই ক’ৰোনা ভাইৰাছে তীব্র আতংক সৃষ্টি কৰিছে৷ চীনৰ উপৰি ১৮খন দেশলৈ ক’ৰোনা ভাইৰাছ সংক্রমিত হৈছে৷ উদ্বেগজনক কথাটো হ’ল– প্রাণঘাতী ভাইৰাছবিধৰ সংক্রমণ ঘটা দেশৰ তালিকাত আছে ভাৰতো৷ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি বিশ্ব স্বাস্থ্য সংস্থাই জনস্বাস্থ্য সংক্রান্তীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিবলগীয়া হৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ এই ঘোষণাৰ সমান্তৰালভাৱে ক’ৰোনা ভাইৰাছ সংক্রমণৰ আশংকাত চীন ভ্রমণকাৰী বিদেশী পর্যটকসকলৰ প্রৱেশত সীমান্তত ইতিমধ্যে নিষেধাজ্ঞা আৰোপ কৰিছে ৰাছিয়া, জাপান, পাকিস্তান, ইটালী, আমেৰিকা, অষ্ট্রেলিয়া আদি দেশে৷ কিন্তু এনেধৰণৰ পদক্ষেপে বিৰূপ প্রভাৱ পেলোৱাৰ সম্ভাৱনাহে প্রকট৷ খোদ বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা এই সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰি কোৱা হৈছে যে এনে ব্যৱস্থাই ভালৰ পৰিৱর্তে বেয়াহে কৰিব৷ বিশেষকৈ তথ্য আদান–প্রদানত প্রতিবন্ধকতা সৃষ্টি কৰিব৷ চিকিৎসা সামগ্রী সৰবৰাহ বন্ধ হোৱাৰ লগতে অর্থনীতিতো মাধমাৰ শোধাব পাৰে৷ সীমান্তৰ প্রৱেশদ্বাৰ বন্ধ কৰি দিয়াৰ পৰিণতিত পর্যটকসকলে বে–আইনী পথেৰে প্রৱেশৰ চেষ্টা চলাব৷ পৰিণতিত ক’ৰোনা ভাইৰাছৰ ভয়ংকৰ ৰূপত সংক্রমণ ঘটিব পাৰে৷ ক’ৰোনা ভাইৰাছত আক্রান্ত হৈ চীনত মৃত্যু হোৱা লোকৰ সংখ্যা তিনি শতাধিক হৈছেগৈ৷ তদুপৰি চৰকাৰী তথ্য অনুসৰি শনিবাৰপর্যন্ত চীনত এই ভাইৰাছত আক্রান্তৰ সংখ্যা হৈছে প্রায় ১৪,০০০৷ মুঠৰ ওপৰত চীনৰ পৰিস্থিতি সম্প্রতি বর্ণনাতীত, বিশেষকৈ হুবেই প্রদেশ তথা য়ুহান চহৰত৷ তৎসত্ত্বেও চীন চৰকাৰ বিচলিত হোৱা নাই৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধ কৰিবলৈ তেওঁলোকে সকলো ধৰণৰ প্রচেষ্টা গ্রহণ কৰিছে৷ তাৎক্ষণিকভাৱে ৪০০ কোটি ডলাৰৰ পুঁজি আবণ্টন দিয়াৰ সমান্তৰালভাৱে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ বিশেষজ্ঞৰ দল গঠনৰ লগতে মাত্র ৪৮ ঘণ্টাৰ ভিতৰতে ৩খনকৈ মাল্টী স্পেচিয়েলিটী হাস্পতাল নির্মাণ কৰি আক্রান্তসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে৷ ইয়াৰ প্রেক্ষাপটতে পর্যটকৰ প্রৱেশত নিষেধাজ্ঞা আৰোপ নকৰি মাৰাত্মক ভাইৰাছবিধৰ সংক্রমণ ৰোধত তথা সংকটকালত বিশ্বৰ প্রতিখন দেশে চীনক সহায়ৰ হাত আগবঢ়োৱাটোহে সময়ৰ আহ্বান হ’ব৷
ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱ বা উৎপত্তিৰ নির্দিষ্ট কাৰণ বর্তমানপর্যন্ত চিকিৎসক তথা চিকিৎসা বিজ্ঞানীসকলে বিচাৰি উলিয়াব পৰা নাই৷ সমগ্র বিষয়টো ৰহস্যৰ আৱর্তত আছে৷ ইয়াৰ মাজতে এক চর্চাই বিশ্ববাসীৰ দৃষ্টি আকর্ষণ কৰিছে৷ ইজৰাইলী সেনাৰ এজন প্রাক্তন চোৰাংচোৱা বিষয়াই দাবী কৰা মতে, য়ুহানস্থিত চীনৰ জৈৱিক অস্ত্র নির্মাণৰ এটা গৱেষণাগাৰৰ পৰা এই মাৰাত্মক প্রাণঘাতী ভাইৰাছ বিয়পি পৰে৷ এই কথাৰ সত্যাসত্য বর্তমানপর্যন্ত নিৰূপণ হোৱা নাই যদিও ‘চাইনিজ চেণ্টাৰ ফ’ৰ ডিজিছ কণ্ড্র’ল এণ্ড প্রিভেনচন’ৰ তৰফৰ পৰা এক গুৰুত্বপূর্ণ ইংগিত দিয়া হৈছে৷ সংস্থাটোৰ তৰফৰ পৰা স্থানীয় সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা অনুসৰি য়ুহানৰ ছি–ফুড বজাৰৰ বিপণীত বিক্রী হোৱা বন্যপ্রাণীৰ মাংসই ক’ৰোনা ভাইৰাছৰ অভিকেন্দ্র হ’ব পাৰে৷ সেয়া যি কি নহওক কিয়, বর্তমান পৰিস্থিতিত অতি উদ্বেগজনক কথাটো হৈছে– ক’ৰোনা ভাইৰাছৰ কোনোধৰণৰ প্রতিষেধক নাই৷ এই ভাইৰাছৰ পৰা বচাৰ একমাত্র উপায়টোৱেই হৈছে প্রতিৰোধমূলক ব্যৱস্থা৷ অধ্যয়ন বা কর্মসূত্রে য়ুহানকে ধৰি চীনৰ বিভিন্ন স্তৰত বহু ভাৰতীয়ই বাস কৰে৷ ইতিমধ্যে কেন্দ্রীয় চৰকাৰে ইয়াৰে কিছুসংখ্যক লোকক দেশলৈ বিমানযোগে ঘূৰাই আনি অহা ১৪ দিনপর্যন্ত বিশেষভাৱে ৰখাৰ ব্যৱস্থা কৰিছে৷ ইয়াৰ মাজতে ভাৰততো দুগৰাকী লোকৰ দেহত ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে৷ কেৰালাৰ এই দুয়োগৰাকী ব্যক্তিয়েই চিকিৎসাধীন৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে চীন ভ্রমণকাৰীসকলৰ কাৰোবাৰ যদি জ্বৰ, কাহ আৰু শ্বাস–প্রশ্বাসত কষ্ট আদি উপসর্গই দেখা দিয়ে, তেন্তে তাৎক্ষণিকভাৱে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ বাবে আহ্বান জনাইছে৷ এনে পৰিস্থিতিত আতংকিত নহৈ সকলোৱে মাৰাত্মক ভাইৰাছবিধৰ সংক্রমণ প্রতিৰোধৰ ক্ষেত্রত চৰকাৰক সহযোগিতা আগবঢ়োৱা উচিত৷

You might also like