নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ নির্বাচনী অংক বিপিএফৰ ভৱিষ্যৎ

নৰেন্দ্র মোদীৰ নেতৃত্বত ২০১৪ চনত দিল্লী দখল কৰাৰ পিছত অসমত অনুষ্ঠিত প্রতিটো নির্বাচনত অভূতপূর্ব সাফল্য লাভ কৰা বিজেপিয়ে এইবাৰ বি টি চিৰ পৰিষদীয় নির্বাচনত অকলেই প্রতিদ্বন্দ্বিতা কৰিব৷ দেওবাৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত দলটোৰ এখন উচ্চস্তৰীয় বৈঠকত এই সিদ্ধান্ত গৃহীত হোৱা বুলি সংবাদ মাধ্যমত প্রচাৰ হৈছে৷ ৰাজ্যৰ শাসনাধিষ্ঠিত দলটোৱে দুই মিত্রদল বি পি এফ আৰু অগপক এৰি নির্বাচনত অৱতীর্ণ হোৱাৰ খবৰটো নিঃসন্দেহে পৰিষদীয় অঞ্চলৰ ৰাজনীতিত নতুন মাত্রা প্রদান কৰিব৷ বিশেষকৈ বি পি এফক একাষৰীয়া কৰি বিজেপিয়ে গ্রহণ কৰা সিদ্ধান্তটোৱে হাগ্রামা মহিলাৰীৰ নির্বাচনী অংকত আউল লগোৱাৰ সম্ভাৱনা আছে৷ এইটো কথা সর্বজনবিদিত যে বি টি চি চুক্তি স্বাক্ষৰ হোৱাৰ পিছত অনুষ্ঠিত কেউটা সাধাৰণ নির্বাচনত বি পি এফ জয়ী হৈ আহিছে৷ দলটোৱে প্রথমটো কার্যকালত পৰিষদীয় অঞ্চলৰ ঠায়ে ঠায়ে ৰাস্তা–ঘাট, দলং আদি নির্মাণ কৰি বি টি এ ডিৰ জনসাধাৰণৰ হূদয়ত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল৷ তাৰেই সুবাদত দলটো পৰিষদীয় অঞ্চলত একপ্রকাৰ অপ্রতিদ্বন্দ্বী হৈ পৰিছিল৷ অৱশ্যে অন্তিমটো নির্বাচনত বি পি এফে কাণে কাণ মাৰিহে বি টি চিৰ শাসন ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছিল৷ আনহাতে, বি পি এফে কংগ্রেছৰ মিত্র দল হিচাপে পৰিষদীয় জিলাকেইখনত ৰাজনীতি আৰম্ভ কৰিছিল৷ দিছপুৰত কংগ্রেছৰ ১৫ বছৰীয়া শাসন অন্ত পৰাৰ পিছত দলটোৱে মিত্রদল সলনি কৰি বিজেপিৰ কাষ চাপে৷ এইবাৰ নতুন মিত্র দলৰ সৈতে হাগ্রামা মহিলাৰীৰ দলটোৱে পৰিষদীয় নির্বাচনত অৱতীর্ণ হ’ব বুলি বিভিন্ন মহলে ধাৰণা কৰি আহিছিল৷ বিজেপিৰ নেতৃত্বয়ো এই ইংগিতকে দি আহিছিল৷ কিন্তু তৃতীয়খন বড়ো চুক্তি স্বাক্ষৰ হোৱাৰ লগে লগে বি টি এ ডিৰ ৰাজনৈতিক প্রেক্ষাপট সলনি হৈ পৰে৷ এন ডি এফ বিৰ চাৰিওটা বিভাজিত গোটে এবছুকে ধৰি বিভিন্ন বড়ো জাতীয় সংগঠনৰ সৈতে মিলি চুক্তিখন সম্পাদিত কৰাৰ পিছতে বিজেপিয়ে স্থিতি সলনি কৰিবলৈ লয়৷ প্রথমাৱস্থাত বি পি এফৰ লগতে বি টি চিৰ প্রধান বিৰোধী দল ইউ পি পি এলৰ বাবেও মিত্রতাৰ দুৱাৰ মুকলি কৰি ৰখা বুলি বিজেপিয়ে ঘোষণা কৰিছিল৷ ইয়াৰ মাজতে মিত্রতাৰ ধর্ম পালন কৰি দিছপুৰত শাসনাধিষ্ঠিত দলটোৱে বি পি এফৰ বাবে এখন আসন এৰি দিয়া দল দুটাৰ মাজত পুনৰ নির্বাচনী মিত্রতা হ’ব বুলি ৰাজনৈতিক মহলত চর্চিত হ’বলৈ ধৰে৷ কিন্তু সকলো জল্পনা–কল্পনাৰ অন্ত পেলাই মুখ্যমন্ত্রীৰ চৰকাৰী বাসভৱনত অনুষ্ঠিত বৈঠকখনে একপ্রকাৰ চমকপ্রদ সিদ্ধান্ত গ্রহণ কৰে৷ বিজেপিৰ এই সিদ্ধান্তই বি পি এফক ক্ষুণ্ণ কৰি তোলাৰ সম্ভাৱনা আছে৷
এইখিনিতে উল্লেখ কৰিব পাৰি যে বড়ো চুক্তিৰ লগতে এবছুৰ প্রাক্তন সভাপতি প্রমোদ বড়োৰ ইউ পি পি এল গমনে বি পি এফৰ বাবে সমাগত বি টি চিৰ নির্বাচন ইতিমধ্যে কঠিন কৰি তুলিছে৷ বড়োভাষী জনসাধাৰণৰ বুজনসংখ্যকে ইউ পি পি এলক সমর্থন জনোৱাৰ বাতাৱৰণ এটা সৃষ্টি হৈছে৷ ইয়াৰে পৰিপ্রেক্ষিতত বি পি এফৰ বাবে কোকৰাঝাৰ দখলৰ পথ কণ্টকাকীর্ণ হৈ পৰা বুলি ক’ব পাৰি৷ দলটোৱে সাংগঠনিক শক্তিৰ জৰিয়তে অজনজাতীয় লোকৰ মাজত প্রৱেশ কৰিবলৈ সক্ষম হ’লেও নির্বাচনটোত সাংসদ নৱ কুমাৰ শৰণীয়াৰ নেতৃত্বত গঠিত দলটোৱে হাগ্রামা মহিলাৰীৰ স্বপ্ণ পূৰণত হেঙাৰৰ সৃষ্টি কৰিব পাৰে৷ বিশেষকৈ পৰিষদীয় অঞ্চলত বি টি আৰৰ বিৰুদ্ধে অজনজাতীয় লোকৰ ক্ষোভৰ বহিঃপ্রকাশ ঘটি থকা সময়তে নির্বাচন অনুষ্ঠিত হ’বলৈ যোৱাত ইউ পি পি এলৰ লগতে বি পি এফেও অজনজাতীয় ভোটাৰৰ বিৰোধিতাৰ সন্মুখীন হ’ব বুলি পৰিষদীয় অঞ্চলত ইতিমধ্যে ব্যাপক চর্চা হৈছে৷ সাংসদ নৱ কুমাৰ শৰণীয়াই সেই ক্ষোভৰ পৰা ৰাজনৈতিক মুনাফা আদায়ৰ বাবে চেষ্টা চলাই আছে৷ আনহাতে, পৰিষদীয় অঞ্চলত বিজেপিয়ে আন ৰাষ্ট্রীয় ৰাজনৈতিক দলৰ তুলনাত সাংগঠনিকভাৱে যথেষ্ট শক্তি অর্জন কৰিছে৷ এনে অৱস্থাত মিত্রদল বিজেপিয়ে বি টি চি নির্বাচনত সংগ এৰি বি পি এফৰ সমস্যা আৰু সংকট বৃদ্ধি কৰা বুলি ক’ব পাৰি৷ কিয়নো, বি টি এ ডি অঞ্চলত নাগৰিকত্ব সংশোধনী আইনক সমর্থন জনোৱা লোকৰ ভোট বি পি এফৰ সপক্ষে পৰাৰ সম্ভাৱনা আছিল৷ বিজেপিৰ বর্তমানত বি পি এফে সেই ৰাজনৈতিক সুবিধা আশা কৰা ধৰণে লাভ কৰিবলৈ সক্ষম নহ’ব পাৰে৷ যদি সেয়াই হয়, সমাগত পৰিষদীয় নির্বাচনটো বি পি এফৰ বাবে যথেষ্ট প্রত্যাহ্বানজনক হৈ পৰিব৷ বি টি চিত পৰিষদীয় চৰকাৰ গঠনৰ বাবে প্রয়োজনীয় ২১খন আসন লাভ কৰিবলৈ হাগ্রামা মহিলাৰী আৰু বি পি এফে এতিয়া নতুন ৰণকৌশল হাতত ল’বলৈ বাধ্য হ’ব৷

You might also like