নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰত হওক শান্তিৰ দূত

বিশ্বৰ সর্বশক্তিমান ৰাষ্ট্র আমেৰিকা যুক্তৰাষ্ট্রৰ যুদ্ধংদেহি মনোভাব আৰু জনপ্রিয় নেতা এগৰাকীক হেৰুৱাই প্রতিশোধৰ জুইত দগ্ধ ইৰানৰ অদমনীয় স্থিতিয়ে পৃথিৱীখনক তৃতীয় বিশ্বযুদ্ধৰ পিনে লৈ যায় নে বিশেষ একো নঘটাকৈ আকাশৰ পৰা যুদ্ধৰ ক’লা ডাৱৰ আঁতৰি যায়, সেইটো এই মুহূর্তলৈকে স্পষ্ট হোৱা নাই৷ ইৰানবাসীৰ মনত জ্বলি থকা প্রতিশোধৰ জুইকুৰা নির্বাপিত কৰিবলৈ আয়াতুল্লাহ খোমেইনীৰ বাবে বৃহৎ কিবা এটা কৰাৰ বিকল্প এই মুহূর্তত নাই৷ ছোলেইমানী কাছিমৰ হত্যাক ইৰানৰ জনসাধাৰণে সহজে হজম কৰিব নোৱাৰে৷ ইয়াৰ বিপৰীতে চলিত বর্ষটোৰ শেষৰ পিনে অনুষ্ঠিতব্য ৰাষ্ট্রপতি নির্বাচনত নিজৰ জয় নিশ্চিত কৰিবলৈ হ’লে, ৰাষ্ট্রপতি ড্রাম্পৰ বাবে আমেৰিকাত জাতীয়তবাদৰ ‘কার্ডখন’ৰো বিকল্প নাই৷ নির্বাচনত যদি পৰাজিত হয়, ড্রাম্পৰ সন্মুখত মহাভিযোগৰ গোচৰটো এটা বিশাল দৈত্যৰ দৰে আহি সন্মুখত থিয় দিব৷ দ্বিতীয় পথ এটা তেওঁৰ বাবেও সীমিত৷ সেয়ে তেওঁ নিহত সেনাপ্রধানজনক আমেৰিকাৰ শত্রু হিচাপে প্রতিষ্ঠা কৰাত ডঠিপৰি লাগিছে৷ এনে অৱস্থাত ভাৰতৰ দৰে দেশ এখনেহে দুয়োপক্ষক সৈমান কৰোৱাই পৃথিৱীখনক অনাকাংক্ষিত যুদ্ধ এখনৰ পৰা ৰক্ষা কৰিব পাৰে৷ আজিৰ তাৰিখত, দুয়োখন দেশৰ সৈতে সমানেই মধুৰ সম্পর্ক থকা দেশ এখনেই আছে, সেইখন হ’ল–ভাৰতবর্ষ৷ ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ড্রাম্পৰ ব্যক্তিগত সম্পর্ক, দুয়োখন ৰাষ্ট্রৰ বাণিজ্যিক সম্পর্কই এইক্ষেত্রত ভাৰতবর্ষক আন ৰাষ্ট্রৰ তুলনাত সুবিধাজনক স্থিতিত ৰাখিছে৷ তাতোকৈ গুৰুত্বপূর্ণ কথাটো হ’ল, ভাৰত আৰু ইৰানৰ বছৰ বছৰজোৰা মৈত্রীপূর্ণ সম্পর্ক৷ ইয়াক অধিক শক্তিশালী কৰিছে চাহবাহাৰ বন্দৰটোৱে৷ তদুপৰি, দুয়োখন দেশৰ মাজত বাণিজ্যিক সম্পর্কও মধুৰ আৰু আস্থা–মর্যাদাৰে ভৰা৷ অর্থাৎ ভাৰতবর্ষই দুয়োখন দেশৰ সৈতে সহজে সেতু এখন নির্মাণ কৰি দিব পাৰে৷ ইয়ে বিশ্ব সমাজত ভাৰতৰ স্থান অধিক ডচ্চ আৰু মহান কৰি তুলিব৷ আচলতে, এইবাৰৰ পাৰস্য ডপসাগৰীয় সংকটত ভাৰতবর্ষই পূর্বৰ দৰে নিৰপেক্ষ স্থান লোৱাৰ সুবিধা তেনেই সীমিত৷ যুদ্ধখন আৰম্ভ নৌহওঁতেই খাৰুৱা তেলৰ দাম বৃদ্ধি পালে৷ সোণৰ দামেও আকাশ চুবলৈ ওলাইছে৷ ইফালে, আর্থিক বিকাশৰ গতি এনে হাৰত মন্থৰ হ’বলৈ ধৰিছে যে দেশখন কেতিয়া মহামন্দাৰ নাগপাশত বন্দী হয়, তাৰ ঠিকনা নাই৷ এনে দুৰৱস্থাৰ মাজতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সমাগত পাঁচটা বিত্তীয় বর্ষতে ভাৰতৰ অর্থনীতি পাঁচ ড্রিলিয়ন আমেৰিকান ডলাৰলৈকে লৈ যোৱাৰ লক্ষ্য স্থিৰ কৰিছে৷
বর্তমানে চলি থকা বিকাশৰ গতিৰে সেই লক্ষ্যপ্রাপ্তি কোনোপধ্যে সম্ভৱপৰ নহ’ব৷ তাতে যদি ভূতৰ ওপৰত দানহ পৰা দি তৃতীয় বিশ্বযুদ্ধৰ দৰে মহাসংকট এটা পৰিল, ভাৰতবর্ষৰ অর্থনীতি চৰম বিপর্যয়ৰ গৰাহত পৰাটো নিশ্চিত বুলিয়েই ক’ব পাৰি৷ প্রথম কোবটো পৰিব বিদেশী মুদ্রাৰ ভাণ্ডাৰৰ ওপৰত৷ ভাৰতবর্ষই প্রয়োজনৰ প্রায় আশী শতাংশ তেল আমদানি কৰে৷ তাৰে সিংহভাগ আহে আৰব পৃথিৱীৰ পৰা৷ খাৰুৱা তেলৰ দাম বৃদ্ধি পালে, বিদেশী মুদ্রাৰ ভাণ্ডাৰটোৰ পৰা অধিক ধন ভৰিব লাগিব৷ ইয়াৰ প্রত্যক্ষ প্রভাৱ বিত্তীয় ঘাটিত পৰিব৷ ৩০ নৱেম্বৰলৈকে এইখন দেশৰ বিত্তীয় ঘাটিৰ পৰিমাণ ৮.০৭ লাখ কোটি টকা৷ বিত্তীয় ঘাটি যিমানেই বৃদ্ধি পাব, প্রগতিৰ চকাটোও সিমানেই ওলোটাকৈ ঘূৰিব৷ পেড্র’ল–ডিজেলৰ দাম বঢ়া মানেই পৰিবহণ, ডৎপাদন ব্যয় আদি বৃদ্ধি পোৱা৷বয়–বস্তুৰো দাম বাঢ়িব৷ জনসাধাৰণে অধিক টকা ভৰিব লাগিব৷ ইয়ে সামাজিক–ৰাজনৈতিক সমস্যাৰ সৃষ্টি কৰিব৷ দেশখনত অস্থিৰতা বাঢ়িব পাৰে৷ যুদ্ধৰ দৰে অস্থিৰ অৱস্থাত বিনিয়োগকাৰীয়ে সোণৰ দৰে সুৰক্ষিত বিকল্পৰ সন্ধান কৰে৷ গতিকে সোণৰ দামে আকাশ স্পর্শ কৰাটো একপ্রকাৰ নিশ্চিত৷ অকল সেয়াই নহয়, পূব এছিয়াত প্রায় ৮০ লাখ ভাৰতীয় লোকে কাম কৰে৷ তেওঁলোকে বছৰি প্রায় তিনি লাখ কোটি টকা ভাৰতলৈ পঠিয়ায়৷ তাৰে সিংহভাগ লোক আৰব বিশ্বৰ বাসিন্দা৷ যুদ্ধ হ’লে, সেই বুজনসংখ্যক মানুহখিনিক দেশলৈ ওভতাই আনিব লাগিব৷ ইয়ে আর্থিক দিশৰ পৰা ভাৰতক মাধমাৰ শোধাব৷ আনহাতে, প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বিগত সময়ছোৱাত পাকিস্তানক বিশ্ব সমাজৰ পৰা এঘৰীয়া কৰাত যথেষ্টখিনি সফল হৈছিল৷ ইৰানত যুদ্ধ হ’লে, আমেৰিকাই সেনাৰ সুবিধার্থে আর্থিক সাহায্যৰ টোপ দি বা সাহায্য প্রদান কৰি পাকিস্তানৰ কাষ চাপিব৷ ইয়ে প্রধানমন্ত্রী মোদীয়ে দীর্ঘকাল ধৰি চলাই থকা পাকিস্তানবিৰোধী অভিযানক আহত কৰিব পাৰে৷ অনুৰূপ ধৰণে আফগানিস্তানতো ভাৰতবর্ষৰ স্বার্থ বিঘ্ণিত হ’ব পাৰে৷ অর্থাৎ সংকট ভিন্ন দিশৰ পৰা আহিব পাৰে৷ সমস্যাই দেশখনক ছানি ধৰিব পাৰে৷ দেশখনক এনে দুর্গতিৰ পৰা সুৰক্ষিত কৰি ৰখাৰ স্বার্থতে যুদ্ধখন যাতে নহয়, তাৰ বাবে চৰকাৰে এতিয়াৰ পৰাই কূটনৈতিক প্রয়াস আৰম্ভ কৰাটো জৰুৰী৷ ইতিমধ্যে ইৰানে ভাৰতবর্ষই ভূমিকা ল’ব বুলি আশা প্রকাশ কৰিছেই৷ ভাৰতত থকা ইৰানৰ ৰাষ্ট্রদূতজনে ভাৰতৰ পৰা তেনে ভূমিকা কামনা কৰিছে৷ প্রধানমন্ত্রী মোদীৰ সন্মুখত কঠিন পৰীক্ষা এটা ৰৈ আছে৷

You might also like