নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুদ্ধৰ অশনি সংকেত

ইৰানৰ সেনা জেনেৰেল কাছেম ছোলেইমানী ইৰাকৰ ৰাজধানী বাগদাদৰ আন্তর্জাতিক বিমানবন্দৰত মার্কিন ড্র’ন আক্রমণত নিহত হোৱাৰ পিছতেই মধ্যপ্রাচ্যত যুদ্ধৰ আশংকা ঘনীভূত হৈছে৷ যোৱা সপ্তাহত ছোলেইমানী নিহত হোৱাৰ পিছতে ইৰানে আমেৰিকাৰ বিৰুদ্ধে প্রতিশোধৰ হুংকাৰ দি আহিছে৷ লক্ষণীয়ভাৱে ছোলেইমানীৰ অন্ত্যেষ্টিক্রিয়াৰ দিনাই ইৰানৰ সেনাই ইৰাকত থকা আমেৰিকান বায়ুসেনাৰ ঘাটিলৈ ক্ষেপণাস্ত্রৰে আক্রমণ চলাইছে৷ দুটাকৈ বায়ুসেনাৰ ঘাটিত ইৰানে প্রায় ১৫টা ক্ষেপণাস্ত্রৰে আঘাত হনাৰ ফলত মার্কিন বাহিনীৰ ৮০জন যোদ্ধা নিহত হোৱা বুলি দাবী কৰিছে তেহৰান প্রশাসনে৷ অৱশ্যে আমেৰিকাই এই আক্রমণৰ ফলত কোনো ধৰণৰ ক্ষতিসাধন হোৱা নাই বুলি তাৎক্ষণিকভাৱে ঘোষণা কৰিছে৷ অনুৰূপভাৱে ইৰাকেও ইৰানৰ এই আক্রমণত দেশখনৰ কোনো লোক হতাহত হোৱা নাই বুলি স্পষ্ট কৰি দিছে৷ ইৰবিল আৰু আল–আছাদস্থিত বায়ুসেনাৰ ঘাটি দুটাত ইৰানে ক্ষেপণাস্ত্রৰে আঘাত হানিছে যদিও মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে সকলো ভালেই থকা বুলি ছ’চিয়েল মিডিয়া টুইটাৰযোগে ঘোষণা কৰিছে৷ আল–আছাদ বায়ুসেনাৰ ঘাটি হৈছে মধ্যপ্রাচ্যৰ ভিতৰতেই বৃহত্তম৷ আমেৰিকাই প্রথম ইৰাক আক্রমণ কৰাৰ সময়ত এই ঘাটিত আছিল কেইবাটাও চলচ্চিত্র প্রেক্ষাগৃহ, ছুইমিং পুল, ফাষ্টফুড ৰেষ্টুৰেণ্ট আৰু দুটাকৈ আভ্যন্তৰীণ বাছ চলাচলৰ পথ৷ ১৯৮০ৰ দশকতে ইৰাকী সেনাৰ বাবে এই ঘাটি নির্মাণ কৰা হৈছিল৷ বাগদাদৰ পৰা প্রায় ১০০ মাইল পশ্চিম প্রান্তৰ মৰুবক্ষত থকা এই ঘাটি ২০০৩ চনত আমেৰিকাই আক্রমণ কৰাৰ পিছৰে পৰা মার্কিন সেনাৰ আশ্রয় শিবিৰ হৈ পৰে৷ লক্ষণীয়ভাৱে এনে নিৰাপদ মৰুঘাটি দখল কৰাৰ পিছত আমেৰিকাই ইয়াৰ পৰাই মধ্যপ্রাচ্যৰ দেশখনত যুদ্ধৰ সকলো ৰণকৌশল প্রস্তুত কৰি আহিছে৷ শেহতীয়াকৈ এই ঘাটিতে ইৰানে আক্রমণ চলাই ৮০জনকৈ ‘আমেৰিকান সন্ত্রাসবাদী’ক হত্যা কৰা বুলি ঘোষণা কৰিছে৷ আনকি ইৰানৰ শীর্ষনেতা আয়াতুল্লা আলী খোমেইনীয়ে এই ক্ষেপণাস্ত্রৰ আঘাত আমেৰিকাৰ মুখত চৰ বুলিও অভিহিত কৰিছে৷ সেয়া যিয়েই নহওক, ইৰানে ইৰাকত থকা মার্কিন বায়ুসেনাৰ ঘাটিত ক্ষেপণাস্ত্রৰে আঘাত কৰাৰ লগে লগে মধ্যপ্রাচ্যত যুদ্ধৰ আশংকা তীব্রতৰ হৈ পৰিল৷ কাৰণ ড’নাল্ড ট্রাম্পে ইৰানৰ বিৰুদ্ধে যিবোৰ বিবৃতি প্রকাশ কৰি আহিছে তাৰ দ্বাৰা এটা কথা স্পষ্ট হৈছে যে আগন্তুক আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনৰ পূর্বে ইৰানৰ সৈতে যিকোনো প্রকাৰে যুদ্ধ এখন কৰিব নেতাগৰাকীয়ে৷
ট্রাম্পৰ এই প্রতিহিংসাপৰায়ণ দৃষ্টিভংগীয়ে মধ্যপ্রাচ্যৰ বৃহৎ অঞ্চললৈ কঢ়িয়াই আনিছে আশংকা৷ ইৰাক, ইৰান, ছিৰিয়া, আফগানিস্তান আদি দেশক লৈ আমেৰিকাই বিগত প্রায় তিনিটা দশকত কি ষড়যন্ত্র ৰচি আহিছে সেয়া কাৰো অজ্ঞাত হৈ থকা নাই৷ সমগ্র মধ্যপ্রাচ্যৰ সম্পদ লুণ্ঠন কৰিবলৈ ইখন দেশৰ সৈতে সিখন দেশৰ যুদ্ধ লগাই দিয়াটো আমেৰিকাৰ এক স্বভাৱ৷ পূর্বে ইৰান আৰু ইৰাকৰ মাজৰ যুদ্ধত আমেৰিকাই গ্রহণ কৰা ভূমিকা আজিও বিশ্ববাসীৰ স্মৃতিত সজীৱ হৈ আছে৷ পৰৱর্তী সময়ত ছাদ্দাম হুছেইনৰ বিৰুদ্ধে আমেৰিকাই গণবিধ্বংসী অস্ত্র নির্মাণৰ অভিযোগ তুলি ইৰাক কেনেদৰে ধ্বংস কৰিছে সেই কথাও কাৰো অবিদিত নহয়৷ প্রাচীন মানৱ সভ্যতাৰ কেন্দ্রস্থল হিচাপে পৰিচিত পূর্বৰ মেছ’পটেমিয়া তথা বর্তমানৰ ইৰাকৰ সভ্যতাৰ স্মাৰকবোৰ ধ্বংস কৰি দিবলৈ আমেৰিকাই কুণ্ঠাবোধ কৰা নাছিল৷ মধ্যপ্রাচ্যৰ একালৰ চহকী ৰাষ্ট্র ইৰাক আছিল সকলো দিশত আগবঢ়া৷ সেই ইৰাকৰ বিৰুদ্ধে কেৱল তৈল সম্পদ দখলৰ বাবেই আমেৰিকাই গণবিধ্বংসী অস্ত্র নির্মাণৰ অভিযোগ তুলিছিল৷ আনকি ৰাষ্ট্রসংঘৰ অস্ত্র পৰিদর্শকৰ দলে ছাদ্দাম হুছেইনৰ ৰাষ্ট্রপতি প্রাসাদত তন্নতন্নকৈ তালাচী চলাইছিল যদিও কোনো গণবিধ্বংসী অস্ত্রৰ উপস্থিতি ধৰা পেলাবলৈ সক্ষম নহ’ল৷ ইৰানৰ বিৰুদ্ধে একেই অভিযোগ উত্থাপন কৰিবলৈ আগবাঢ়িছে আমেৰিকা৷ ইতিমধ্যে মধ্যপ্রাচ্যত হোৱাইট হাউছৰ বিশ্বস্ত সহযোগী হিচাপে থকা ইজৰাইলৰ অভিযোগৰ ওপৰত ভিত্তি কৰি ইৰানে গোপনে পৰমাণু অস্ত্র নির্মাণ কৰা বুলি ট্রাম্পে অভিযোগ কৰিছে৷ আনকি পূর্বৰ মার্কিন ৰাষ্ট্রপতি বাৰাক অ’বামাই ইৰান আৰু বিশ্বৰ কেইবাখনো দেশৰ সৈতে গুৰুত্বপূর্ণ পৰমাণু চুক্তিত স্বাক্ষৰ কৰি মধ্যপ্রাচ্যত শান্তিৰ পৰিৱেশ কঢ়িয়াই আনিবলৈ প্রচেষ্টা চলাইছিল যদিও ট্রাম্পে এই চুক্তিৰ পৰা সমর্থন প্রত্যাহাৰ কৰিছে৷ লগে লগে ইৰানৰ বিৰুদ্ধে এটাৰ পিছত এটাকৈ আৰোপ কৰিছে নিষেধাজ্ঞা৷ বিশ্বৰ বিভিন্ন দেশৰ সৈতে চলি থকা ইৰানৰ তেল বাণিজ্য ধ্বংস কৰিবলৈ হিংস্র নিষেধাজ্ঞাৰ নীতি গ্রহণ কৰিছে ট্রাম্পে৷ একে সময়তে ছৌদি আৰবকে ধৰি কেইবাখনো দেশক ইৰানবিৰোধী ঐক্যবদ্ধ শিবিৰ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা চলাইছে মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে৷ মূল কথাটো হৈছে ইৰানৰ সম্পদ আৰু মধ্যপ্রাচ্যত শক্তিশালী আধিপত্য লাগে আমেৰিকাক৷ তাৰ বাবেই আজি যুযুধান ট্রাম্প৷

You might also like