নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বলীউডৰ বিপদ

আজি কিছুদিন ধৰি বলীউডৰ খবৰে বিশেষ স্থান অধিকাৰ কৰি আহিছে৷ বলীউড, অর্থাৎ মুম্বাইক কেন্দ্র কৰি গঢ় লৈ উঠা চলচ্চিত্র উদ্যোগটোৰ যিবোৰ খবৰে আলোডনৰ সৃষ্টি কৰিছে, সেই খবৰবোৰ চিনেমাকেন্দ্রিক নহয়, সেইবোৰ অপৰাধৰহে খবৰ৷ মুম্বাই মহাৰাষ্ট্রৰ ৰাজধানী, ৰাজ্যখনৰ ভাষা মাৰাঠী, অথচ তাতেই গঢ় লৈ উঠিছিল হিন্দী ছবিৰ উদ্যোগ৷ সেয়া ঐতিহাসিক ঘটনা, ইয়াৰ কাৰণ বহু পৃথক ধৰণৰ৷ এই বলীউডৰে পৰা প্রযোজিত হৈছিল ভাৰতে গৌৰৱ কৰিব পৰা ভালেকেইখন মানবিশিষ্ট ছবি৷ ভাৰতক বলীউডে দিছিল কেইবাজনো ভাল পৰিচালক আৰু কাৰিকৰী শিল্পী আদি৷ আনকি বলীউডে কিছু পৰিমাণে হ’লেও সমকালৰ কিছু তথ্য প্রকাশ কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু বিগত কেইবছৰমানৰ পৰা বলীউডৰ চৰিত্র সলনি হৈছে৷ আগৰ দৰে মানবিশিষ্ট ছবি বলীউডৰ পৰা ওলোৱাটো কল্পনা কৰিব নোৱৰা অৱস্থা পাইছেগৈ৷ এতিয়া বলীউডৰ মূল খবৰবোৰ অপৰাধৰ খবৰ৷ টকাই অপৰাধক মাতি আনে অথবা দুয়োটা সমানে একেলগেই আহে৷ বলীউডত ছবিতকৈ টকাই আগস্থান পোৱাৰ লগে লগে অপৰাধৰ লগতো বলীউড জডিত হৈ পৰিল৷ সৰল ভাষাত ক’বলৈ হ’লে, সহজ টকাৰ লোভত পৰি বলীউডৰ বহুতে অপৰাধীৰ লগত হাত মিলালে৷ বলীউডলৈ বহু টকা আহিল, পৰিৱেশ সলনি হৈ গ’ল৷ আনকি ৰাজকাপুৰৰ দৰে বিখ্যাত পৰিচালকেও মুম্বাইৰ অন্ধকাৰ জগতৰ অপৰাধীৰ লগত মিতিৰালি কৰিবলগীয়া পৰিৱেশ হৈছিলগৈ৷ মুম্বাইৰ অন্ধকাৰ জগতৰ টকাৰ প্রভাৱ বলীউডত ইমানেই পৰিল যে সেইখন জগতৰ পৰাই ছবি নির্মাণ প্রক্রিয়া নিয়ন্ত্রণ হ’বলৈ ধৰিলে৷ ৰামগোপাল বার্মাৰ দৰে দুই–এক পৰিচালকে সেই জগতখন কিছু পৰিমাণে ছবিলৈ লৈ আহিছিল৷ কিন্তু তাৰ পিছত তেওঁৰ দীপ্তিও ম্লান পৰিবলৈ আৰম্ভ কৰিলে৷ অকল ইমানেই নহয়, ভাৰতবিৰোধী শক্তিৰ লগতো বলীউডৰ কিছু অংশই হাত মিলালে৷ বলীউডৰ পৰা গৈ ডুবাইৰ ‘ভাই’ৰ চোতালত নচাটো বলীউডৰ অভিনেতা–ভিনেত্রীৰ প্রায় নিয়মীয়া কাম হ’বলৈ ধৰিলে৷ কোনোবা কোনোবা অভিনেত্রীয়ে ডুবাইৰ ভাইৰ শোৱনি কোঠাতো ঠাই পালে৷ তাৰ লগে লগে বলীউডৰ বহুতৰে কাম হ’ল সন্ত্রাসবাদীৰ সহায়কর্তাৰ ৰূপত অৱতীর্ণ হোৱা৷ অপৰাধীসকলৰ এটা নিয়ম আছে যে ভিতৰুৱা মনোমালিন্য থাকিলেও তেওঁলোক এক হিচাপেই থাকে৷ গতিকে বলীউডৰ এই অপৰাধী দলটোৰ লগত সহযোগ নকৰিলে বা তেওঁলোকৰ পছন্দৰ নহ’লে নতুন মানুহে তাত ঠাই উলিওৱা টান৷ এনে পৰিৱেশত বলীউডৰ বাহিৰৰ পৰা যোৱা সুশান্ত সিং ৰাজপুত নামৰ অভিনেতাগৰাকীৰ আত্মহত্যাৰ কাহিনীয়ে বহু অপৰাধৰ সংবাদ পোহৰলৈ আনিছে আৰু তাৰ শাখা–প্রশাখাৰ কথা পোহৰলৈ আহিবলৈ ধৰিছে৷

বিভিন্ন অপৰাধৰ দ্বাৰা কলংকিত বহু মানুহ এতিয়াও বলীউডৰ তাৰকা হৈ আছে আৰু সেই তাৰকাৰ উজ্জ্বলতাত বহু মানুহ এতিয়ালৈকে সন্মোহিত হৈ আছিল যদিও সুশান্ত সিং ৰাজপুতৰ কাহিনীয়ে সেই তাৰকাৰ মোহ এতিয়া কমাই আনিছে৷ সন্ত্রাসবাদীৰ লগত সহযোগ কৰা বাবে এটা সময়ৰ জনপ্রিয় অভিনেতা সঞ্জয় দত্ত বহুদিন জে’লত আছিল৷ তেওঁৰ ভাবমূর্তি উন্নত কৰাৰ বাবে বায়’পিক ধৰণৰ ছবি নির্মাণো কৰা হৈছিল৷ ৰাজস্থানত বন্যপ্রাণী হত্যা কৰা, মুম্বাইত পদপথেৰে গাডী চলাই জীৱন্ত মানুহক হত্যা কৰা মানুহো যেতিয়া জনতাৰ চকুত তাৰকা হৈয়েই থাকে, তেনে অৱস্থাত বলীউডৰ গুৰুত্ব কমাটো সম্ভৱ নহয়৷ কিন্তু শেহতীয়াভাৱে বলীউডৰ অৱস্থা পূর্বৰ দৰে হৈ থকা নাই৷ বলীউডৰ ভিতৰৰ পৰাই সেই অপৰাধী বলীউডৰ বিৰুদ্ধে প্রতিবাদ উচ্চাৰিত হৈছে৷ আনহাতে, দেখা গৈছে যে বলীউডৰ বহু ছবি আৰু টেলিভিছন ছিৰিজৰ পটভূমি মুম্বাইৰ পৰা গৈ উত্তৰ ভাৰত পাইছেগৈ বা যাবলৈ বাধ্য হৈছে৷ ভাৰতৰ বিভিন্ন প্রদেশে হিন্দী ছবিৰ বাবে আগবঢ়োৱা লোভনীয় পেকেজবোৰেও হিন্দী ছবি নির্মাণৰ কৌশল সলনি কৰাত সহযোগ কৰিছে৷ সকলো মিলি বলীউডৰ স্থান সলনিৰ এয়া এক জটিল ইংগিত৷ সুশান্ত সিঙৰ ঘটনাৰ সঠিক উন্মোচনে এই স্থান পৰিৱর্তন কৰাৰ ইংগিত বহন কৰিছে৷

You might also like