নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছ–ইউডিএফৰ মিত্রতা

২০১৬ৰ বিধানসভা নির্বাচনত অভূতপূর্ব সাফল্যৰে ক্ষমতাত অধিষ্ঠিত বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনত দিছপুৰৰ পৰা ক্ষমতাচ্যুত কৰাটো যে সহজে সম্ভৱ নহ’ব সেয়া ভালদৰে বুজি পাইছে কংগ্রেছ নেতৃত্বই৷ ২০২১ৰ বিধানসভা নির্বাচনলৈ মাজত সাত মাহ বাকী৷ ছমাহ ধৰি ক’ভিড–১৯ৰ বিভীষিকা আৰু সংহাৰী বানৰ বাবে চৌদিশে অচলাৱস্থাই বিৰাজ কৰিছে৷ কিন্তু বিধানসভা নির্বাচনৰ তাৰিখ চমু চাপি অহাৰ লগে লগে শাসক–বিৰোধী দল–সংগঠনৰ মাজত ৰাজনৈতিক তৎপৰতা লক্ষণীয়ভাৱে বৃদ্ধি হৈছে৷ নতুন ৰাজনৈতিক দল গঠনক লৈও কুচকাৱাজ চলিছে৷ তাৰ বিপৰীতে শাসকীয় বিজেপি আৰু কংগ্রেছে নির্বাচনী মিত্রতাৰ বাবে তৎপৰ হৈছে৷ ২০০১ৰ পৰা বিধানসভা নির্বাচনত সুদীর্ঘ তিনিটা কার্যকাল ৰাজ্যখনৰ ক্ষমতাত থকা কংগ্রেছ দলে এককভাৱে পুনৰ ক্ষমতা লাভ কৰাটো সম্ভৱ নহয়৷ ক্ষমতা দখলৰ জোখাৰে ৬৪টা সমষ্টিৰ প্রার্থী জয়ী কৰি অনাটো যে কঠিন হ’ব সেয়া কংগ্রেছৰ নেতাসকলে ভালদৰে বুজিছে৷ ইয়াৰ লগে লগে বিজেপিবিৰোধী ভোটৰ বিভাজন ৰোধৰ নামত বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰ সৈতে নির্বাচনী মিত্রতা কৰিবলৈ উঠি–পৰি লাগিছে কংগ্রেছ নেতৃত্বই৷ বিজেপিৰ আগ্রাসী ৰাজনীতিক প্রতিহত কৰাৰ লক্ষ্যৰে কংগ্রেছে এআইইউডিএফৰ সৈতে নির্বাচনী মিত্রতা গঢ়িলে অনাগত দিনত ইয়াৰ বিষময় ফল বিৰোধী দলটোৱে ভুগিব লাগিব৷ অসমৰ ৰাজনীতিৰ প্রতি দৃষ্টি ৰখা প্রতিজন লোকে এই কথা ভালদৰে জানে যে উচ্চতম ন্যায়ালয়ে আইএমডিটি আইনখন বাতিল কৰাৰ পাছতে আৰু ২০০৬ৰ বিধানসভা নির্বাচনৰ পূর্বে ৰাজ্যখনৰ ধর্মীয় সংখ্যালঘুৰ ভাবাৱেগক অস্ত্রৰূপে লৈয়ে গঠন হৈছিল ইউডিএফ দল৷ ২০০৬ৰ বিধানসভা নির্বাচনত দলটোৱে ৰাজ্যখনৰ সংখ্যালঘু অধ্যুষিত আঠটা সমষ্টিত জয়লাভ কৰি ৰাজ্যৰ সংঘ্যালঘু ৰাজনীতিত নতুন মাত্রা দিবলৈ সক্ষম হৈছিল৷ দলটোৱে সেই সময়ত তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰখন গঠনৰ ক্ষেত্রত কিংমেকাৰ হ’বলৈও বিচাৰিছিল৷ কিন্তু সেই সময়ত তৰুণ গগৈয়ে ইউডিএফৰ বিপৰীতে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফক চৰকাৰ গঠনৰ সংগী কৰি লৈছিল৷ গগৈৰ এনে স্থিতিৰ বাবেই কংগ্রেছৰ জনপ্রিয়তা বৃদ্ধি হৈছিল আৰু ২০১১ৰ বিধানসভা নির্বাচনত কংগ্রেছে ৭৯খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু ২০১৬ৰ নির্বাচনত মোদীৰ সপক্ষে বলা বতাহজাকে কংগ্রেছক নিশকটীয়া কৰাৰ পাছত এতিয়াও ভালকৈ কঁকাল পোনাব পৰা নাই৷ এনে পৰিস্থিতিত যিকোনো প্রকাৰে ক্ষমতা দখলৰ স্বার্থত এআইইউডিএফৰ সৈতে মিত্রতা কৰিবলৈ প্রধান বিৰোধী দলটোৱে উঠিপৰি লাগিছে৷

   এই কথা ঠিক যে বিগত দুটা দশকত কংগ্রেছৰ পৰম্পৰাগত ভোটবেংকত ব্যাপক খহনীয়া হৈছে৷ ধর্মীয় সংখ্যালঘুৰ ভোটবেংক এআইইউডিএফ দলে হস্তগত কৰাৰ পাছত চাহ জনগোষ্ঠীৰ ভোটবেংকত বিজেপিৰ আধিপত্য বৃদ্ধি হৈছে৷ ফলত ২০১১ৰ বিধানসভা নির্বাচনত ৭৯খনকৈ আসনত বিজয় সাব্যস্ত কৰা কংগ্রেছ দলৰ আসনৰ সংখ্যা ২৬খনলৈ অৱনমিত হৈছে৷ শেহতীয়াকৈ ‘নিয়মীয়া বার্তা’ৰ সাক্ষাৎকাৰত এআইইউডিএফৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ বিধায়ক হাফিছ বছিৰ আহমেদ কাছিমীয়ে স্পষ্টভাৱে কৈছে যে আগন্তুক বিধানসভা নির্বাচনত কংগ্রেছৰ বাবেহে অধিক জৰুৰী নির্বাচনী মিত্রতা৷ যোৱা বিধানসভা নির্বাচনত এআইইউডিএফৰ স’তে ভোট বিভাজনৰ বাবে কংগ্রেছৰ ২৮গৰাকী প্রার্থী পৰাজিত হোৱা বুলিও কাছিমীয়ে মন্তব্য কৰিছে৷ একেদৰে ‘নিয়মীয়া বার্তা’ৰ শেহতীয়া এক সাক্ষাৎকাৰত প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে এআইইউডিএফৰ সৈতে নির্বাচনী মিত্রতাৰ সম্ভাৱনা ব্যক্ত কৰিছে৷ যিগৰাকী গগৈয়ে মুখ্যমন্ত্রী হৈ থকাৰ সময়ছোৱাত এআইইউডিএফৰ সৈতে মিত্রতাৰ বিৰোধিতা কৰিছিল সেইগৰাকী জ্যেষ্ঠ নেতাই এতিয়া বদৰুদ্দিন আজমল নেতৃত্বাধীন দলটোৰে মিত্রতাৰ পক্ষত উঠিপৰি লাগিছে৷ এয়া নিশ্চিতভাৱে ৰাজ্যখনৰ ৰাজনীতিৰ বাবে উল্লেখযোগ্য পৰিৱর্তন৷ অসম আন্দোলনৰ পৰা দুই দশকে কংগ্রেছে ৰাজ্যখনৰ জাতীয়তাবাদী তথা আঞ্চলিকতাবাদী শিবিৰৰ সমর্থন লাভ কৰা নাছিল৷ ১৯৯৬ৰ পৰা প্রফুল্ল মহন্তৰ দ্বিতীয় কার্যকালৰ চৰকাৰখনৰ জনবিৰোধী কাম–কাজৰ বাবেই ২০০১ৰ নির্বাচনত খিলঞ্জীয়া লোকসকলৰ জনসমর্থন লাভ কৰিবলৈ সক্ষম হৈছিল কংগ্রেছে৷ এতিয়া এআইইউডিএফৰ সৈতে মিত্রতাৰ ফলত কংগ্রেছে ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীসমূহ মাজত আস্থা ঘূৰাই অনাৰ ক্ষেত্রত বিপদৰ সন্মুখীন হোৱাটো নিশ্চিত হৈছে৷

You might also like