নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষানুষ্ঠান খোলাৰ পূর্বে

ক’ৰোনা ভাইৰাছৰ সংক্রমণ আৰম্ভ হোৱা সময়ৰ পৰাই দেশজুৰি বন্ধ হৈ আছে শিক্ষানুষ্ঠান৷ ইতিমধ্যে চাৰি মাহৰো অধিক কাল অতিবাহিত হ’ল৷ দিনবোৰ অধিক দীঘলীয়া হওক, সেইটো কোনেও কামনা নকৰে৷ কিন্তু এতিয়া পৰিস্থিতি–পৰিৱেশ এনেকুৱা যে হূদয়ে শিক্ষানুষ্ঠান খোলাটো বিচাৰে, মগজুৱে নিবিচাৰে৷ ইয়াৰ কাৰণ স্পষ্ট, দেশখনত ক’ভিড–১৯ৰ সংক্রমণৰ গতিধাৰাটো অদ্যাপি নিয়ন্ত্রণলৈ অহা নাই৷ ভাৰতত প্রতিদিনে পঞ্চাশ হাজাৰতকৈ অধিক লোক নতুনকৈ ভাইৰাছটোত আক্রান্ত হৈ আছে৷ এনে অৱস্থাত শিক্ষানুষ্ঠান খুলিবলৈ দিয়া মানেই ক’ৰোনা ভাইৰাছৰ সংকটক অধিক গভীৰতালৈ ঠেলি দিয়া৷ হয়তো সেইবাবেই কেন্দ্রীয় চৰকাৰে জাৰি কৰা আনলক–৩ৰ নীতি–নির্দেশনাত অন্তর্ভুক্ত নহ’ল বিদ্যালয় মুকলিৰ বিষয়টো৷ অর্থাৎ ৩০ আগষ্টলৈকে দেশখনৰ শিক্ষানুষ্ঠান মুকলি নহয়৷ সিদ্ধান্তটো হতাশজনক৷ কিন্তু বিকল্পও নাই৷ ইয়াৰ মাজতে আশাৰ কিৰণ জগাই তুলিছে অসম চৰকাৰৰ শেহতীয়া ঘোষণাই৷ অলপতে এখন সংবাদ মেল অনুষ্ঠিত কৰি শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই পহিলা ছেপ্ঢেম্বৰৰ পৰা সীমিত পৰিসৰত হ’লেও অসমত শিক্ষানুষ্ঠান খুলিব পৰাকৈ কিছু সিদ্ধান্তৰ কথা ঘোষণা কৰিছে৷ কেন্দ্রই যদি পৰৱর্তী পর্যায়ত শিক্ষানুষ্ঠান খোলাৰ সিদ্ধান্ত গ্রহণ কৰে, তাৰ সৈতে মোকাবিলা কৰিব পৰাকৈ ৰাজ্য চৰকাৰে এতিয়াই সাজু হৈ থাকিব বিচাৰিছে৷ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শিক্ষাগুৰুৰ ক’ৰোনা পৰীক্ষাৰ পৰা ৰাইজৰ মতামত গ্রহণলৈকে সকলো ব্যৱস্থা হাতত লৈছে৷ চৰকাৰৰ এনে আগতীয়া প্রস্তুতিয়ে বহুতৰে মনত শিক্ষানুষ্ঠান খোলাৰ আশা এটা জগাই তুলিছে৷ লগতে শিক্ষা বিভাগে যিবোৰ সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিছে, তাত সময়ৰ দাবীৰ প্রতিফলন ঘটিছে৷ শিক্ষা বিভাগে গ্রহণ কৰা সিদ্ধান্তসমূহৰ ভিতৰত অতি গুৰুত্বপূর্ণ সিদ্ধান্তটো হৈছে, ৰাইজৰ মতামত গ্রহণৰ ব্যৱস্থা গ্রহণ কৰাটো৷ ক’ৰোনাসৃষ্ট পৰিৱেশত চৰকাৰে বাধ্যতামূলকভাৱে শিক্ষার্থীক বিদ্যালয়লৈ আনিব বিচৰা নাই৷ আনকি, শিক্ষানুষ্ঠান খুলিলেও শিক্ষার্থীৰ ক্ষেত্রত বাধ্যতামূলক কৰি এটাও সিদ্ধান্ত গ্রহণ কৰা হোৱা নাই৷
ৰাজ্য চৰকাৰে ঘোষণা কৰা অনুসৰি, পহিলা ছেপ্ঢেম্বৰৰ পৰা শিক্ষানুষ্ঠান খুলিলেও প্রথম শ্রেণীৰ পৰা চতুর্থ শ্রেণীলৈকে পাঠদান নহ’ব৷ এইটো বয়সৰ শিক্ষার্থীক ঘৰৰ পৰা বিদ্যালয়লৈ বা ৰাজহুৱা স্থানলৈ উলিয়াই নিনি চৰকাৰে দায়বদ্ধতাৰ পৰিচয় দিছে৷ একেদৰে পঞ্চম শ্রেণীৰ পৰা অষ্টম শ্রেণীলৈকে শিক্ষার্থীক শ্রেণীকোঠাৰ ভিতৰত আবদ্ধ কৰি ৰখাৰ বিপৰীতে মুকলি ঠাইত পাঠদান কৰাৰ দিহা কৰিছে৷ ক’ৰোনাৰ সংক্রমণৰ পৰা সুৰক্ষিত কৰি ৰখাত এইটো এটা ভাল সিদ্ধান্ত৷ আনহাতে, নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈকে ছাত্র–ছাত্রীৰ শৈক্ষিক জীৱনৰ গুৰত্বপূর্ণ সময়ছোৱা যাতে আৰু অধিক কাললৈ নষ্ট নহয়, সেই চিন্তাও শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সংবাদ মেলখনত প্রকাশ পাইছে৷ আনহাতে, চৰকাৰে প্রতিগৰাকী শিক্ষক–শিক্ষয়িত্রী, অধ্যাপক–ধ্যাপিকাৰ বাধ্যতামূলক ক’ৰোনা পৰীক্ষাৰ ব্যৱস্থা কৰাত অভিভাৱক সমাজ আশ্বস্ত হ’ব বুলি ভবাৰ থল আছে৷ এইটোক শিক্ষক সমাজে যোগাত্মক দৃষ্টিৰে গ্রহণ কৰাটো পৰিলক্ষিত হৈছে৷ মুঠতে ১ ছেপ্ঢেম্বৰৰ পৰা শিক্ষানুষ্ঠান খোলাৰ লক্ষ্য লৈ ৰাজ্য চৰকাৰে যি যি সিদ্ধান্ত ৰাজহুৱা কৰিছে, এই দুর্যোগপূর্ণ সময়ত সেইবোৰক সময়োপযোগী বুলি ক’ব পাৰি৷ গতিকে অসমৰ লাখ লাখ শিক্ষার্থীৰ শৈক্ষিক ভৱিষ্যতৰ প্রতি লক্ষ্য ৰাখি ৰাইজে চৰকাৰী গৃহত নিজৰ নিজৰ মতামত দাঙি ধৰিলে এটা আশাব্যঞ্জক পৰিৱেশ সৃষ্টি হ’ব বুলি ক’ব পাৰি৷ কোনেনো বিচাৰে, নিজৰ সন্তানৰ শিক্ষাবর্ষ এটা নষ্ট হৈ যাওক৷ সেয়ে শিক্ষানুষ্ঠান খোলাৰ ক্ষেত্রত সকলোৱে যোগাত্মক দৃষ্টিভংগীৰে আগবাঢ়ি আহিব লাগে৷ এইবেলি চৰকাৰে পাঠদানৰ ক্ষেত্রত শিক্ষিত যুৱক–যুৱতীৰ পৰা স্বেচ্ছামূলক শিক্ষাদানৰো ব্যৱস্থা কৰিছে৷ এইটোক যদি এটা মিছন হিচাপে লোৱা হয়, অসমৰ লাখ লাখ শিক্ষার্থী উপকৃত হ’ব৷ কিয়নো, পঞ্চম শ্রেণীৰ পৰা অষ্টম শ্রেণীলৈকে শিক্ষার্থীক মুকলি পৰিৱেশত পাঠদান কৰিবলৈ হ’লে যথেষ্টসংখ্যক শিক্ষাগুৰুৰ প্রয়োজন হ’ব৷ বিদ্যালয়সমূহত থকা শিক্ষক–শিক্ষয়িত্রীৰ সংখ্যাই ১৫জনকৈ ছাত্র–ছাত্রীৰ একোটা গোটক পাঠদান কৰিব নোৱাৰিব পাৰে৷ বহু বিদ্যালয় এজন বা দুজন শিক্ষকেৰে চলি আছে৷ সেইবোৰত ছাত্র–ছাত্রীক পাঠদান কৰিবলৈ হ’লে অধিক শিক্ষকৰ প্রয়োজন হ’ব৷ সেয়ে শিক্ষিত যুৱক–যুৱতীসকল আগবাঢ়ি আহিলে সমস্যাটোৰ পৰা সহজেই নিস্তাৰ পোৱা যাব৷ অৱশ্যে পহিলা ছেপ্ঢেম্বৰৰ পৰা শিক্ষানুষ্ঠান খুলিব নে নাই, সেইটো সিদ্ধান্ত কেন্দ্রীয় চৰকাৰে গ্রহণ কৰিব৷ কিন্তু ৰাজ্য চৰকাৰে আগতীয়াকৈ প্রস্তুতি গ্রহণ কৰি এটা পৰিৱেশ সৃষ্টি কৰিছে৷ ইয়ে শিক্ষাগুৰু, শিক্ষার্থী, অভিভাৱক সমাজক মানসিকভাৱে প্রস্তুত হৈ থকাৰো সুবিধা এটা দান কৰিব৷ এই সময়ছোৱাত শিক্ষার্থীক সামাজিক দূৰত্ব কিদৰে পালন কৰা হয়, ক’ৰোনা ভাইৰাছৰ পৰা নিজকে সুৰক্ষিত কৰি ৰখাত কি কি ব্যৱস্থা গ্রহণ কৰিব লাগে, সকলো দিশ সামৰি নিজ নিজ সন্তানক সাজু কৰি ৰখাটোও এটা আৱশ্যকীয় কাম নিশ্চয় হ’ব৷

You might also like