নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাছিয়াৰ ভেকচিন

প্রাণঘাতী ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছে বিশ্বজুৰি সংহাৰ অব্যাহত ৰখাৰ সময়তে এই ভাইৰাছবিধৰ প্রতিষেধক ছিটা প্রস্তুতৰ প্রতিযোগিতা আৰম্ভ হৈছে৷ ইতিমধ্যে ক’ভিড–১৯ৰ প্রতিষেধক প্রস্তুত কৰা দেশ হিচাপে চিহ্ণিত হৈছে ৰাছিয়া৷ ৰাছিয়াই ক’ভিড প্রতিষেধক সফলতাৰে প্রস্তুত কৰা বুলি দাবী কৰাৰ উপৰি এই ছিটা বা ভেকচিন বজাৰত মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছে৷ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে দাবী কৰিছে যে ক’ভিড–১৯ৰ ভেকচিন বিপদমুক্ত৷ ইতিমধ্যে ৰাষ্ট্রপতি পুটিনৰ দুহিতাক এই ভেকচিন প্রদান কৰা হৈছে৷ ‘স্পুটনিক–ভি’ নামৰ এই ভেকচিনৰ সুৰক্ষা আৰু কার্যকাৰিতা সম্পর্কত কোনো ধৰণৰ সন্দেহ নাই বুলি ঘোষণা কৰিছে ৰাষ্ট্রপতি পুটিনে৷ কিন্তু বিশ্ব স্বাস্থ্য সংস্থা এইক্ষেত্রত আশ্বস্ত নহয়৷ ৰাছিয়াৰ এই ভেকচিনবিধক লৈ প্রশ্ণ উত্থাপন কৰিছে আমেৰিকা আৰু ব্রিটেইনৰ লগতে বিশ্বৰ কেইবাখনো দেশৰ চিকিৎসা বিজ্ঞানীয়ে৷ অকল সেয়াই নহয়, ৰাছিয়াৰ অভ্যন্তৰতো চিকিৎসা বিজ্ঞানীসকল এই ভেকচিনবিধক লৈ কেইবাটাও শিবিৰত বিভক্ত হৈছে৷ একাংশই এই ভেকচিনৰ কার্যকাৰিতা ১০০ শতাংশ বুলি দাবী কৰিছে যদিও আন একাংশ চিকিৎসা বিজ্ঞানীয়ে ইয়াৰ ফলত নতুন বিপদ আহি পৰিব পাৰে বুলি আশংকা প্রকাশ কৰিছে৷ ৰাছিয়াৰ বৈৰী ৰাষ্ট্রসমূহৰ মতে ৰাষ্ট্রপতি পুটিনে মানৱ দেহত সম্পূর্ণ পৰীক্ষা নোহোৱাকৈ এই ভেকচিনবিধ বজাৰত মুকলি কৰি দি ক’ভিড–১৯ বিনাশৰ যুঁজখনত প্রথম স্থানত থকাৰ লগতে ইয়াৰ জৰিয়তে বাণিজ্যিক মুনাফা আদায়ৰ নতুন কৌশল ৰচনা কৰিছে৷ গতিকে বিশ্ববাসীক আশ্বস্ত কৰিবলৈ ক’ভিড ভেকচিনৰ পৰীক্ষা নিজ দুহিতাৰ শৰীৰত চলোৱাৰ অনুমতি দিয়া বুলি পুটিনক একাংশ বিজ্ঞানীয়ে কঠোৰ সমালোচনা কৰিছে৷ পুটিনৰ মতে স্পুটনিক–ভিৰ দুটাকৈ ড’জ নিজ দুহিতাৰ শৰীৰত প্রয়োগ কৰাৰ পাছত ইয়াৰ কার্যকাৰিতাৰ প্রমাণ পোৱা গৈছে৷ দুয়োটা ড’জ লোৱাৰ পাছত পুটিন দুহিতা সামান্য জ্বৰত আক্রান্ত হৈছে যদিও পৰৱর্তী সময়ত আৰোগ্য হৈছে৷ শৰীৰত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে ৰোগ প্রতিৰোধী ক্ষমতা বা এণ্টিবডী৷
এতিয়া প্রশ্ণটো হৈছে যিকোনো মাৰাত্মক ভাইৰাছৰ সংক্রমণৰ প্রতিৰোধ ভেকচিন উদ্ভাৱনৰ পূর্বে গৰিষ্ঠসংখ্যক লোকৰ ওপৰত ইয়াৰ পৰীক্ষা চলোৱাৰ প্রয়োজন থকাৰ পাছতো ৰাছিয়াই সেই কাম কিয় কৰা নাই৷ বিশ্ব স্বাস্থ্য সংস্থাৰ দৰে আন্তর্জাতিক সংগঠনসমূহে এইক্ষেত্রত কিয় নীৰৱতা অৱলম্বন কৰিছে? বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদন অবিহনে পৃথিৱীজুৰি সংহাৰ সৃষ্টি কৰা মহামাৰীৰ প্রতিষেধক ভেকচিন কোনো দেশে নিজাববীয়াকৈ বজাৰত মুকলি কৰিব পাৰে নেকি? এই সন্দর্ভত আন্তর্জাতিক সংস্থাটোৰ কোনোধৰণৰ মন্তব্য প্রকাশ নকৰা বিষয়টোৱে সৃষ্টি কৰিছে ৰহস্য৷ ৰাছিয়াই প্রথমখন দেশ হিচাপে ক’ভিড–১৯ৰ প্রতিষেধক ভেকচিন উদ্ভাৱন কৰা বুলি দাবী কৰাৰ সমান্তৰালকৈ আমেৰিকা, অক্সফ’ড আৰু ভাৰতৰ উপৰি বিশ্বৰ প্রায় ১৭ দেশ তথা প্রতিষ্ঠানে বিভিন্ন পর্যায়ত ভাইৰাছবিধৰ প্রতিৰোধ ভেকচিন উদ্ভাৱনৰ প্রক্রিয়া চলাই আছে৷ ইফালে চীনেও মানৱ শৰীৰত ভেকচিনৰ ক্লিনিকেল পৰীক্ষা সম্পন্ন কৰিছে৷ এই সকলো দেশক চেৰ পেলাই ৰাছিয়াই ভেকচিনৰ সফল পৰীক্ষা সম্পন্ন কৰা বুলি দাবী কৰি তাৎক্ষণিকভাৱে ইয়াক বাণিজ্যিক উদ্দেশ্যত মুকলি কৰি দিয়াৰ অন্তৰালত কি স্বার্থ নিহিত হৈ আছে, সেয়া বিচার্যৰ বিষয়৷ এটা কথা ঠিক যে ক’ভিড–১৯ মহামাৰীয়ে বিশ্বজুৰি সংহাৰ সৃষ্টি কৰাৰ সময়তে এই মহামাৰী হৈ পৰিছে কেইবাখনো দেশৰ বাবে ব্যৱসায়িক মুনাফা আহৰণৰ হাতিয়াৰ৷ চীনে ইতিমধ্যে বিশ্বজুৰি ক’ভিড–১৯ৰ গইনা লৈ মাস্ক, পি পি ই কিট, টেষ্টিং কিট, ভেণ্টিলেটৰ আদিৰ এক বৃহৎ ব্যৱসায় বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ দেশখনৰ ৱুহান চহৰৰ পৰা বিশ্বজুৰি ক’ভিড–১৯ৰ বিস্তাৰ ঘটাৰ পাছতেই চীনে ইয়াৰ প্রতিৰোধৰ বিভিন্ন সামগ্রী বজাৰত মেলি দি বৃহৎ বাণিজ্য চলাইছে৷ ৰাছিয়াৰ ভেকচিনৰ অন্তৰালতো তেনে স্বার্থ নিহিত হৈ আছে নেকি, তাক লৈ চলিছে এতিয়া সৰৱ চর্চা৷

You might also like