নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিচি নির্বাচনৰ ভয়াৱহতা

আকৌ গভীৰ অনিশ্চয়তা দেখা দিছে বিটিচি নির্বাচনত৷ যোৱা ২৭ এপ্রিলত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিটিচিৰ কার্যকাল শেষ হোৱাৰ পূর্বে চাৰি এপ্রিলত পৰিষদীয় নির্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্যিক নির্বাচন আয়োগে পদক্ষেপ লৈছিল যদিও ক’ভিড–১৯ক লৈ উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে শেষ মুহূর্তত নির্বাচন স্থগিত কৰিবলগা হৈছিল৷ ফলত বিটিচিত ৰাষ্ট্রপতি শাসনৰ অধীনত ৰাজ্যপালৰ শাসন চলি আছে৷ অহা ২৭ অক্টোবৰত ৰাজ্যপালৰ শাসনৰ ছমহীয়া ম্যাদ উকলিব৷ ৰাজ্যপালৰ শাসনৰ এই ম্যাদ ওকলাৰ পূর্বে বিটিচিৰ নির্বাচন প্রক্রিয়া সমাপন হোৱাটো বিচাৰিছে অধিকাংশ দল–সংগঠনে৷ ইতিমধ্যে বিটিচিত নির্বাচনী বতাহ আকৌ উত্তপ্ত হৈ উঠিছে৷ শাসকীয় বিজেপি আৰু বিপিএফকে ধৰি বিৰোধী ৰাজনৈতিক দলসমূহেও পূর্ণগতিত আকৌ আৰম্ভ কৰিছে নির্বাচনী প্রচাৰ৷ যিসময়ত ৰাজ্যখনত ক’ভিড–১৯ৰ গণ সংক্রমণ দ্রুত হাৰত বৃদ্ধি হৈছে সেই সময়তে বিটিএডিৰ নির্বাচনক কেন্দ্র কৰি উদ্ভৱ হোৱা পৰিস্থিতিয়ে কেইবাটাও গুৰুত্বপূর্ণ দিশ উন্মোচিত কৰিছে৷ ক’ভিড–১৯ৰ গণ সংক্রমণ প্রতিৰোধৰ বাবে মাস্ক পৰিধান, সামাজিক দূৰত্ব মানি চলিবলৈ ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগে ৰাইজক আহ্বান জনাই থকাৰ সময়তে বিটিচিত নির্বাচনী প্রচাৰৰ ধুম উঠিছে৷ শাসকীয় বিপিএফ, বিজেপি, ইউপিপিএল, কংগ্রেছ, এআইইউডিএফ আদি দলেও শেহতীয়াকৈ নির্বাচনী সভা অনুষ্ঠিত কৰি দেখ দেখকৈ ক’ভিড–১৯ৰ প্রট’কল উলংঘা কৰিছে৷ ৰাজ্য চৰকাৰ আৰু ৰাজ্যিক নির্বাচন আয়োগে স্পষ্ট নীতি গ্রহণ নকৰাৰ ফলতে ৰাজ্যখনত ক’ভিড–১৯ৰ গণ সংক্রমণ আৰু অধিক ভয়াৱহ হোৱাৰ আশংকা ঘনীভূত হৈছে৷ যদিহে বিটিচিত সামাজিক দূৰত্বক এলাগী কৰি এইদৰে নির্বাচনী সভাসমূহত দৈনিক হাজাৰ হাজাৰ লোক সমৱেত হয় তেন্তে ক’ভিড–১৯ৰ গণ সংক্রমণ যে বৃদ্ধি পাব সেয়া নিশ্চিত৷ এনে নির্বাচনী জনসভাৰ প্রভাৱ বিটিএডিৰ চাৰিখন জিলাতে সীমাবদ্ধ হৈ থাকিব বুলি আশ্বস্ত হোৱাৰ কোনো কাৰণ নাই৷ কিয়নো বিটিএডিৰ অন্তর্গত কোকৰাঝাৰ, চিৰাং, বাগ্সা আৰু ওদালগুৰি জিলাৰ স’তে সংযুক্ত হৈ আছে শোণিতপুৰ, দৰং, নলবাৰী, বজালী, বৰপেটা, বঙাইগাঁও, ধুবুৰী আদি জিলা৷ নির্বাচনকেন্দ্রিক সভাৰ বাবে গণ সংক্রমণ বৃদ্ধি পালে ইয়াৰ দায়িত্বও নিশ্চিতভাৱে ৰাজ্য চৰকাৰ অথবা ৰাজ্যিক নির্বাচন আয়োগে গ্রহণ কৰিব লাগিব৷
ৰাজ্যৰ স্বাস্থ্য বিভাগৰ অহোপুৰুষার্থ চেষ্টাৰ মাজতো ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈছে৷ লগে লগে ক’ভিড আক্রান্ত হৈ মৃতকৰ সংখ্যাও নিতৌ বাঢ়ি আছে৷ এনে অৱস্থাত বিটিচিত নির্বাচনী সভাসমূহৰ জৰিয়তে চৰকাৰখনে অসমবাসীক কি বার্তা বহন কৰিব বিচাৰিছে, সেয়া এতিয়াও সাঁথৰ হৈ আছে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ক’ভিড–১৯ৰ বিভীষিকাময় পৰিস্থিতিৰ মাজত বিটিচিত নির্বাচনী সভা–সমিতিসমূহ সাময়িকভাৱে বন্ধ কৰি ৰখাটো বিচাৰিছে৷ এই সন্দর্ভত ৰাজ্যৰ স্বাস্থ্য বিভাগে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিব বুলি ঘোষণা কৰিলেও বিটিচি নির্বাচনৰ প্রচাৰ পূর্ণগতিত চলি আছে৷ অসমত ক’ভিড–১৯ৰ বিভীষিকা চলি থকাৰ মাজতো বিটিচিৰ নির্বাচন অনুষ্ঠিত কৰাৰ পক্ষত থিয় দিছে বিটিএডিৰ অধিকাংশ ৰাজনৈতিক নেতাই৷ ক্ষমতা দখলৰ স্বপ্ণত বিভোৰ এই নেতাসকলৰ বাবে ক’ভিড–১৯ৰ মহামাৰী নহ’ব পাৰে৷ কিন্তু এনে পৰিস্থিতিত বিটিচিৰ নির্বাচন অনুষ্ঠিত হ’লে মহামাৰীৰ গণ সংক্রমণ প্রতিৰোধ কৰাটো ৰাজ্য চৰকাৰ অথবা স্বাস্থ্য বিভাগৰ বাবে অধিক কষ্টকৰ হৈ উঠিব৷ একাংশ নেতাৰ ক্ষমতালিপ্সাৰ বাবে অসমবাসীয়ে আকৌ গভীৰ দুর্যোগৰ সন্মুখীন হ’ব লাগিব৷ এনে বিপজ্জনক পৰিস্থিতিৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ হাতত বিকল্প পথ নাই সেয়া স্বাস্থ্যমন্ত্রীগৰাকীয়্ ইতিমধ্যে ব্যক্ত কৰিছে৷ স্বাস্থ্যমন্ত্রীগৰাকীয়্ সদৰী কৰিছে যে ক’ভিড–১৯ত গুৰুতৰভাৱে আক্রান্তসকলৰ বাবে ইতিমধ্যে আই চি ইউ আৰু অক্সিজেনৰ নাটনি হৈছে৷ ক’ভিড–১৯ৰ বিৰুদ্ধে ছমাহ ধৰি চলা যুঁজখনত সন্মুখৰ পৰা নেতৃত্ব দিয়া স্বাস্থ্যমন্ত্রী ড০ শর্মাৰ এনে সতর্কতাক ৰাজ্য চৰকাৰ তথা ৰাজ্যিক নির্বাচন আয়োগে তৎকালীনভাৱে গুৰুত্ব দিয়া উচিত৷ নির্বাচন আহিব আৰু যাব৷ পৰিস্থিতিৰ উন্নতি হোৱাৰ লগে লগে নির্বাচন প্রক্রিয়াৰ জৰিয়তে বিটিচিবাসীক ক্ষমতা প্রদান কৰাটো চৰকাৰৰ গুৰু দায়িত্ব৷ কিন্তু ৰাজ্যবাসীক পণবন্দী কৰি যদিহে বিটিচি নির্বাচন অনুষ্ঠিত কৰাৰ নামত নিতৌ জনসভা অনুষ্ঠিত কৰা হয়, ক’ভিড–১৯ৰ প্রট’কল দেখদেখকৈ উলংঘা কৰা হয় তেন্তে ইয়াৰ নেতিবাচক প্রভাৱৰ পৰা ৰাজ্যবাসীয়ে কোনো কাৰণতে মুক্তি নাপাব৷ যদিহে সাম্প্রতিক সময়ত বিটিচিৰ নির্বাচন অনুষ্ঠিত কৰাটো ৰাজ্য চৰকাৰ অথবা ৰাজ্যিক নির্বাচন আয়োগে অপৰিহার্য বুলি গণ্য কৰিছে তেন্তে নির্বাচনী প্রচাৰৰ ক্ষেত্রত সামাজিক দূৰত্ব বর্তাই ৰখাৰ বাবে কঠোৰ নির্দেশনা বিটিচিতো বলৱৎ কৰা উচিত৷ জনসভাৰ জৰিয়তে ক্ষমতা প্রদর্শন কৰাৰ ৰাজনীতি শীঘ্রে বন্ধ কৰা উচিত৷

You might also like