নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন শীতল যুদ্ধ

বিশ্বৰ দুই মহাক্রমী শক্তি আমেৰিকা আৰু চীনৰ মাজত চলি থকা উত্তেজনাই পুনৰ শীতল যুদ্ধৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে৷ এই আশংকা ৰাষ্ট্রসংঘৰ সচিবপ্রধান এণ্ট’নি’ গুটেৰেছৰ৷ বিশ্বৰ সর্বোচ্চ সংস্থাটোৰ মুৰব্বীগৰাকীয়ে ইয়াৰ মজিয়াত সতর্কবাণী কৰিছে যে দুয়োখন দেশৰ মাজত বৃদ্ধি পোৱা উত্তেজনাই সমগ্র পৃথিৱী গ্রহক অস্থিৰ কৰিব পাৰে৷ ৭৫সংখ্যক বার্ষিক সন্মিলনত ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদত গুটেৰেছে এই আশংকা প্রকাশ কৰাৰ লগে লগে ইণ্ডোনেছিয়া, ফিলিপাইনছ আৰু ফ্রান্সৰ শীর্ষ নেতৃত্বয়ো আমেৰিকা–চীনৰ বৈৰিতাই বিশ্বৰ শান্তি আৰু সুস্থিৰতালৈ ভাবুকি কঢ়িয়াই অনা বুলি ঘোষণা কৰিছে৷ ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদৰ ৭৫সংখ্যক সন্মিলন মূলতঃ ক’ভিড–১৯ সংকটৰ বাবে ভার্চুৱেলী অনুষ্ঠিত কৰা হৈছে৷ সংস্থাটোৰ ৭৫ বছৰীয়া ইতিহাসত প্রথমবাৰলৈ সাধাৰণ বিতর্ক ভার্চুৱেলী অনুষ্ঠিত হৈছে৷ বিশ্ব নেতৃত্বই ক’ভিড–১৯ সংকট সন্দর্ভত আলোকপাত কৰাৰ সময়তে বাৰে বাৰে চীন–আমেৰিকাৰ মতানৈক্য অধিক ভয়াৱহ হোৱা বুলি ঘোষণা কৰা হৈছে৷ বাণিজ্যিক যুদ্ধৰ পৰা আৰম্ভ কৰি ক’ভিড মহামাৰীকেন্দ্রিক বিষয় লৈ চীন আৰু আমেৰিকাৰ মাজত চলি আছে তীব্র মতানৈক্য৷ বিশ্বৰ দুই ছুপাৰ পাৱাৰৰ এনে মতানৈক্য কোনো কাৰণতে গ্রহণযোগ্য নহয় বুলি ঘোষণা কৰি ৰাষ্ট্রসংঘৰ মুৰব্বীগৰাকীয়ে বিশ্ববাসীক নতুন শীতল যুদ্ধৰ পৰা আঁতৰি থকাৰ বাবে সকলো ব্যৱস্থা গ্রহণ কৰিব লাগে বুলিও আহ্বান জনাইছে৷ আজিৰ মুহূর্তত বিশ্বৰ দুই বৃহত্তম অর্থনীতি দুটা শিবিৰত বিভক্ত হৈ পৰিলে ভৱিষ্যৎ অতি ভয়ংকৰ হৈ পৰিব পাৰে৷ লক্ষণীয়ভাৱে আধুনিক বিজ্ঞান–প্রযুক্তিত দুয়োখন দেশেই আগবঢ়া৷ বাণিজ্য তথা বিত্তীয় ব্যৱস্থাত আছে দুয়োখন দেশৰ অবাধ দখল৷ ইয়াৰ উপৰি ইণ্টাৰনেট সেৱাৰ পৰা আৰম্ভ কৰি কৃত্রিম মেধা (এ আই)ৰ প্রয়োগলৈকে সকলোতে দুয়োখন দেশে নিজৰ নিজৰ ক্ষেত্র তৈয়াৰ কৰি লৈছে৷ গতিকে এই দেশ দুখনৰ মাজত সৃষ্টি হ’ব পৰা শীতল যুদ্ধৰ ভয়াৱহ পৰিণতি দীর্ঘদিনলৈ বহন কৰিব লাগিব পৃথিৱীবাসীয়ে৷ এনে পৰিস্থিতিত স্বাভাৱিকতে আতংকিত হৈছে ৰাষ্ট্রসংঘৰ সচিবপ্রধানগৰাকী৷
বিগত দুটা দশকৰ ভিতৰত বিশ্বজুৰি বাণিজ্যিক ক্ষেত্রত সম্প্রসাৰণবাদৰ নতুন নীতি গ্রহণ কৰিছে চীনে৷ দেশখনৰ এনে অবাধ বাণিজ্যিক সম্প্রসাৰণবাদত ক্ষুব্ধ ৱাশ্বিংটন প্রশাসন৷ ইয়াৰ উপৰি বিভিন্ন বিবদমান আৰু গুৰুত্বপূর্ণ অঞ্চলত ক্রমাৎ বৃদ্ধি পাইছে চীনৰ আধিপত্যবাদ৷ দক্ষিণ চীন সাগৰীয় অঞ্চলকে ধৰি এছিয়াৰ বিভিন্ন স্থানত আধিপত্য বিস্তাৰ কৰিছে বেইজিং প্রশাসনে৷ ইয়াৰ ফলত এছিয়াৰ কেইবাখনো দেশ ক্ষুব্ধ হৈছে৷ ভাৰত মহাসাগৰীয় অঞ্চলতো চীনৰ অবাধ বিচৰণে আন্তর্জাতিক জলপৰিবহণলৈ নমাই আনিছে প্রত্যাহ্বান৷ ইফালে সামুদ্রিক অঞ্চলত চীনৰ এই নিয়ন্ত্রণহীন বিচৰণে ইউৰোপ আৰু আমেৰিকাৰ বাণিজ্যলৈও নতুন প্রত্যাহ্বান কঢ়িয়াই আনিছে৷ একে সময়তে হংকঙৰ ওপৰত চীনে নতুন নিৰাপত্তা আইন জাপি দি ইউৰোপ আৰু আমেৰিকাত সৃষ্টি কৰিছে প্রতিক্রিয়া৷ এছিয়াৰ সমৃদ্ধিশালী চহৰখনৰ অস্তিত্বলৈ বেইজিং প্রশাসনে ভাবুকি কঢ়িয়াই অনা বুলি অভিযোগ কৰি ইতিমধ্যে ৱাশ্বিংটনে দেশখনৰ কেইবাগৰাকীও শীর্ষ বিষয়াৰ বিৰুদ্ধে আৰোপ কৰিছে নিষেধাজ্ঞা৷ সমান্তৰালকৈ দুয়োখন দেশে বিভিন্ন সামগ্রীৰ ওপৰত আমদানি শুল্ক বৃদ্ধি কৰি হিংসা–প্রতিহিংসাৰ জুইকুৰাত ইন্ধন যোগাইছে৷ একপ্রকাৰ দুয়োখন দেশৰ মাজত সূচনা হৈছে নতুন শীতল যুদ্ধৰ৷ ক’ভিড–১৯ মহামাৰী চীনৰ ৱুহানৰ পৰীক্ষাগাৰৰ পৰা কৌশলেৰে বিশ্বজুৰি বিয়পাই দিয়া বুলি অভিযোগ কৰি আছে আমেৰিকাই৷ লক্ষণীয়ভাৱে এই মহামাৰীত আমেৰিকাত এতিয়ালৈকে দুই লক্ষাধিক লোকে প্রাণ হেৰুৱাইছে৷ অৱশ্যে গুটেৰেছে চীন–আমেৰিকাৰ মাজত শীতল যুদ্ধ আশংকা কৰিছে যদিও বেইজিং প্রশাসনে তাক অগ্রাহ্য কৰিছে৷ চীনা ৰাষ্ট্রপতি ঝি জিনপিঙে ৰাষ্ট্রসংঘৰ ৭৫সংখ্যক সন্মিলনত নিজ ভাষণত উল্লেখ কৰিছে যে কোনোধৰণৰ শীতল যুদ্ধত প্রৱেশ কৰাৰ অভিপ্রায় নাই চীনৰ৷ ইয়াৰ বিপৰীতে চীনে সকলো ধৰণৰ সমস্যাৰ অন্ত পেলাবলৈ বিশ্বজুৰি একতা আৰু সহযোগিতা বিচাৰে বুলি ঘোষণাহে কৰিছে জিনপিঙে৷ কিন্তু ৰাষ্ট্রপতিগৰাকীয়ে এই বক্তব্যত পতিয়ন যোৱা নাই বিশ্ব নেতৃত্ব৷

You might also like