নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড–১৯ৰ বাবে বায়ু প্রদূষণ হ্রাস পাইছে চীনত

নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ ক’ভিড–১৯ মহামাৰীৰ বাবে চীনত বায়ু প্রদুষণ ১০.৮ শতাংশৰ ভিতৰত হ্রাস পাইছে৷ উল্লেখনীয় যে হাঁওফাঁওৰ ক্ষতি কৰিব পৰা উপাদান, যাক পি এম ২.৫ বুলি জনা যায়, সেয়া জানুৱাৰীৰ পৰা জুলাই মাহৰ ভিতৰত দেশখনৰ বিভিন্ন চহৰত হ্রাস পাইছে৷

অৱশ্যে বিশ্ব স্বাস্থ্য সংস্থাই বায়ু প্রদূষণৰ ক্ষেত্রত যি বিপদসীমাৰ কথা উল্লেখ কৰিছে, এতিয়াও তাৰ ওপৰতেই আছে চীনৰ বায়ুমণ্ডলৰ প্রদূষণ৷ বিগত সাতটা মাহত দেশখনত উদ্যোগ–প্রতিষ্ঠানসম্ বন্ধ হৈ থকাৰ ফলত বিষাক্ত বায়ু নির্গমনৰ হাৰ অভাৱনীয়ভাৱে হ্রাস পাইছে৷ ফলত বায়ু প্রদূষিত চহৰ হিচাপে পৰিচিত বেইজিঙৰ আকাশ যথেষ্ট স্বচ্ছ হৈছে এই মাহকেইটাত৷ ক’ভিড–১৯ মহামাৰীয়ে অকল চীন বুলিয়েই নহয়, বিশ্বৰ বিভিন্ন দেশত বায়ু প্রদূষণৰ মাত্রা হ্রাস কৰিছে৷

You might also like