নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৪-২৫ ফেব্ৰুৱাৰীত ভাৰতলৈ আহিব ডনাল্ড ট্ৰাম্প

নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে অহা ২৪-২৫ ফেব্ৰুৱাৰীত ভাৰত ভ্ৰমণলৈ আহিব । এই যাত্ৰাত তেওঁক সংগ দিব তেওঁৰ পত্নী তথা আমেৰিকাৰ ফাৰ্ষ্ট লেডী মেলেনিয়া ট্ৰাম্পে । এই ভাৰত ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি ট্ৰাম্পে দিল্লীৰ লগতে প্ৰধানমন্ত্ৰী মোদীৰ গৃহচহৰ গুজৰাটৰ আহমেদাবাদো ভ্ৰমণ কৰিব ।

উল্লেখ্য যে যোৱা দুটা দশকত কোনো মাৰ্কিন ৰাষ্ট্ৰ প্ৰমুখে ভাৰত ভ্ৰমণ কৰা ঘটনা মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পকে ধৰি পঞ্চমটো যাত্ৰা হ’ব । ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি বিল ক্লিণ্টনে ২০০০ চনত, জৰ্জ বুছে ২০০৫ চনত আৰু বাৰাক ওবামাই ২০১০ আৰু ২০১৫ চনত ভাৰত ভ্ৰমণ কৰিছিল ।

You might also like