নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ বছৰীয়া তৰুণী নুৰিয়াৰ কাহিনীয়ে জোকাৰিছে বিশ্ব

নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ কেইবাদশক ধৰি যুদ্ধ–সংঘর্ষ অব্যাহত থকা আফগানিস্তানত বহু কিশোৰ–কিশোৰীয়ে আত্মৰক্ষাৰ বাবে হাতত তুলিবলগীয়া হৈছে মাৰণাস্ত্র৷ শেহতীয়াকৈ ১৫ বছৰীয়া কিশোৰী নুৰিয়াৰ কাহিনীয়ে দেশখনৰ সংবাদ মাধ্যমত সৃষ্টি কৰিছে আলোড়ন৷ কিশোৰী নুৰিয়াই পৰিয়ালক আক্রমণ কৰিবলৈ অহা দুজন লোকক হত্যা কৰাৰ উপৰি আন এজনক গুৰুতৰভাৱে আহত কৰে৷

হাতত এ কে–৪৭ লৈ যোৱা মাহত পার্বত্য অঞ্চলৰ গাঁৱৰ বাসগৃহত স্বামীৰ সৈতে দুজন লোকে আক্রমণ কৰিবলৈ আহিছিল নুৰিয়াক৷ তেতিয়াই নুৰিয়াই সাহসিকতাৰ পৰিচয় দি পিতৃ–মাতৃক ৰক্ষা কৰাৰ বাবে হাতত বন্দুক তুলি লয়৷ বি বি চিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত নুৰিয়াই উল্লেখ কৰিছে যে নিজ পিতৃ–মাতৃক ৰক্ষা কৰাৰ বাবে দুর্বৃত্তক সন্মুখৰ পৰা আক্রমণৰ গত্যন্তৰ নাছিল৷ শেহতীয়াকৈ নুৰিয়াৰ কাহিনীয়ে আফগানিস্তানত যুদ্ধ–সংঘর্ষই কেনেদৰে কিশোৰ–কিশোৰীসকলক হাতত অস্ত্র তুলি ল’বলৈ বাধ্য কৰাইছে, তাৰেই প্রতিফলন ঘটাইছে৷

You might also like