নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬৪ দিনে যুঁজি হৰুৱালে ক’ৰোনাক, কিন্তু হেৰুৱালে দুয়োখন হাতৰ আঙুলি…

নিয়মীয়া বাৰ্তা, ৮ আগষ্ট: ক’ৰোনাৰ ফলত কেৱল দেহৰ অভ্যন্তৰীণ অংগই নহয়, বাহ্যিক অংগও হ’ব পাৰে ক্ষতি । কেলিফৰ্নিয়াৰ গ্ৰেগ গাৰফীল্ড নামৰ ৫৪ বছৰীয়া লোকজনে ফেব্ৰুৱাৰীত কামৰ সংক্ৰান্তত ইটালীলৈ গৈছিল । আধাবাটতে তেওঁ অসুস্থ হৈ পৰাত হাস্পতাললৈ লৈ যোৱাৰ পাছত গম পোৱা যায় যে তেওঁ ক’ৰোনা পজিটিভ । যাৰ পাছত তেওঁ হাস্পতালতে প্ৰায় ৩১ দিন ভেণ্টিলেটৰত থাকিব লগীয়া হয় । মুঠ ৬৪ দিন হাস্পতালত থাকি অৱশেষত ক’ৰোনাক জয় কৰে গ্ৰেগ গাৰফীল্ডে ।

কিন্তু অতি দুখজনক খবৰ এয়ে যে ক’ৰোনাৰ সৈতে গ্ৰেগৰ এই ৬৪ দিনীয়া যুঁজখনত তেওঁ হেৰুৱাব লগীয়া হয় আটাইকেইটা আঙুলি । গ্ৰেগৰ চিকিৎসকে জনোৱা মতে ক’ৰোনা ভাইৰাছে হৃদপিণ্ড, কিডনীৰ লগতে মানৱ শৰীৰৰ হাত-ভৰিকো ক্ষতি কৰিব পাৰে । গ্ৰেগৰ ক্ষেত্ৰতো থিক অনুৰূপ ঘটনাই ঘটিল ।

You might also like